নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ এন.এইচ.এম. কাৰ্যালয়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ চাডেন ভিজিটক লৈ হুৱাদুৱা

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী বিলাসী প্ৰমোদতৰী এম বি গংগা বিলাসৰ বিদেশী পৰ্য্যটকসকলক আদৰিবলৈ আজি ধুবুৰীলৈ আহি উপস্থিত হোৱা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ চাডেন ভিজিটক লৈ কাৰ্য্যতঃ হুৱাদুৱা লগা দেখা যায় ধুবুৰীৰ এন.এইচ.এম. কাৰ্য্যালয়ত। উপস্থিত হৈয়েই মন্ত্ৰীগৰাকীয়ে কাৰ্য্যালয়টোৰ সকলোৱে উপস্থিত আছে নে নাই তাৰ বুজ লয়।

ধুবুৰী জিলাত বিনামূলীয়া আয়ুষ্মান কাৰ্ড বনোৱাৰ গইনা লৈ একাংশই ধন সংগ্ৰহ কৰাৰ অভিযোগ তেওঁ লাভ কৰা বুলি জনায় আৰু জিলাখনত আয়ুষ্মান ভাৰতৰ কাৰ্ড বনোৱাৰ কাম লাভ কৰা ইউটিআই নামৰ প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীক ককৰ্থনা কৰে আৰু আগলৈ গৈ পুনৰ ধন লোৱাৰ অভিযোগ লাভ কৰিলে জেললৈ যাব লাগিব বুলিও প্ৰতিষ্ঠানটোৰ বিষয়া-কৰ্মচাৰীক অন্তিম সকিয়নী প্ৰদান কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। লগতে বিষয়টোলৈ চকু ৰাখিবলৈ জিলা প্ৰশাসনকো নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like