নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছিকিম চৰকাৰৰ চলচ্চিত্র মহোৎসৱলৈ আমন্ত্রিত দেৱজিত ভূঞা

নিয়মীয়া বাৰ্তা ২৩ নৱেম্বৰঃ ছিকিম চৰকাৰৰ ফিল্ম প্রমোচন ব’ৰ্ড আৰু ছিকিম তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় ছিকিম গ্ল’বেল চলচ্চিত্র মহোৎসৱ ২০২১লৈ অতিথি হিচাপে আমন্ত্রিত হৈছে সাংবাদিক তথা প্রাগ নিউজৰ এছ’চিয়েট এডিটৰ দেৱজিত ভূঞা৷ অহা ১০ ডিচেম্বৰৰ পৰা ১৪ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব লগা এই চলচ্চিত্র মহোৎসৱত দেশ–বিদেশৰ বহু প্রতিষ্ঠিত শিল্পী, কলা–কুশলীয়ে অংশগ্রহণ কৰিব৷ উত্তৰ–পূবৰ চলচ্চিত্র আৰু ফেশ্বনৰ ক্ষেত্রখনৰ উত্তৰণৰ লগতে ছিকিমক সার্বজনীনভাৱে ‘ফিল্ম টুৰিজিম’ হিচাপে গঢ় দিয়াৰ উদ্দেশ্য এই মহোৎসৱৰ আয়োজন কৰি আহিছে ৰাজ্যখনে৷ এই পাঁচদিনীয়া মহোৎসৱত অংশ ল’ব মালাইকা আৰোৰা, প্রিয়দর্শন, লিজা ৰয়, সঞ্জয় পুৰাণ সিং চৌহান, অক্ষয় আদিত্য লামা, সঞ্জয় ঘোষ, সোণালী খুল্লাৰ৷ শ্রুফ, অনন্ত নাৰায়ণ মহাদেৱন ধৰি বলীউডৰ বহুকেইগৰাকী তাৰকাই৷

You might also like