খাৰঘুলিত ব্ৰহ্মপুত্ৰত উটি যোৱা আৰু এজনৰ মৃতদেহ উদ্ধাৰ
নদীৰ এটা অংশ পাৰ হৈ সিহঁতে বালিৰ চৰত উপস্থিত হৈ বিপৰীত পাৰত থকা বন্ধুসকলক পানীত নামিবলৈ মানা কৰে, কিয়নো মাজভাগত পানী গভীৰ আছিল আৰু সোঁত অতি তীব্ৰ আছিল বুলি বিষয়াজনে জনায়
১০ ডিচেম্বৰত গুৱাহাটীৰ খাৰঘুলি অঞ্চলত ব্ৰহ্মপুত্ৰত উটি যোৱা চতুৰ্থ ব্যক্তিৰ মৃতদেহ বৃহস্পতিবাৰে উদ্ধাৰ কৰা হয়।
উদ্ধাৰ কৰা মৃতদেহটো উজান বজাৰৰ বাসিন্দা, কমল চৌধুৰীৰ পুত্ৰ অভিজিত চৌধুৰী (২১)ৰ বুলি চিনাক্ত কৰা হৈছে। ইয়াৰ সৈতে এই ঘটনাত উদ্ধাৰ হোৱা মৃতদেহৰ সংখ্যা চাৰিত উপনীত হৈছে।
ইয়াৰ পূৰ্বে, ১৭ ডিচেম্বৰত এনডিআৰএফৰ এটা দলে জাইকাৰ আইচিএ ৱাটাৰ প্ৰজেক্টৰ ইনটেক প্লান্টৰ ওচৰত হাৰিয়ানাৰ গুৰগাঁৱৰ বাসিন্দা সাগৰ গৌতমৰ মৃতদেহ উদ্ধাৰ কৰিছিল।
ইয়াৰ আগতে বঙাইগাঁৱৰ ৰোনাক চাডাক আৰু বিশ্বনাথ চাৰিআলিৰ প্ৰতাপ ৰাই (১৮)ৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।
১০ ডিচেম্বৰৰ বুধবাৰে পুৱা খাৰঘুলিত ব্ৰহ্মপুত্ৰৰ পাৰত স্নান কৰিবলৈ নামি তীব্ৰ পানীৰ সোঁতত উটি যোৱাৰ ফলত মুঠ পাঁচজন লোক নিখোজ হৈছিল।
বিশ্বনাথ চাৰিআলিৰ বাসিন্দা উপেশ কুমাৰ (৪৩) এতিয়াও নিখোজ হৈ আছে। এনডিআৰএফ আৰু এছডিআৰএফৰ ডুবাৰু দলে উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে যদিও তেওঁক জীৱিত অৱস্থাত উদ্ধাৰ কৰাৰ সম্ভাৱনা দিনে দিনে কমি আহিছে।
ঘটনাৰ দিনটোত এনডিআৰএফৰ এজন বিষয়াই জনোৱা মতে, আমেৰিকান নাগৰিক এজন আৰু ভাৰতীয় বংশোদ্ভূত দুজন অষ্ট্ৰেলিয়ান নাগৰিকসহ মুঠ ৯জনীয়া এটা দল খাৰঘুলি পাহাৰত অৱস্থিত কৃষ্ণ মন্দিৰ ‘ভক্তি কুটীৰ’ দৰ্শনৰ পিছত নদীৰ পাৰত স্নান কৰিবলৈ গৈছিল।
তেওঁলোকৰ ভিতৰত ভালকৈ সাঁতোৰ জানিছিল বুলি তিনিজনে নদীৰ মাজলৈ নামিছিল।
নদীৰ এটা অংশ পাৰ হৈ সিহঁতে বালিৰ চৰত উপস্থিত হৈ বিপৰীত পাৰত থকা বন্ধুসকলক পানীত নামিবলৈ মানা কৰে, কিয়নো মাজভাগত পানী গভীৰ আছিল আৰু সোঁত অতি তীব্ৰ আছিল বুলি বিষয়াজনে জনায়।
কিন্তু বাকী দলটোৱে সেই সতৰ্কবাণীক গুৰুত্ব নিদি পানীত নামি পৰে। কিছু মিনিটৰ ভিতৰতে ছয়জন লোক তীব্ৰ পানীৰ সোঁতত পৰি উটি যায়। তাৰে এজন কোনোমতে পাৰলৈ উভতি আহিবলৈ সক্ষম হয় যদিও বাকী পাঁচজন উটি যায়।
নিৰাপদে পাৰলৈ উভতি অহা চাৰিজনৰ ভিতৰত তিনিজন হৈছে— আমেৰিকান নাগৰিক জেকব নুটছেন, প্ৰণৱ নায়াৰ আৰু কেশৱ বাৰ্মা।
ডিজিটেল ডেস্ক, ১৮ ডিচেম্বৰ