নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমত উপস্থিত বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী প্ৰমোদতৰী এম ভি গংগা-বিলাস

  • বিয়লি ৪ মান বজাত উপস্থিত হ’ল ধুবুৰীৰ জাহাজঘাটত

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰী: বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ অভিমুখে যাত্ৰা কৰা এম ভি গংগা-বিলাস নামৰ বিলাসী প্ৰমোদতৰীখন আজি প্ৰৱেশ কৰিলে অসমত। আজি বিয়লি ৪ মান বজাত পৰ্য্যটক সহ প্ৰমোদতৰীখন বাংলাদেশৰ চিলমাৰী হৈ বৰলুইতেৰে উপস্থিত হ’য় ধুবুৰীত। অৱশ্যে বৰলুইতৰ জলস্তৰ কম থকা বাবে প্ৰমোদতৰীখন পাৰঘাটৰ কিছু আঁতৰত লংগৰ কৰা হ’য় আৰু তাৰ পৰা আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ এম ভি প্ৰতিমা নামৰ অইন এখন জলযানেৰে পৰ্য্যটকসকলক অনা হ’য় পাৰলৈ।জাহাজখনৰ মুঠ ২৮ গৰাকী জাৰ্মান আৰু ছুইডিছ পৰ্য্যটকক জাহাজঘাটত উপস্থিত থকা অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী, দক্ষতা, নিয়োগ আৰু উদ্যমিতা আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী তথা ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ফুলাম গামোচা আৰু এপাহী গোলাপ ফুলেৰে আদৰণি জনায়। ধুবুৰী চহৰৰ পঞ্চুঘাটস্থিত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটতেই পৰ্য্যটক আৰু এম ভি গংগা-বিলাসৰ কৰ্মচাৰীসকলৰ অভিবাসনৰ কাম-কাজখিনি সম্পন্ন কৰা হ’য়। আনহাতে জাহাজঘাটত নিৰ্মাণ কৰা অস্থায়ী পেণ্ডেলত বিদেশী সেই পৰ্য্যটকসকলক ধুবুৰী জিলাৰ লোককৃষ্টিৰ পৰশ দিয়াৰ উদ্দেশ্যেৰে অনুষ্ঠিত হয় এক সাংস্কৃতিক কাৰ্য্যক্ৰমকে ধৰি আয়োজন কৰা হয় এক প্ৰদৰ্শনীৰো। আজি নিশা পৰ্য্যটকসকলে তেওঁলোকে অহা জাহাজখনতেই ৰাত্ৰিযাপন কৰিব। কাইলৈ অৰ্থাৎ ১৮ ফেব্ৰুৱাৰীৰ পুৱা ৬-৩০টা মান বজাত তেওঁলোকে ধুবুৰীৰ গৌৰীপুৰৰ সমীপৰ টেৰাকোটা গাওঁ খ্যাত আশাৰীকান্দি গাওঁ ভ্ৰমণ কৰিব। তাৰ পৰা পোনে পোনে আহি ধুবুৰীৰ ঐতিহ্যমণ্ডিত ‘”শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা’’ দৰ্শন কৰিব বিদেশী সেই পৰ্য্যটকসকলে। তাৰপিছত কাষতে থকা তেতুলতলাত প্ৰাক স্বাধীনোত্তৰ যুগত ব্ৰিটিছে স্থাপন কৰা দূৰ্মূল্য শ্বেত মাৰ্বল পাথৰেৰে নিৰ্মিত ৰাণী ভিক্টোৰিয়াই পূৰ্ণ অবয়বৰ প্ৰতিমূৰ্তিটো পৰিদৰ্শন কৰিব পৰ্য্যটকসকলে। অহাকালি দুপৰীয়া ১২-৩০ মান বজাত বৰলুইতেৰে গোৱালপাৰাৰ পঞ্চৰত্ন অভিমুখে যাত্ৰা কৰিব প্ৰমোদতৰী গংগা-বিলাস। স্মৰ্তব্য যে, বিগত ১৩ জানুৱাৰীৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল মাধ্যমেৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰিছিল বিশ্বৰ দীৰ্ঘতম নদী ক্ৰুজ ৰূপে আখ্যায়িত এম ভি গংগা-বিলাসৰ। বাৰাণসীৰ পৰা ডিব্ৰুগড় অভিমুখী সেই যাত্ৰাৰ ৩৫ সংখ্যক দিনটোত আজি প্ৰমোদতৰীখন উপস্থিত হয় অসমৰ ধুবুৰীত।

উল্লেখ্য যে, দেশৰ পৰ্যটন ক্ষেত্ৰখনত নতুন দিগন্ত ৰচনা কৰি বাৰাণসীৰ পৰা যাত্ৰা কৰা সেই প্ৰমোদতৰীখনে ভাৰত আৰু চুবুৰীয়া বাংলাদেশৰ সৰ্বমুঠ ২৭ খনকৈ নদী প্ৰণালীৰে ৩,২০০ কিলোমিটাৰৰ দৈৰ্ঘ্যৰ নদী পথ অতিক্ৰমি অহা ১ মাৰ্চৰ দিনা ৫১ দিনীয়া যাত্ৰাৰ সমাপ্তি ঘটাই উপস্থিত হ’ব ডিব্ৰুগড়ত। আজি ধুবুৰীৰ জাহাজঘাটত সাংবাদিকৰে হোৱা কথাবতৰাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আজি অসমৰ পৰ্য্যটন ক্ষেত্ৰখনৰ বাবে এক উল্লেখযোগ্য দিন বুলি উল্লেখ কৰে। আজি জাহাজঘাটত বিদেশী পৰ্য্যটকসকলক আদৰিবলৈ অনুষ্ঠিত হোৱা সেই বিশেষ কাৰ্য্যসূচীত ধুবুৰী জিলা উপায়ুক্ত দিৱাকৰ নাথ, আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন, জিলা প্ৰশাসন আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াবৰ্গ, আভ্যন্তৰিণ জল পৰিবহন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ, বিজেপিৰ অ’ বি.চি মৰ্চাৰ ৰাজ্যিক সভাপতি অশ্বিনী ৰায় সৰকাৰ, অসম মার্কেটিং বোৰ্ডৰ অধ্যক্ষ অশোক কুমাৰ সিংহী, ধুবুৰী পৌৰসভাৰ অধ্যক্ষ ডাঃ দেৱময় সান্ন্যাল, ধুবুৰী গৌৰীপুৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ দীপক কুমাৰ সাহা, বিশিষ্ট সমাজ সেৱক বিমল অ’ছৱাল, বিজেপিৰ ধুবুৰী জিলা সভাপতি প্ৰসেনজিৎ দত্ত, জাৰ্মানীৰ জীয়ৰি তথা ধুবুৰীৰ বোৱাৰী, বিশিষ্ট নৃত্যাচাৰ্য ইৰিকা ইনগ্ৰিড নন্দী প্ৰমুখ্যে বহু মান্যগণ্য ব্যাক্তি উপস্থিত আছিল।

উল্লেখ্য যে, আজি ধুবুৰীৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটতে এটা অভিবাসন কার্যালয় (Immigration Office) আনুষ্ঠানিক ভাৱে মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। উক্ত উদ্বোধনী অনুস্থানত অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, ধুবুৰী জিলাৰ উপায়ুক্ত দিবাকৰ নাথ, ধুবুৰী জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়াসকল, ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ উচ্চপদস্থ বিষয়াসকল তথা অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

 

অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী

You might also like