নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁৱৰ সোণাইপাৰত ঐক্য-সম্প্ৰীতিৰ বাৰ্তাৰে বিহুনাচঃ কঁকাল ভাঙি নাচিলে শিশু-চেমনীয়া-যুৱতীয়ে

বিশেষ বাৰ্তা, ৩এপ্ৰিলঃ নগাঁও জিলাৰ বেবেজীয়া নিকটৱৰ্তী তথা বৃহত্তৰ কাছমাৰী মৌজাৰ অন্তৰ্গত টকৌবাৰী সোণাইপাৰত অঞ্চলৰ কেইজনমান সমাজ সচেতন ব্যক্তিৰ নিজস্ব প্ৰচেষ্টাত ২০১৯ চনত প্ৰতিষ্ঠা লাভ কৰা “অশ্বিনী একাডেমী” ৰ উদ্যোগত আৰু সমগ্ৰ টকৌবাৰী অঞ্চলৰ ৰাইজৰ সহযোগত বিগত বৰ্ষ সমূহৰ দৰে এইবৰ্ষও আজিৰে পৰা আঠ দিনীয়াকৈ আয়োজন কৰা হৈছে বিহুনাচ-বিহুগীত-বিহুবাদ্যৰ কৰ্মশালা-আখৰা শীৰ্ষক অনুষ্ঠানৰ ৷ টকৌবাৰী অঞ্চলৰ শিশু-চেমনীয়াৰ লগতে প্ৰায় শতাধিক যুৱতী বিহুৱতীয়ে এই আখৰাত অংশগ্ৰহণ কৰি সমগ্ৰ টকৌবাৰী অঞ্চলৰ আকাশ-বতাহ মুখৰীত কৰি তুলে ৷ আজিৰে পৰা অনুষ্ঠিত আঠ দিনীয়া বিহুনাচ-বিহুগীত-বিহুবাদ্যৰ এই মুকলি বিহু কৰ্মশালা-আখৰা অনুষ্ঠানটিত আমন্ত্ৰিত অথিতি ৰূপে উপস্থিত থকা অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী লয়ৰাম ডেকা, বকুল চন্দ্ৰ ডেকা,তিলক চন্দ্ৰ ডেকা, নগাঁও আদালতত কৰ্মৰত অধিবক্তা দণ্ডধৰ হাজৰিকা,অধিবক্তা দীপক শৰ্মা,অধিবক্তা তথা বিহুবতী মৃণালিনী বৰা, প্ৰাক্তন ৱিহুবতী দীপ্তি শইকীয়া, জ্যেষ্ঠ সাংবাদিক দেৱজিৎ হাজৰিকা, সাংবাদিক দ্বীপেন শইকীয়াকে প্ৰমুখ্যে কৰি প্ৰায় কুৰিজনৰো অধিক স্থানীয় জ্যেষ্ঠ ব্যক্তিক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয় ৷ এই অনুষ্ঠানতে প্ৰশিক্ষাৰ্থী সকলক আঠ দিনীয়া বিহুনাচ-বিহুনাম-বিহুবাদ্যৰ প্ৰশিক্ষণ আগবঢ়াব বিহুনাচ-বিহুনাম-বিহুবাদ্যৰ প্ৰশিক্ষকত্বয় ক্ৰমে- মৃনাল কুমাৰ মেধী,পুলক শইকীয়া আৰু চুলেধৰ গগৈয়ে ৷ নগাঁও জিলাৰ সদৰ সমষ্টিৰ অন্তৰ্গত টকৌবাৰী সোনাইপাৰ অঞ্চলৰ সাংস্কৃতিক কৰ্মী তথা সমাজ সচেতন যুৱকৰ্মী স্বপনজ্যোতি ভূঞাই আঁত ধৰা অনুষ্ঠানটিত মুকলি বিহুনাচ-বিহুনাম-বিহুবাদ্যৰ উদ্যোক্তা মণ্ডলীৰ হৈ গীতাঞ্জলি ডেকা ভূঞা,ৰেখামনি ভূঞা,মনোজ ভূঞা, সুনিল নাথ,পিংকু শইকীয়া,পঙ্কজ ভূঞা,শৰৎ ভূঞা, ভাস্কৰজ্যোতি ভূঞাৰ লগতে অন্যান্য কেইবাজনো সদস্য-সদস্যাবৃন্দ উপস্থিত থাকে ৷ উল্লেখ্য যে টকৌবাৰী অঞ্চলৰ বিশিষ্ট সমাজসেৱক লয়ৰাম ডেকাৰ সভাপতিত্বত আৰু নগাঁও আদালতৰ অধিবক্তা তথা সমাজকৰ্মী হেমন্ত ভূঞাৰ সম্পাদনাত বৃহত্তৰ কাছমাৰী মৌজাত টকৌবাৰী অগ্ৰণী অনুষ্ঠান “অশ্বিনী একাডেমী” ৰ উদ্যোগত এই বিহুনাচ-বিহুগীত-বিহুবাদ্য আখৰাৰ কৰ্মশালা অনুষ্ঠানত প্ৰশিক্ষণ লবলৈ আগবাঢ়ি অহা শিশু,চেমনীয়া তথা যুৱতী সকলে বিহুনৃত্য, বিহুগীত, বিহুবাদ্য আদিৰে সমগ্ৰ টকৌবাৰী অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি তুলে। আয়োজিত আঠ দিনীয়া এই বিহু সম্পৰ্কীয় আখৰা তথা কৰ্মশালাটিত প্ৰশিক্ষক মৃণাল কুমাৰ মেধী,পুলক শইকীয়া আৰু চুলেধৰ গগৈয়ে প্ৰশিক্ষাৰ্থী সকলক বাপতিসাহোন ৰঙালী বিহুৰ ওপৰত বিভিন্ন প্ৰকাৰে প্ৰশিক্ষণ প্ৰদান কৰিব বুলি বিহুনাচ-বিহুনাম-বিহুবাদ্যৰ আখৰা তথা কৰ্মশালাৰ উদ্যোগক্তা সমিতিয়ে জানিব দিছে ।

প্ৰেৰক কনক হাজৰিকা

You might also like