বিশেষ বাৰ্তা, ৫ জুনঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জালুকবাৰী সমষ্টিৰ অন্তৰ্গত ধোপাতাৰী গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত আঠিয়াবৈৰ একাংশ উদীয়মান কৃষক দ্বাৰা সংগঠিত “আকাংক্ষা কৃষি গোট”ৰ সহযোগত তথা বিজেপিৰ ৰাজ্যিক কৃষক মৰ্চাৰ উদ্যোগত অনুষ্ঠিত কৰা “বিশ্ব পৰিবেশ দিৱস”ত আজি ৰাজ্যিক কৃষক মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যৰ নেতৃত্বত গছপুলি ৰোপণ আৰু কঠীয়া সিঁচা কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠানত ৰাজ্যিক কৃষক মৰ্চাৰ সম্পাদক নিবাৰণ লহকৰৰ সহিতে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰশ্মি প্ৰতাপ, আকাংক্ষা গোটৰ সভাপতি প্ৰমুখ্যে সমূহ সদস্য বৃন্দৰ আৰু উক্ত অঞ্চলৰ কৃষক ৰাইজ উপস্থিত থাকে ।
প্ৰেৰক দিলীপ মেধি