নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপত গ্ৰহণ বিধায়ক ফণীভূষণ চৌধুৰীৰ

নিয়মীয়া বাৰ্তা ১৯ মেঃ  আজি অসম বিধানসভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল’লে বিধায়ক ফনীভূষণ চৌধুৰীয়ে। ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথমখন অধিবেশনৰ বাবে ইতিমধ্যে দিছপুৰত তৎপৰতা আৰম্ভ হৈছে ।

অহা ২১ মে’ত অনুষ্ঠিত হ’বলগীয়া এই অধিৱেশনৰ প্ৰথম দিনাৰ সভাৰ প্ৰ’টেম অধ্যক্ষ হিচাপে আসনত থাকিব অগপৰ নেতা তথা বঙাইগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ফনীভূষণ চৌধুৰী ।প্ৰ’টেম অধ্যক্ষ হিচাপে শপত ল’লে ফনীভূষণ চৌধুৰীয়ে।

বুধবাৰে দিছপুৰৰ জনতা ভৱনৰ মুখ্য সচিবৰ কাৰ্যালয়ত ফনীভূষণ চৌধুৰীক প্ৰ’টেম অধ্যক্ষ হিচাপে শপত বাক্য পাঠ কৰায় ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই ।

উল্লেখ্য যে, ৰাজ্যপালৰ অনুপস্থিতিত ৰাজ্যপালৰ নিৰ্দেশনা অনুসৰি মুখ্য সচিবে শপত বাক্য পাঠ কৰায় । প্ৰ’টেম অধ্যক্ষ ফনীভূষণ চৌধুৰীয়ে অহা ২১ মে’ত আন ১২৫ গৰাকী বিধায়কক শপত বাক্য পাঠ কৰোৱাব।

মনকৰিবলগীয়া যে ড৹ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে বিধানসভাৰ অধিবেশনত উপস্থিত থাকিব ৷ লগতে এইবাৰৰ বিধানসভাত অখিল গগৈকে ধৰি কেইবাগৰাকীকৈ নতুন প্ৰাৰ্থীয়ে প্ৰথমবাৰৰ বাবে শপত ল’ব ৷

You might also like