নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোৰহাটত আটক ভুৱা দণ্ডাধীশ

নিয়মীয়া বাৰ্তা ১৯ মেঃ যোৰহাটত আটক হৈছে ভুৱা দণ্ডাধীশ। আটকাধীন দণ্ডাধীশ জনৰ নাম বিশ্বজিৎ দত্ত। বিশ্বজিৎৰ ঘৰ তিতাবৰৰ ঢেকীয়াজুলীত। চিনামৰা আৰক্ষীয়ে আটক কৰে বিশ্বজিৎ দত্তক।

বিশ্বজিতে নিজকে অণিৰ্বান দত্ত বুলি চিনাকী দি তিতাবৰৰ দণ্ডাধীশ বুলি নিজকে পৰিচয় দিছিল চিনামৰা থানাত।  চিনামৰা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হিমাংশু গোহাঁইৰ সন্দেহ হোৱাত যোৰহাট জিলা প্ৰশাসনৰ লগত যোগাযোগ কৰে আৰু বিশ্বজিতক ভুৱা দণ্ডাধীশ বুলি গম পায় আটক কৰে চিনামৰা আৰক্ষীয়ে।

উল্লেখ্য যে বিশ্বজিতে এনেদৰে বিভিন্ন স্থানৰ পৰা ধন সমগ্ৰ কৰি আহিছিল। বিগত বৰ্ষৰ ক’ৰোণাৰ সময়ত নিজকে চিকিৎসক বুলি চিনাকি দি আৰক্ষীৰ জালত পৰিছিল বিশ্বজিৎ। ইয়াৰোপৰি যুৱকজনৰ বিৰুদ্ধে বিভিন্ন সময়ত ভিন্ন অপৰাধ সংঘটিত কৰাৰো অভিযোগ আছে ৷ পুনৰ আৰক্ষীৰ জালত পৰা বিশ্বজিৎ দত্তৰ বিৰুদ্ধে আনকি বিভিন্ন কু-পন্থাৰে ধন সংগ্ৰহ কৰাৰ অভিযোগ আছে ৷

You might also like