নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি অসমত সর্বকালৰ সর্ববৃহৎ নিযুক্তি সমাৰোহ; ৪৪,৭০৩গৰাকী প্রার্থীক কেন্দ্রীয় গৃহমন্ত্রীয়ে প্রদান কৰিবনিযুক্তি পত্র

নিয়মীয়া বাৰ্তা, ২৫ মে’: বর্তমানৰ অসম চৰকাৰৰ দ্বিতীয় বর্ষপূর্তিৰ লগত সংগতি ৰাখি আজি সর্বকালৰ সর্ববৃহৎ নিযুক্তি সমাৰোহৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰে৷ যোৱা বিধানসভা নির্বাচনৰ সময়ত এক লাখ চৰকাৰী চাকৰি দিয়াৰ যি প্রতিশ্রুতি প্রদান কৰিছিল, সেয়া এতিয়া পূৰণৰ অন্তিম পর্যায়লৈ অগ্রসৰ হৈছে৷ আজি নতুনকৈ ৪৪,৭০৩গৰাকী নির্বাচিত প্রার্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্র প্রদান কৰা হ’ব৷

কেন্দ্রীয় গৃহ আৰু সমবায় বিভাগৰ মন্ত্রী অমিত শ্বাহে উক্ত ৪৪,৭০৩গৰাকী প্রার্থীক নিযুক্তি পত্র বিতৰণ কৰিব৷ খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিয়লি ৪ বজাত উক্ত নিযুক্তি পত্র বিতৰণ সমাৰোহৰ আয়োজন কৰা হৈছে৷ বর্তমানৰ চৰকাৰৰ কার্যকালত ৪২,০৭৯গৰাকী প্রার্থীৰ নিযুক্তিৰ পিছত কাইলৈ ৪৪,৭০৩গৰাকী প্রার্থীৰ নিযুক্তি সম্পূর্ণ হোৱাৰ লগে লগে নিযুক্তিপ্রাপ্তৰ সংখ্যা ৮৬,৭৮২গৰাকী হ’বগৈ৷ তদুপৰি অহা জুলাই মাহত ২২,৭৬৫টা পদ পূৰণৰ বাবে বিজ্ঞাপন প্রকাশ পাব৷

উল্লেখ্য যে আজি নিযুক্তি দিবলগীয়া ৪৪,৭০৩গৰাকী প্রার্থীৰ ভিতৰত ১১,০৪৮গৰাকীয়ে তৃতীয় বর্গৰ পদত, ১৩,৭৩৯গৰাকীয়ে চতুর্থ বর্গৰ পদত, ২,৭৬৮গৰাকীয়ে আৰক্ষী বিভাগত, ৩০১গৰাকীয়ে কাৰাগাৰ বিভাগত, ২২২গৰাকীয়ে ফৰেষ্ট বেটেলিয়নত নিযুক্তি লাভ কৰিব৷ সেইদৰে স্বাস্থ্য বিভাগত ৫,২৮১গৰাকী, উচ্চ শিক্ষা বিভাগত ৭০৪গৰাকী, মাধ্যমিক শিক্ষক পদত ২,৩৩২গৰাকী, প্রাথমিক শিক্ষক পদত ৪,৪৩৭গৰাকী, সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ অধীনত ৩৬২গৰাকী, ক্রীড়া বিভাগত ১৩৬গৰাকী, কৃষি বিভাগত ২১১গৰাকী, পৰিবহণ বিভাগত ২২গৰাকী, ভূমি সংৰক্ষণ বিভাগত ১৪গৰাকী, এনএইচএমত ৬৩৩গৰাকীয়ে নিযুক্তি লাভ কৰিব৷

You might also like