পৰিয়ালসহ কামাখ্যা ধামত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ৰাজ্যবাসীৰ মংগল কামনাৰে আশীষ ল'লে মন্ত্ৰীগৰাকীয়ে
নিয়মীয়া বাৰ্তা, ২৭ জুনঃ কামাখ্যা দেৱালয়ত উপস্থিত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অম্বুবাচীৰ নিবৃত্তিৰ পাছত সকলোৰে মংগল কামনাৰে কামাখ্য়া ধামত পৰিয়ালসহিতে আশিষ ল’লে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ সংকটৰ কালত ৰাজ্যবাসীৰ মংগল কামনা কৰে মন্ত্ৰীগৰাকীয়ে।
ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বিগত প্ৰায় ৩ মাহে ধৰি বন্ধ হৈ আছে কামাখ্য়াৰ দ্বাৰ। অম্বুবাচীৰ নিবৃত্তিৰ পাছতো কোনো ভক্তৰ বাবে খুলি দিয়া নাছিল কামাখ্যাৰ দুৱাৰ। ক’ৰোনাৰ গণ সংক্ৰমণ ৰোধ কৰাৰ বাবেই এই সিদ্ধান্ত কামাখ্যা দেৱালয়ৰ কৰ্তৃপক্ষই। ৩০জুনৰ পাছতহে ভক্তৰ বাবে খোলা কথা আছিল কামাখ্যাৰ দুৱাৰ। কিন্তু গুৱাহাটীত পুনৰ লক ডাউন হোৱাৰ বাৱে বন্ধ হৈ পৰিল সকলো ধৰ্মীয় অনুষ্ঠান।