নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধেমাজিৰ পাণবাৰীত অৰুণাচলীৰ গুলীবৰ্ষণত দুই অসমীয়াৰ মৃত্যু

বাৰ্তা ব্যুৰ’, ৫ জুন : ধেমাজিৰ অসম অৰুণাচল  সীমান্তৱৰ্তী জয়ৰামপুৰ পানবাৰীত চলি থকা  দীৰ্ঘদিনীয়া সীমা সমস্যাই চূড়ান্ত ৰূপ ললে বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ৷ সীমা সমস্যাক লৈ এই অঞ্চলত অসম অৰুণাচল দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী লোক সকলৰ মাজত সঘনে সংঘাত হৈ থকাৰ কথা সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈ আহিছিল ৷ দীৰ্ঘদিন ধৰি সীমা সমস্যাত আক্ৰান্ত  দুয়োখন ৰাজ্যৰ সীমামূৰীয়া অঞ্চলৰ লোকসকলৰ সংঘাতৰ প্ৰতি চৰকাৰে কৰ্ণপাত নকৰাৰ বাবে আজি ভয়ংকৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ সময় তেতিয়া দিনৰ প্ৰায় ১০.৩০ বাজিছিল। বিশ্ব পৰিৱেশ দিৱসৰ দিনটোত ধেমাজিৰ জয়ৰামপুৰ পানবাৰীত জয়ৰামপুৰ  পানবাৰী সীমান্তৱৰ্তী ভুমি সুৰক্ষা সমিতি নামৰ সংগঠনৰ উদ্যোগত বৃক্ষৰোপন  কাৰ্যসূচী চলি থকা  অৱস্থাত একাংশ অৰুণাচলী দুৰ্বৃত্তই হাতে হাতে পিষ্টল লৈ এখন বলেৰো পিকাপ গাড়ীত আহি নিৰ্বিচাৰে যধে মধে গুলীচালনা কৰে| হৰ্ঠাতে তত ধৰিব নোৱাৰি বৃক্ষৰোপন কৰি থকা লোকসলক যেনি তেনি দৌৰি পলাবলৈ চেষ্টা কৰে। নিৰ্বিচাৰ গুলিবৰ্ষণৰ ফলত ২ জন লোক গুলীবৃদ্ধ হোৱাৰ উপৰিও ২ জন লোকক দাৰে অৰুণাচলী দুৰ্বৃত্তই আঘাই কৰাৰ ফলত আহত হয়। অৰুণাচলীৰ গুলীবৰ্ষণত থিতাতে নিহত হয় বগা চেতিয়া নামৰ লোকজন আৰু ধেমাজি অসামৰিক চিকিৎস্যালয়লে লৈ যোৱা অৱস্থাত মৃত্যু হয় মনিতু গগৈ নামৰ লোকজন ৷ আনহাতে অৰুণাচলীৰ দা ৰ ঘাপত আহত পুস্প গগৈ আৰু অকনি গোঁহাই নামৰ লোকদুজন ধেমাজি অসামৰিক চিকিৎস্যালয়ত এতিয়াও  চিকিৎস্যাধীন হৈ আছে৷ ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে কয়, আমি একো তত ধৰিবই নোৱাৰিলো। তেওঁলোকে দলে বলে আহি যি গুলীচালনা কৰিলে ভয়তে সকলোৱে পলাবলৈ ধৰিলে। অৰুণাচলী দুৰ্বৃত্তই গুলী চালনা কৰাৰ পিছতো আমাৰে মাজৰে কেওজনক দাৰে আক্ৰমন কৰে। যিয়ে যেনি পাৰে পলায়ন কৰোতেওঁ বহু লোক আহত হৈছে। এই স্থানত ইয়াৰ পূৰ্বেও অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমনৰ ঘটনা হৈয়ে আছে কিন্তু অসম চৰকাৰ বা প্ৰশাসনে কোনোদিনে গুৰুত্ব প্ৰদান কৰি অহা নাই| অৰুণাচল প্ৰশাসনে যিদৰে কয়, অসমৰ প্ৰশাসনে তাকেই শুনি আহিছ| তাৰে বাবেই আজি এনে যটিল ৰূপ ধাৰণ কৰিছে পানবাৰী অঞ্চলত।

প্ৰেৰক ভাস্কৰ সভাপণ্ডিত

You might also like