নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আন্তর্জাতিক বুকাৰ বঁটা–২০২৩ লাভ বুলগেৰিয়াৰ লেখক জি’ৰজি গ’চপ’ডিনভে

নিয়মীয়া বাৰ্তা, ২৫ মে’: বিশ্ব সাহিত্যৰ অন্যতম শ্রেষ্ঠ সন্মান আন্তর্জাতিক বুকাৰ বঁটা–২০২৩ লাভ কৰিছে বুলগেৰিয়াৰ লেখক জি’ৰজি গ’চপ’ডিনভে৷ নষ্টালজিয়াৰ বিপজ্জনক আবেদনক লৈ লিখিত অন্ধকাৰ কমিক উপন্যাস ‘টাইম ছেলটাৰ’ৰ বাবে বুলগেৰিয়াৰ জি’ৰজি গ’চপ’ডিনভে ২০২৩ বর্ষৰ আন্তর্জাতিক বুকাৰ বঁটা লাভ কৰিছে৷ ‘টাইম ছেলটাৰ’ৰ লেখক জি’ৰজি গ’চপ’ডিনভৰ লগতে এই বঁটাটো লাভ কৰিছে উপন্যাসখনৰ অনুবাদক এঞ্জেলা ৰোডেলে৷ আন্তর্জাতিক বুকাৰ বঁটাৰ জুৰী পেনেলৰ অধ্যক্ষা ফৰাচী ঔপন্যাসিক লেইনা ছিলমানিয়ে বঁটাটো ঘোষণা কৰি কয় যে ‘টাইম ছেলটাৰ’ হৈছে বিদ্রূপ আৰু বিষাদেৰে ভৰা এখন দুর্দান্ত উপন্যাস৷ এই উপন্যাসখন সমসাময়িক প্রশ্ণ এটাৰ সৈতে জড়িত৷ এটা দার্শনিক প্রশ্ণ– আমাৰ স্মৃতিবোৰ নোহোৱা হৈ গ’লে আমাৰ কি হ’ব৷ এই উপন্যাসখন ইউৰোপৰ ওপৰত এখন মহৎ উপন্যাস৷ ভৱিষ্যতৰ প্রয়োজনীয়তা থকা, য’ত অতীতক পুনৰ উদ্ভাৱন কৰা হয় আৰু য’ত নষ্টালজিয়া বিহ হ’ব পাৰে৷ ‘টাইম ছেলটাৰ’ত অতীতক পুনৰ সৃষ্টি কৰি পৃথক পৃথক দশকক উত্থাপন কৰা হৈছে৷ ডিমেনচিয়া ৰোগীক তেওঁলোকৰ স্মৃতিৰ তলা খুলিবলৈ সহায় কৰাৰ উপায় হিচাপে এই উপন্যাসখন আধুনিক বিশ্বৰ পৰা পলায়নৰ আগ্রহী লোকৰ কাৰণে চুম্বকীয় হ’ব পাৰে৷ উল্লেখ্য যে ২০২৩ বর্ষৰ আন্তর্জাতিক বুকাৰ বঁটাৰ বাবে পাঁচখন গ্রন্থৰ হ্রস্ব তালিকা প্রস্তুত কৰা হৈছিল৷ এই পাঁচখন গ্রন্থৰ ভিতৰত ‘টাইম ছেলটাৰ’–এ শ্রেষ্ঠত্বৰ সন্মান লাভ কৰে৷ ৫৫ বছৰীয়া বুলগেৰিয়াৰ লেখক গ’চপ’ডিনভে তেওঁৰ ‘টাইম ছেলটাৰ’ শীর্ষক উপন্যাসখন ২০১৬ চনত নষ্টালজিয়াক অস্ত্র হিচাপে লৈ ৰচনা কৰিবলৈ লৈছিল৷ সেই সময়ছোৱাত আমেৰিকাত ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্প আৰু গ্রেট ব্রিটেইনৰ ব্রেক্সিট চলি আছিল৷ উক্ত সময়ছোৱা আছিল এনে, য’ত বতাহত চলি আছিল উৎকণ্ঠা৷ আন্তর্জাতিক বুকাৰ বঁটাত লাভ কৰা ৬২ হাজাৰ মার্কিন ডলাৰ লেখক জি’ৰজি গ’চপ’ডিনভ আৰু অনুবাদক এঞ্জেলা ৰোডেলৰ মাজত ভগাই দিয়া হৈছে৷ তাৎপর্যপূর্ণ যে বুলগেৰিয়াৰ লেখক গ’চপ’ডিনভৰ ‘টাইম ছেলটাৰ’ বিশ্বৰ বিভিন্ন ভাষালৈ অনূদিত হৈছে৷ এই উপন্যাসখনে ইটালীৰ ষ্ট্রেগা ইউৰোপিয়ান সাহিত্য বঁটা লাভ কৰিছে৷

You might also like