নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাৰ্ঘেৰিটা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সমাৰোহ “সম্পৰ্ক ২০২৩”

নিয়মীয়া বাৰ্তা, ২৮ মেঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সংস্থাৰ উদ্যোগত ‘সম্পৰ্ক ২০২৩’ শীৰ্ষক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান আজি দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পাছতেই মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত মুকলি সভাৰ বন্তি প্ৰজ্বলন, সমৱেত সংগীতৰ পাছতেই অনুষ্ঠিত হয় মুকলি সভা । প্ৰাক্তন ছাত্ৰ মানস প্ৰতিম গগৈ আৰু চিন্তু গগৈয়ে আঁ‌ত ধৰা অনুষ্ঠানৰ পৌৰেহিত্য কৰে মাৰ্ঘেৰিটা মহাবিদ্যালয় প্ৰাক্তন ছাত্ৰ সন্থাৰ সভাপতি সত্য ৰঞ্জন কাকতিয়ে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডা° প্ৰভাত শৰ্মা, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° অতনু কাকতি, মুখ্য বক্তা হিচাপে ড° শুভদ্বীপ চক্ৰৱৰ্তী, কলেজ শিক্ষক সংস্থাৰ সভাপতি যোগেন বৰা, অধ্যাপিকা চিমা কুৰ্মীয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰে। মুকলি সভাতে প্ৰাক্তন ছাত্ৰ মানস প্ৰতিম গগৈ আৰু চিন্তু গগৈক বিশেষ সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰাক্তন ছাত্ৰ সংস্থাৰ সম্পাদক অঞ্জন বৰদলৈক সম্বৰ্ধনা জনোৱা হয়। ইয়াৰ পাছতেই মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংস্থাৰ সভাত ২০২৩-২০২৮ বৰ্ষৰ বাবে সভাপতি মোলেন বৰুৱাক আৰু সম্পাদক হিচাপে মানস প্ৰতিম গগৈক নিৰ্বাচিত কৰাৰ লগতে ১১ জনীয় এখন শক্তিশালী সমিতি নিৰ্বাচন কৰি মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সংস্থাৰ নতুন সমিতিখন গঠন কৰা হয়।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like