নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দুৰ তিনিগুণ অধিক হাৰত ৰাজ্যত মুছলমানৰ জনসংখ্যা বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পাইছে মুছলমান জনসংখ্যা৷ আঠটা সমষ্টিত বিগত ১০ বছৰত ২২ শতাংশৰো অধিক বৃদ্ধি পাইছে মুছলমানৰ জনসংখ্যা৷ –এই তথ্য সদৰী কৰিছে মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যিক বিজেপিৰ উপ–সভাপতি বিধায়ক জয়ন্ত মল্ল বৰুৱাই৷ ৰাজনৈতিক সচিবগৰাকীৰ মতে শতিকাৰ প্রথমটো দশকত অসমত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ মুছলমান লোকৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দুগুণ আছিল যদিও বিগত দশকত এই বৃদ্ধিৰ হাৰ অস্বাভাৱিকভাৱে তিনি গুণলৈ বৃদ্ধি পাইছে৷

উল্লেখ্য যে ৰাষ্ট্রীয় সংবাদ মাধ্যম টাইমছ অৱ ইণ্ডিয়াৰ এক প্রতিবেদনত শেহতীয়াকৈ প্রকাশ পাইছিল যে ৰাজ্যখনত মুছলমান জনসংখ্যাৰ বৃদ্ধি দ্রুতগতিত হ্রাস পাইছে৷ নেচনেল ফেমিলী হেল্থ ছার্ভে (এন এফ এইচ এছ) ৫ তথ্যৰ আধাৰত প্রকাশ পোৱা এই প্রতিবেদন নাকচ কৰি জয়ন্ত মল্ল বৰুৱাই সোমবাৰে এখন সংবাদ মেলত কয় যে লোকপিয়লৰ তথ্য অনুসৰি ১৯৯১–২০০১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যাৰ বৃদ্ধিৰ হাৰ ১৪.৯ শতাংশ হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যাৰ বৃদ্ধিৰ হাৰ আছিল ২৯.৩ শতাংশ৷ অর্থাৎ এই ১০ বছৰত হিন্দু জনসংখ্যা বৃদ্ধিৰ দুগুণ হাৰত মুছলমান জনসংখ্যা বৃদ্ধি পাইছিল৷

আনহাতে, ২০০১–২০১১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১০.৯ শতাংশ হ্রাস পোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৬ শতাংশলৈ বৃদ্ধি পায়৷ অর্থাৎ এই ১০ বছৰত হিন্দু জনসংখ্যা বৃদ্ধিৰ তিনিগুণ অধিক হাৰত অসমত মুছলমান জনসংখ্যাৰ বৃদ্ধি ঘটিছে৷ টাইমছ অৱ ইণ্ডিয়া কাকতৰ শেহতীয়া বাতৰিৰ উদ্ধৃতি দি জয়ন্ত মল্ল বৰুৱাই কয়– এই কাকতখনতে ২০১৫ চনৰ ২২ জানুৱাৰীত লোকপিয়লৰ আধাৰত আন এক প্রতিবেদনত প্রকাশ পাইছিল যে অসমৰ মুছলমান জনসংখ্যা দেশৰ ভিতৰতে সর্বাধিক হাৰত বৃদ্ধি পাইছে৷ এতিয়া একেখন কাকতে এন এফ এইচ এছৰ তথ্যৰ দ্বাৰা স্ববিৰোধী বক্তব্য প্রকাশ কৰাটো ৰহস্যজনক৷

লোকপিয়লৰ তথ্য মতে ১৯৭১ চনত অসমৰ মুঠ জনসংখ্যাৰ ৭২.৫২ শতাংশ হিন্দু হোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা আছিল ২৪.৫৬ শতাংশ৷ কিন্তু ২০১১ চনত ৰাজ্যৰ হিন্দু জনসংখ্যা ৬১.৪৬ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলমান জনসংখ্যা বৃদ্ধি পায় ৩৪.২২ শতাংশলৈ৷ ১৯৭১ চনত অসমত মুছলমান সংখ্যাগৰিষ্ঠ জিলা দুখন হোৱাৰ বিপৰীতে ২০১১ চনত মুছলমান সংখ্যাগৰিষ্ঠ জিলাৰ সংখ্যা ১০খনলৈ বৃদ্ধি পায়৷ বর্তমান ৰাজ্যৰ ৮টা সমষ্টি ক্রমে দলগাঁও, ধিং, নাওবৈচা, যমুনামুখ, জনিয়া, ৰূপহীহাট, দক্ষিণ শালমাৰাত ভয়ংকৰ হাৰত বৃদ্ধি পাইছে৷ হেঙেৰাবাৰীস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত আয়োজিত সংবাদ মেলখনত বিজেপিৰ উপ–সভাপতি জয়ন্ত মল্ল বৰুৱাই ইয়াকো কয়– এন এফ এইচ এছ–৫ প্রতিবেদন অনুসৰি ২০০৫–০৬ চনৰ পৰা ২০১৯–২০ বর্ষলৈ ৰাজ্যখনত মুছলমান মহিলাই সন্তান জন্ম দিয়াৰ হাৰ ৩.৬ শতাংশৰ পৰা ২.৪ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে হিন্দু মহিলাই সন্তান জন্ম দিয়াৰ হাৰ ২ শতাংশৰ পৰা ১.৬ শতাংশলৈ হ্রাস পাইছে৷ এই তথ্যই স্পষ্ট কৰে যে সন্তান জন্মৰ হাৰ পূর্বৰ তুলনাত কিছু হ্রাস পালেও হিন্দু মহিলাৰ তুলনাত মুছলিম মহিলাই এতিয়াও যথেষ্ট হাৰত সন্তান জন্ম দি আছে, যিয়ে ৰাজ্যৰ জনগাঁথনিলৈ গুৰুতৰ ভাবুকি কঢ়িয়াই আনিছে৷

অসমত এতিয়াও প্রতিগৰাকী হিন্দু মহিলাৰ এটা সন্তানৰ বিপৰীতে মুছলিম মহিলাই দুগুণ হাৰত সন্তান জন্ম দি আছে৷ আন এক উদ্বেগজনক বিষয় হৈছে অসমত ১৮ বছৰৰ তলত কিশোৰী–যুৱতীয়ে এতিয়াও যথেষ্ট হাৰত সন্তান জন্ম দিয়ে আৰু এন এফ এইচ এছৰ প্রতিবেদনতে এই তথ্য স্পষ্টভাৱে প্রকাশ পাইছে৷ লক্ষণীয়ভাৱে কম বয়সতে সন্তান জন্ম দিয়া এই কিশোৰী–যুৱতীসকলৰ্ অধিকাংশই অভিবাসী মুছলমান সম্প্রদায়ৰ৷ তদুপৰি এন এফ এইচ এছ–৫ৰ তথ্য মূলতঃ ছেম্পল ছার্ভেহে৷ ইয়াৰ বিপৰীতে লোকপিয়ল আৰু ভোটাৰ তালিকাৰ তথ্য সম্পূর্ণ তথ্যভিত্তিক৷ লোকপিয়ল আৰু ভোটাৰ তালিকাৰ তথ্যই অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ক্রমাৎ সংকুচিত হৈ অহাৰ বিপৰীতে মুছলমান জনসংখ্যাৰ ভয়ংকৰ জনবিস্ফোৰণৰ স্পষ্ট ছবি দাঙি ধৰে, যি সাময়িকভাৱে ৰাজ্যৰ জনগাঁথনিৰ অস্বাভাৱিক পৰিৱর্তনকে প্রতিফলিত কৰিছে৷

সংবাদ মেলত উপস্থিত থকা মুখপাত্র পৱিত্র মার্ঘেৰিটাই কয় যে ‘টোটেল ফার্টিলিটী ৰেট’ (টি এফ আৰ) উঠা–নমা কৰাটো এক স্বাভাৱিক প্রক্রিয়া আৰু এতিয়াও হিন্দুতকৈ মুছলমান টি এফ আৰ ০.৮ শতাংশকৈ বেছি৷ প্রতিটো দশকত পূর্ববংগীয় মুছলমান জনসংখ্যাৰ বিস্ফোৰণৰ বাবে ২০৩৭–৩৮ চনত হিন্দুসকল সংখ্যালঘু হৈ অসমত মুছলমানসকল সংখ্যাগুৰু হোৱাটো নিশ্চিত বুলি প্রতিটো পৰিসংখ্যাত স্পষ্ট হৈছে৷

You might also like