নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কভিড পৰিস্থিতৰ বাবে জোনবিল মেলা বাতিল

নিয়মীয়া বাৰ্তা ১৫ জানুৱাৰীঃ  জোনবিল মেলা বাতিল ! ক’ভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি বাতিল কৰিলে জোনবিল মেলা আয়োজক সমিতিয়ে। অহা ২০ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কথা আছিল তিনিদিনিয়াকৈ জোনবিল মেলা। অৱশ্যে অনুষ্টুপীয়াকৈ পৰম্পৰা ৰক্ষা কৰা হ’ব জোনবিল মেলাৰ।

উল্লেখ্য যে   ঐতিহাসিক জোনবিল মেলাত অচল হৈ পৰে  মুদ্ৰা । বিনিময় প্ৰথা প্ৰচলিত এই বিশেষ মেলাৰ বাবে পাহাৰৰ পৰা নামি আহিছে মামা-মামী সকল ।

জাগীৰোডৰ পৰা প্ৰায় সাত কিলোমিটাৰ নিলগৰ জোনবিলৰ পাৰত অনুষ্ঠিত হোৱা এই মেলাত থলুৱা সকলো শাক-পাচলিৰ লগতে মাছ চিকাৰ কৰি উলিয়াই দিয়া হয় বজাৰলৈ । বিনিময়ৰ মাধ্যমেৰে এইসমূহ ক্ৰয় কৰিব লাগে এই বিশেষ মেলাত । কিন্তু এইবাৰ কভিড পৰিস্থিতৰ বাবে বাতিল কৰা হ’ল জোনবিল মেলা।

You might also like