ভোটাইগাঁৱৰ জ্যোতি লাইব্ৰেৰী-তৰুণ সংঘৰ হীৰক জয়ন্তীৰ আৰম্ভণি
বিশেষ বাৰ্তা, ১৯ মে ‘ : নগাঁও জিলাৰ ইতিহাসপ্ৰসিদ্ধ ভোটাইগাঁৱৰ অন্যতম বৌদ্ধিক চিন্তা-চৰ্চাৰ কৰ্ষণস্থলী জ্যোতি লাইব্ৰেৰী আৰু তৰুণ সংঘৰ হীৰক জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী আজিৰে পৰা শুভাৰম্ভ হয়। আৰম্ভণী অনুষ্ঠানটিৰ উপলক্ষ্যে আজি বিয়লি ভোটাইগাঁৱৰ খেলপথাৰত মুকলি বিহু অনুষ্ঠিত হয়। মুকলি বিহু উদ্বোধন কৰে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড৹ মিলন নেওগে। উদ্বোধনী ভাষণত অসমীয়া বিভাগৰ অধ্যাপকগৰাকীয়ে কৰ্মঠ জাতি এটাৰ বাবে উৎসৱৰ প্ৰাসংগিকতাৰ দোহাৰি ইয়াৰ সমান্তৰালভাৱে অৰ্থনৈতিক বুনিয়াদ ৰচনাৰো ক্ষেত্ৰতো উদ্যমী হ’বলৈ সমাজক আহ্বান জনায়। লগতে তেওঁ শিশুৰ অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মাবলৈ তেনে শিশু উপযোগী নিৰ্বাচিত গ্ৰন্থ লাইব্ৰেৰীত সংৰক্ষণ কৰিবলৈ সমিতিক অনুৰোধ জনায়। ১৯৪৯ চনতেই অঞ্চলটোৰ একাংশ দূৰদৰ্শী লোকৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছিল এই অনুষ্ঠানটিয়ে। আজিৰ এই অনুষ্ঠানটিতেই জ্যোতি লাইব্ৰেৰীৰ জ্যেষ্ঠ সদস্যসকলক সম্বৰ্ধণা জ্ঞাপন কৰা হয়। জ্যোতি লাইব্ৰেৰীৰ সভাপতি অশোক কুমাৰ বৰা, সম্পাদক বিপুল চন্দ্ৰ বৰা, হীৰক জয়ন্তীৰ সভাপতি জয়ন্ত কুমাৰ বৰাৰ লগতে সমূহ বিষয়ববীয়া উপস্থিত থকা এই অনুষ্ঠানটিতে নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক ক্ৰমে কনক হাজৰিকা, মুনীন্দ্ৰ শইকীয়া, জ্যোতিপ্ৰসাদ বৰা, বীৰেন বৰা, নাট্যকৰ্মী শোণিত বৰা, অৱসৰপ্ৰাপ্ত কৃষি বিষয়া অশোক খাউণ্ড, নগাঁও অনাতাঁৰ কেন্দ্ৰৰ ঘোষক বিশ্বজিৎ কাকতি আদিকে ধৰি কুৰিৰো অধিকগৰাকীক আদৰণি জনোৱা হয়। বিহু সুৰক্ষা সমিতিৰ বিষয়া ধৰ্মেশ্বৰ হাজৰিকাই আঁতধৰা অনুষ্ঠানটিত ছটাকৈ বিহু দলে মুকলি বিহু প্ৰদৰ্শন কৰে। ইপিনে হীৰক জয়ন্তীৰ এই অনুষ্ঠানটিৰ সৈতে সংগতি ৰাখি লাইব্ৰেৰীৰ চৌহদত ৭৫ গছি বন্তি প্ৰজ্বলন কৰা হয়।
প্ৰেৰক কনক হাজৰিকা