নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্রুগড় বিশ্ববিদ্যালয়ৰ উপাচার্যক তাৎক্ষণিকভাৱে অপসাৰণ

দুর্নীতিৰ বিৰুদ্ধে কঠোৰ ৰাজ্যপাল মুখী

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ এশ গৰু মাৰিলে বাঘৰো মৰণ৷ –এই আপ্ত বাক্যশাৰী যেন ডিব্রুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচার্য ড০ ৰঞ্জিত তামুলীৰ ক্ষেত্রত প্রযোজ্য হ’ল৷ প্রায় কোটি টকাৰ কেলেংকাৰি সংঘটিত কৰি সকলো নীতি–নিয়ম ধোঁৱাচাঙত তুলি ক্ষমতাৰ অপব্যৱহাৰ কৰা ড০ তামুলী অৱশেষত সুদীর্ঘ ১১ মাহৰ পাছত সন্মানীয় উপাচার্য আসনৰ পৰা তাৎক্ষণিকভাৱে অপসাৰিত হ’ল৷ দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্রহণ কৰি ৰাজ্যপাল তথা উচ্চ শিক্ষানুষ্ঠনখনৰ আচার্য অধ্যাপক জগদীশ মুখীয়ে আজি জি এছ এ ১২/২১/পি টি৷৷/২০০ নম্বৰৰ এক নির্দেশনাযোগে ইতিপূর্বে নিলম্বিত ড০ ৰঞ্জিত তামুলীক উপাচার্য পদৰ পৰা অপসাৰণ কৰে৷ প্রায় তিনি পৃষ্ঠাজোৰা নির্দেশনাত নিলম্বিত উপচার্য ড০ তামুলীৰ সকলো কু–কীর্তি স্পষ্ট ৰূপত প্রমাণিত হোৱা বুলিও উল্লেখ কৰা হৈছে৷

স্মর্তব্য যে অসমৰ অন্যতম বৌদ্ধিক পীঠস্থান ডিব্রুগড় বিশ্ববিদ্যালয়ত চলিত বর্ষৰ প্রথমার্ধত সংঘটিত বিভিন্ন দুর্নীতি–নিয়মক কেন্দ্র কৰি উচ্চ শিক্ষানুষ্ঠানখনত এক অচলাৱস্থা সৃষ্টি হৈছিল৷ ড০ ৰঞ্জিত তামুলীৰ অপশাসন, বিত্তীয় কেলেংকাৰিক আদিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছিল বিশ্ববিদ্যালয়ৰ বিষয়া সন্থা, কর্মচাৰী সন্থা আৰু শিক্ষক সন্থা৷ উপাচার্য ড০ তামুলীৰ দুর্নীতি–নিয়মৰ উচিত তদন্ত বিচাৰি বিশ্ববিদ্যালয়খনত পৃথকে পৃথকে তীব্র আন্দোলনত নমাৰ লগতে ঘেৰাও কৰিছিল চৌহদতে থকা উপাচার্যৰ কার্যালয়৷

আজিৰ নির্দেশনাৰ পাছত বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ জিতেন হাজৰিকাই সংবাদ মাধ্যমক কয় যে ৰাজভৱনে ইতিপূর্বে নিলম্বন কৰা ড০ তামুলীক তৎকালে কার্যকৰী হোৱাকৈ উপাচার্য আসনৰ পৰা অপসাৰণ কৰা হৈছে৷ বিশ্ববিদ্যালয়ৰ শিক্ষক সন্থা, কর্মচাৰী সন্থা, বিষয়া সন্থা আৰু প্রাক্তন বিধায়ক ঋতুপর্ণ বৰুৱাই উপাচার্য ড০ তামুলীৰ অনিয়ম, অপশাসন, বিত্তীয় খেলিমেলিৰ বিষয়ে আচার্যক অভিযোগ দিছিল৷ পৰৱর্তী সময়ত ফেক্টছ ফাইণ্ডিং কমিটী, তদন্ত কমিটী গঠন কৰি পর্যায়ক্রমে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰাত এয়া কেৱল বিশ্ববিদ্যালয়ৰ বাবেই নহয়, সমাজৰ বাবেও ভাল কথা বুলি পঞ্জীয়ক ড০ হাজৰিকাই উল্লেখ কৰে৷

আনহাতে স্নাতকোত্তৰ মহলা ছাত্র একতা সভাই এনে সিদ্ধান্তক আদৰণি জনাইছে৷ লক্ষণীয়ভাৱে যে যোৱা ২৫ জানুৱাৰীত ড০ তামুলীয়ে শিক্ষক সমাজ তথা সংবাদ মাধ্যমৰ সন্মুখত বিত্তীয় কেলেংকাৰিৰ বাবে বিশ্ববিদ্যালয়ৰ বিষয়া–কর্মচাৰীক আওপকীয়াকৈ জগৰীয়া কৰি নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ প্রয়াস কৰিছিল৷ কিন্তু উচ্চস্তৰীয় তদন্ত সমিতিৰ প্রতিবেদনত ভ্রমণৰ ভুৱা বিল ৫৯,৬৫০ টকা, অসমীয়া বিভাগত ৭,৬০,৯০০ টকাৰ ভুৱা টাইলছৰ বিল, ক’ভিডৰ সময়ত বাঁহৰ চালি দি (এডমিচনৰ বাবে) ১,৪৮,৪০০ টকা সৰকোৱা, ক’ভিডৰ সকলো প্রট’কল তথাপি চৰকাৰী নির্দেশনা উলংঘা কৰি বিলাসী ইন’ভা গাডী ক্রয় কৰা, বিশ্ববিদ্যালয়ৰ এল এন বি লাইব্রেৰীৰ কিতাপ আৰু এৱার্ড বাইণ্ডিঙচৰ বাবে ১,৪৫,৪৯৬০ টকা আত্মসাৎ আৰু চিকিৎসাৰ ভুৱা বিল প্রদানেৰে মুঠ ২,২৪,২৩২ টকা বিশ্ববিদ্যালয়ৰ কোষৰ টকা নিজৰ ক্ষমতা আৰু শক্তিৰে আত্মসাৎ কৰা সকলো প্রমাণিত হৈছে৷ সেয়ে ডিব্রুগড বিশ্ববিদ্যালয়ৰ আচার্য তথা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে সকলো দিশৰ প্রতি লক্ষ্য ৰখাৰ লগতে বৃহত্তৰ ৰাজহুৱা হিতৰ বাবে ড০ তামুলীক অপসাৰণ কৰে৷ গুৰুত্বপূর্ণ কথাটো হ’ল– বিশ্ববিদ্যালয়ত প্রতিবাদ অব্যাহত থকাৰ সময়তে ড০ ৰঞ্জিত তামুলীয়ে ড০ আৰ এম এছ যাদৱক ভাৰপ্রাপ্ত উপাচার্যৰ দায়িত্ব দি ভয়তে একপ্রকাৰ পলায়ন কৰিছিল৷ ইয়াৰ পাছত যোৱা ১১ ফেব্রুৱাৰীত ড০ তামুলীক নিলম্বন কৰা হৈছিল৷

You might also like