নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপিত যোগদানৰ প্রস্তুতি! অনুপস্থিত কমলাক্ষ দে’ পুৰকায়স্থ

কংগ্রেছ বিধায়িনী দলৰ বৈঠক

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ সোমবাৰে সন্ধিয়া অসম বিধানসভা চৌহদত কংগ্রেছ বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ লগতে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকত দলৰ নতুন সদস্যভর্তি অভিযান, আসন্ন পৌৰ নির্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নির্বাচন আৰু সেই সম্পর্কত দলীয় প্রস্তুতি সম্পর্কত বৈঠকখনত আলোচনা কৰে৷ তদুপৰি নতুনকৈ কংগ্রেছৰ একাংশ বিধায়কে বিজেপিত যোগদান কৰিব বুলি চলা চর্চা সম্পর্কতো বৈঠকখনত বিশেষভাৱে আলোচনা কৰা হয় বুলি দলীয় সূত্রই জানিবলৈ দিয়ে৷ সূত্রটোৱে প্রকাশ কৰা অনুসৰি এই বিধায়িনী বৈঠকত উপস্থিত থকা বহুকেইগৰাকী বিধায়কে তেওঁলোকে কংগ্রেছ এৰি আন দলত যোগদান নকৰে বুলি স্পষ্ট কৰি দিয়ে৷

মন কৰিবলগীয়া এয়ে যে অচিৰেই কংগ্রেছ এৰি বিজেপিত যোগদান কৰিব বুলি শেহতীয়াকৈ চর্চালৈ অহা উত্তৰ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক তথা প্রদেশ কংগ্রেছৰ অন্যতম কার্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থ আজিৰ বৈঠকত অনুপস্থিত থাকে৷ কালিলৈকে গুৱাহাটীত থকা বিধায়ক পুৰকায়স্থই এই বিধায়িনী বৈঠকত উপস্থিত নথকা বিষয়টোক লৈ ব্যাপক চর্চা অব্যাহত আছে৷

উল্লেখ্য যে কেইদিনমান পূর্বে হোজাই সমষ্টিৰ প্রাক্তন বিধায়ক তথা বিজেপি নেতা শিলাদিত্য দেৱে সংবাদ মাধ্যমৰ আগত কমলাক্ষ দে’ পুৰকায়স্থৰ নাম উল্লেখ নকৰাকৈ বৰাক উপত্যকাৰ প্রদেশ কংগ্রেছৰ এগৰাকী কার্যকৰী সভাপতিয়ে বিজেপিত যোগদানৰ বাবে যোগাযোগ কৰি আছে বুলি প্রকাশ কৰে৷ বর্তমান প্রদেশ কংগ্রেছত থকা তিনিগৰাকী কার্যকৰী সভাপতিৰ ভিতৰত বৰাক উপত্যকাৰ পৰা একমাত্র কমলাক্ষ দে’ পুৰকায়স্থই আছে৷ এনে অৱস্থাত শিলাদিত্য দেৱে যে পুৰকায়স্থৰ প্রতি আঙুলি টোঁৱাইছে সেয়া স্পষ্ট হৈ পৰে৷ ইমানৰ পাছতো আজিৰ বৈঠকখনত পুৰকায়স্থ উপস্থিত নথকাটোৱে অধিক ৰহস্য সৃষ্টি কৰিছে৷ সেইদৰে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদকে ধৰি আন একাংশ বিধায়কো বিধায়িনী দলৰ বৈঠকত উপস্থিত থকা পৰিলক্ষিত নহ’ল৷ এই সম্পর্কত দলীয় সূত্রটোৱে প্রকাশ কৰা অনুসৰি সম্প্রতি ৰাজ্যখনৰ বিভিন্ন স্থানত বিধানসভাৰ একাংশ কমিটী ভ্রমণত আছে৷ তাৰ বাবেই কিছু বিধায়কে আজিৰ এই বিধায়িনী বৈঠকত অংশগ্রহণ কৰিব নোৱাৰিলে৷ বিধায়িনী বৈঠকত উপস্থিত থাকিব নোৱাৰা বিধায়কসকলে ইতিমধ্যে সেই বিষয়ে বিধায়িনী দলৰ নেতাক অৱগত কৰিছে বুলি সূত্রটোৱে প্রকাশ কৰে৷

You might also like