নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু-কাশ্মীৰত দুৰ্ঘটনাত পতিত হৈ চৰাইবাহীৰ জোৱানৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ২৭ মাৰ্চঃ আজি পুৱাই জম্মু-কাশ্মীৰত কৰ্মৰত মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চলৰ ভোমোৰাগুৰি গাঁৱৰ তুলসী শইকীয়া নামৰ জোৱানজন এটি দুৰ্ঘটনাত পতিত হৈ মৃত্যু হোৱা খবৰে সমগ্ৰ চৰাইবাহী অঞ্চলতে শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে৷ ঘটনা সন্দৰ্ভত জানিব পৰা মতে চৰাইবাহী অঞ্চলৰ ভোমোৰাগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক বুলন শইকীয়াৰ পুত্ৰ তুলসী শইকীয়াই জম্মু-কাশ্মীৰৰ ৰেচিপৰা, চপিয়নত CRPFৰ মুখ্য কাৰ্যালয়ত C/178 BNত কৰ্মৰত আছিল। আজি পুৱাই কৰ্মৰত অৱস্থাতে এটি দুৰ্ঘটনাত পতিত হৈ জোৱানজনে মৃত্যুক সাৱটি লব লগা হোৱাত তেওঁৰ জন্মভূমি চৰাইবাহী ভোমোৰাগুৰিত শোকৰ ছাঁ পৰে৷ কাইলৈ জোৱানজনক নিজ গৃহত সামৰিক সন্মানেৰে অন্তোষ্টিক্ৰিয়া সম্পন্ন কৰিব ৷
প্ৰেৰক মানস নাথ
You might also like