নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাৰ্বি আংলঙত দুৰ্বৃত্তই জ্বলালে অস্থায়ী আৰক্ষী ছাউনী

🔹 অসম-মেঘালয় সীমান্তত পুনৰ উত্তেজনা
বিশেষ বাৰ্তা, ৪ মে’ : পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ অসম-মেঘালয় সীমান্তত যোৱানিশা এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় ৷ দুই ৰাজ্যৰ সীমান্তৱৰ্তী তথা পশ্চিম কাৰ্বি আংলং জিলাৰ অন্তৰ্গত তাপাত অঞ্চলৰ চিৰিলাংচ’ত থকা অসম আৰক্ষীৰ এটা অস্থায়ী আৰক্ষী ছাউনীত কোনো অচিনাক্ত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে ৷ সীমান্তৱৰ্তী অঞ্চলটোত সঘনাই হৈ থকা খাচী আৰু কাৰ্বি জনগোষ্ঠীৰ মাজৰ সংঘাত নিয়ন্ত্ৰণ তথা আইন-শৃংখলাজনিত কাৰণত স্থাপন কৰা অসম আৰক্ষীৰ এই অস্থায়ী পহৰা ছাউনীটোত কালি হঠাতে অগ্নিসংযোগ কৰা ঘটনাত সীমান্তৱৰ্তী অঞ্চলৰ লগতে পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ স্থানীয় ৰাইজে উক্ত অপ্ৰীতিকৰ কাণ্ডটি মেঘালয়ৰ খাচী দুৰ্বৃত্তই সংঘটিত কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ নিৰ্বাচনৰ বাবে উক্ত অস্থায়ী ছাউনীটোত থকা আৰক্ষীৰ জোৱানসকলক বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰাৰ বাবে বৰ্তমান কোনো এজনো আৰক্ষীৰ লোক ছাউনীটোত নাছিল বুলি জানিব পৰা গৈছে ৷ অৱশ্যে, স্থানীয় গাঁওবুঢ়াগৰাকীয়ে পশ্চিম কাৰ্বি আংলং জিলা আৰক্ষীক তাৎক্ষণিকভাৱে খবৰ দিয়ে যদিও ছাউনীটো সম্পূৰ্ণৰূপে ভস্মীভূত হৈ পৰে বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও পৰৱৰ্তী সময়ত অধিক তথ্য লাভ কৰিব পৰা যাব বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক টুটু নিগম
You might also like