নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপৰ শ্ৰেষ্ঠ ২২১খন বিদ্যালয় পৰিচালনা সমিতি-মাতৃ গোটক বঁটা প্ৰদান

বিশেষ বাৰ্তা, ৩ এপ্ৰিলঃ কামৰূপৰ দুই শতাধিক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক কামৰূপৰ শিক্ষা বিভাগৰ তৰফৰ পৰা আজি আনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়।২০২১-২২ বৰ্ষৰ বাবে এই বঁটা সমূহ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে কামৰূপ জিলাৰ প্ৰায় ১৯৪১খন বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটৰ ভিতৰত আজি শ্ৰেষ্ঠ ২২১খন বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক বটা প্ৰদান কৰা হয়।এই উপলক্ষে আজি কামৰূপ জিলা দিৱস উদযাপনৰ বাবে নিৰ্মাণ কৰা অস্থায়ী সভা কক্ষত এটি অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি পূব কামৰূপ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক খগেন্দ্ৰ নাথ তালুকদাৰে কয় যে আমাৰ জাতীয় ঐতিহ্যৰ শিপা ধৰি ৰখাৰ আখৰা প্ৰাথমিক বিদ্যালয়সমূহত হয়।গতিকে আমাৰ শিক্ষাৰ্থীসকলক শিপাৰ সন্ধান দিয়াত থলুৱা সমলসমূহৰ সহায়তা আদায়ত বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। তেওঁ আৰু কয় যে আমি এখন ভাল বৌদ্ধিক জগত পাবলৈ হলে তাৰ বীজ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলে নিজৰ নিজৰ বিদ্যালয়ত ৰোপণ কৰিব লাগিব। সভাত ভাষণ দি বিশিষ্ট শিক্ষাবিদ তথা দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পৰেশ বৈশ্য ই কয় যে প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিসমূহে শিক্ষাৰ উত্তৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। কাৰণ প্ৰাথমিক বিদ্যালয় এখনৰ বাবে প্ৰথম পৰিদৰ্শন কাৰী ব্যক্তিজন হল বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিজন। ইয়াৰ উপৰিও বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জনৰ সন্তান সেই বিদ্যালয়ত পঢ়াটো বাধ্যতামূলক। গতিকে বিদ্যালয় এখনৰ সৰ্বাংগীণ উন্নতিত বিদ্যালয় পৰিচালনা সমিতিয়ে সক্ৰিয় ভূমিকা ল’ব পাৰে। তেওঁ পৰিচালনা সমিতিসমূহক স্থানীয় সমলসমূহৰ ওপৰত প্ৰকল্প প্ৰস্তুত কৰি সেইসমূহক শৈক্ষিক উত্তৰণৰ বাবে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। লগতে চৰকাৰী বিদ্যালয়লৈ শিক্ষাৰ্থীক আগ্ৰহী কৰাতো বিদ্যালয় পৰিচালনা সমিতিসমূহে উল্লেখযোগ্য পদক্ষেপ ল’ব পাৰে। সভাত ভাষণ দি কামৰূপৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াই জিলাৰ পৰিচালনা সমিতিসমূহক সক্ৰিয়তাৰে শৈক্ষিক দিশত কাম কৰিবলৈ আহ্বান জনায়। সভাত বকো বিধানসভা সমষ্টিৰ বিধায়িকা নন্দিতা দাসে ভাগ লৈ কামৰূপৰ শিক্ষা বিষয়া অপূৰ্ব ঠাকুৰীয়াৰ নেতৃত্বত কামৰূপ জিলাত শিক্ষাৰ উত্তৰণৰ এক ইতিবাচক আন্দোলন আৰম্ভ হৈছে বুলি মন্তব্য কৰে। তেওঁ আৰু কয় যে কামৰূপ জিলাই বহু দিনৰ মূৰত অপূৰ্ব ঠাকুৰীয়াৰ দৰে এজন সৎ, কৰ্মঠ আৰু সৃষ্টি শীল কামৰ প্ৰতি আগ্ৰহী বিষয়া পাইছে। গতিকে তেওঁৰ নেতৃত্বত বিদ্যালয় পৰিচালনা সমিতিসমূহে ভাল কাম কৰিবলৈ নিশ্চয় শক্তি পাব। সভাত কামৰূপৰ তথ্য আৰু জনসংযোগ বিষয়া মঞ্জু ৰাণী ডেকা‌য়ো ভাগ লয়। সভাত কামৰূপ অতিৰিক্ত উপায়ুক্ত তথা কামৰূপৰ শিক্ষা বিভাগৰ দায়িত্ববাহী বিষয়া কমল বৰুৱাই ভাষণ দি আগন্তুক গুণোৎসৱত পৰিচালনা সমিতিসমূহে ল’ব লগা ভূমিকাৰ বিষয়ে উল্লেখ কৰে।সভাত সমগ্ৰ শিক্ষা কামৰূপৰ জিলা আচনি বিষয়া ফুলপাহি নাথ উপস্থিত থাকি বিভিন্ন পৰামৰ্শ আগবঢ়ায়। সভাখনৰ আত ধৰে মনবিনী দাসে।
প্ৰেৰক দিলীপ মেধি

You might also like