নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আহোম ঐতিহ্যত আঘাত : শিৱসাগৰৰ জয়সাগৰ পুখুৰীপাৰত মুক্ত যৌন অভিসাৰ!

নিয়মীয়া বাৰ্তা, ২৮ মেঃ মহা সতী জয়মতীৰ অমৰ স্মৃৰ্তিৰে উজ্জীৱিত তথা দেশী-বিদেশী পৰ্য্যটকক হাত বাউলী দি মাতি থকা ঐতিহাসিক জয়সাগৰ পুখুৰীৰ দক্ষিণ পাৰে প্ৰতিদিনেই বিয়লিৰ পৰা নিশা লৈকে মুক্ত যৌনাচাৰ-সুৰা-ড্ৰাগছৰ ৰমৰমীয়া বেহা গঢ়ি উঠাৰ ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ প্ৰতিদিনেই দেশী বিদেশী পৰ্য্যটকে গিজ-গিজাই থকা ইতিহাস প্ৰসিদ্ধ পুখুৰীটোৰ এটা অংশত এনেদৰে সুৰা-ড্ৰাগছ আৰু পথ ভ্ৰষ্ট একাংশ যুৱক যুৱতীয়ে মুক্ত যৌনাচাৰৰ অভিকেন্দ্ৰত পৰিণত কৰাৰ ঘটনাক লৈয়েই সৃষ্টি হৈছে এই প্ৰতিক্ৰিয়াৰ৷ আন নালাগে শেহতীয়াকৈ পৰিস্থিতি ইমানেই অৱণতি ঘটিছে যে, পুখুৰীৰ নৈসৰ্গিক পৰিৱেশ উপভোগ কৰিবলৈ যোৱা পৰ্য্যটক- দৰ্শনাৰ্থী, সান্ধ্য ভ্ৰমণকাৰী আৰু পুখুৰীৰ পাৰত থকা নৱ নিৰ্মিত ৰুদ্ৰসিং উদ্যাণত সাময়িক বিনোদনৰ বাবে শিশু সকলক লৈ যোৱা অভিভাৱক সকলে মুখ ঢ়াকি সেই স্থান অতিক্ৰম কৰাৰ দৰে ঘটনা সংঘটিত হৈছে ৷আন নালাগে পৰ্য্যটক-দৰ্শনাৰ্থী আৰু উদ্যাণলৈ যোৱা অভিভাৱক সকলে নিজৰ সন্তানৰ পৰা এই নিৰ্লজ দৃশ্য লুকুৱাবলৈ পুখুৰীৰ আধা অংশৰ পৰাই উভতি আহিব লগীয়াৰ দৰে ঘটনা সংঘটিত হৈছে ৷ অথচ ড্ৰাগছ-সুৰা-যৌন অভিসাৰৰ অভিকেন্দ্ৰত পৰিণত সেই স্থানটোৰ পৰা জয়সাগৰ আৰক্ষী চকীলৈ দুৰত্ব মাথো পাঁচশ মিটাৰ ৷ ইয়াৰোপৰি সেই একেটা স্থানতেই আছে চি আৰ পি এফৰ এটা মখ্য শিবিৰ৷ ইমান এক স্পৰ্শকাতৰ এলেকাত কি দৰে এই অসাধু চক্ৰটোৱে এনেদৰে বিয়লিৰ পৰা দুপৰ নিশা লৈকে এই কূকাৰ্য্য অব্যাহত ৰাখিবলৈ সক্ষম হৈছে তাক লৈ প্ৰশ্ন উত্থাপন হোৱাৰ লগতে আৰক্ষীৰ ভূমিকাৰ প্ৰতিও সন্দেহৰ সৃষ্টি হৈছে ৷স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত সংবাদ মাধ্যমৰ তৰফৰ পৰা আজি নিশা চলোৱা চৰজমিন অনুসন্ধানত পৰিলক্ষিত হৈছে পুখুৰীৰ পাৰৰ প্ৰায় সাতশ মিটাৰ দৈঘ্যৰ এলেকাত চলি থকা বেহাৰ তথ্য৷  জানিব পৰা মতে জয়সাগৰ পুখুৰীৰ পাৰত থকা ৰাজ্যখনৰ ভিতৰতেই লেখত লবলগীয়া জয়সাগৰ অভ্যাসন প্ৰাথমিক বিদ্যালয়ৰ সমীপৰ পৰা ৰুদ্ৰ সিংহ উদ্যাণৰ সমীপলৈকে গছৰ তলে তলে চলে এই অবাধ বেহা ৷প্ৰতিটো স্থানতেই চাৰি পাঁচ খনকৈ বাইক ৰখাই যুৱকৰ দলে মুকলিকৈ সুৰা- ড্ৰাগছ সেৱন কৰাতো সাধাৰণ কথাত পৰিণত হৈছে ৷ঘোপ মৰা অন্ধকাৰত বছৰৰ বাৰ মাহেই ডুব গৈ থকা এই অংশটোলৈ কোনো দিনেই নাযায় আৰক্ষীৰ তহলদাৰী দল ৷যাৰ বাবে জিলাখনৰ ভিতৰতেই সবাটোতকৈ সুৰক্ষিত স্থান হিচাবে পৰিচিত এই অংশটোতেই চলে ড্ৰাগছ ক্ৰয় – বিক্ৰয়ৰ এখন মুকলি বজাৰ ৷কিছু দিনৰ পুৰ্বে জয়সাগৰৰ এটা পেট্ৰল পাম্পৰ শৌচালয়ত এই বেহা চলাওতেই কৰ্মচাৰীয়ে উত্তম মাধ্যম শোধাই আৰক্ষীক গতাই দিয়াৰ পিছত সেই চক্ৰটোৱেও এতিয়া পুখুৰীটোৰ পাৰতেই চলাইছে এই বেহা ৷বিশেষকৈ পুখুৰীৰ কোণত থকা ৱাৰ্টচ টাৱাৰটোৰ ওপৰত সৰু সৰু গোটত বিভক্ত হৈ ড্ৰাগছ সেৱনকাৰী দলে বাহৰ পতাৰ বিপৰীতে কাষতে থকা এখন পৰিত্যক্ত স্মশানৰ জিৰণী চৰাতো এই অসাধু চক্ৰটোৱে বাহৰ পাতি এই বেহা চলোৱাৰ অভিযোগ উঠিছে ৷ ইফালে বিলাসী চাৰি চকীয়া বাহন লৈ সেই স্থানত ঘন্টা ঘন্টা ধৰি গাড়ীৰ ভিতৰত একাংশ যুৱক-যুৱতীয়ে মুক্ত যৌনাচাৰত লিপ্ত হোৱাৰ ঘটনা সংঘটিত হৈ আহিছে ৷আচৰিত যেন লাগিলেও সত্য যে পুখুৰীৰ পাৰৰ সেই অংশটোত পাৰ্কিং কৰি থোৱা বাহণ সমুহ দেখিলে প্ৰথম অৱস্থাত দৰ্শনাৰ্থী বুলিয়েই সন্দেহ উপজিব যদিও ভালকৈ প্ৰতক্ষ্য কৰিলেই স্পষ্ট হয় ভিতৰৰ যৌনাচাৰৰ প্ৰকৃত ছবি খন৷ আনহাতে সুৰাপান কৰা-ড্ৰাগছ সেৱন কৰা যুৱক সকলে সুৰাৰ বটল, চিৰিঞ্জ সমুহ পুখুৰীলৈ নিক্ষেপ কৰি পুখুৰীটো অপৰিস্কাৰ কৰি তুলিছে ৷ মুকলিকৈ বহা সুৰাৰ আড্ডাত ব্যৱহৃৰ্ত প্লাষ্টিকৰ গিলাচ, পানীৰ বটল, চিপচৰ পেকেট সমুহ পুখুৰীলৈ নিক্ষেপ কৰি আক্ষুৰিক আনন্দ লভা এই চক্ৰটোৰ অতপালিৰ বাবেই বিয়লীৰ ভাগত সান্ধ্য ভ্ৰমণ কৰিবলৈ যোৱা পুৰুষ – মহিলা সকলে সেই স্থান পোৱাৰ পুৰ্বেই অজান আশংকাত উভতি আহিবলৈ বাধ্য হয় ৷কিন্তু অতি দুৰ্ভাগ্যজনক ভাৱে আহোম ঐতিহ্যৰ হৃদ পিণ্ড স্বৰূপ জয়সাগৰ পুখুৰীৰ পাৰত আহোম ঐতিহ্যক অপমান কৰি চলি থকা মুক্ত ড্ৰাগছ – সুৰা – যৌনাচাৰৰ লীলা চলি অহাৰ অভিযোগ লাভ কৰাৰ পিছতো কিয় শিৱসাগৰ আৰক্ষী প্ৰশাসন নিমাত সেইয়াহে লাখ টকীয়া প্ৰশ্ন হিচাবে বিবেচিত হৈছে ৷স্মৰ্তব্য যে,জয়সাগৰ পুখুৰীৰ পাৰত থকা শিৱসাগৰ মহাবিদ্যালয়ৰ ছাত্ৰা বাস- ছাত্ৰী নিবাসৰ শিক্ষাৰ্থী সকলেও বিয়লীৰ ভাগত সান্ধ্য ভ্ৰমণ কৰাৰ পৰাও এই অসাধু চক্ৰটোৰ অতপালীৰ বাবে বিৰত থাকিব লগীয়া হৈছে৷ বিশেষকৈ যান-বাহনৰ কোলাহুলৰ পৰা সম্পুৰ্ণৰূপে মুক্ত তথা এক সেউজীয়া প্ৰাকৃতিক পৰিবেশৰ আৱৃস্ত জয়সাগৰ পুখুৰীৰ পাৰত বিয়লীৰ ভাগত জাক জাক খেৱুৱৈৱে ব্যায়াম-শাৰিৰীক কচৰতেৰে এক বিনন্দীয়া পৰিৱেশৰ সৃষ্টি কৰে ৷কিন্তু বিয়লিৰ পৰা দুপৰ নিশা লৈকে সুৰা-ড্ৰাগছ-মুক্ত যৌনাচাৰৰ বাবে এতিয়া সেই অংশ অতিক্ৰম কৰিবৱৈ এশ বাৰ চিন্তা কৰে খেলুৱৈ সকলে ৷ সচেতন ৰাইজে শীঘ্ৰে পুখুৰীৰ পাৰৰ পৰা এই অসাধু চক্ৰৰ ঘাটী উৎখাত কৰি পুৰ্বৰ পৰিৱেশ ঘুৰাই আনিবলৈ দাবী জনোৱাৰ লগতে দল – সংগঠন সমুহকো এই ক্ষেত্ৰত বিহীত ব্যৱস্থাৰ বাবে আহব্বান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like