নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লংখুত নামনি কপিলী জলবিদ্যুত প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ অসমত বিদ্যুৎ উৎপাদন বৃদ্ধি কৰাৰ উদ্দেশ্যৰে অসম শক্তি উৎপাদন নিগম লিমিটেডৰ ১২০ মেগাৱাট নামনি কপিলী জল বিদ্যুৎ প্ৰকল্পৰ আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ হাতেৰে ভূমি পূজন কার্যসূচী ৰূপায়ণ কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত ৰাজ্য চৰকাৰৰ  শক্তিমন্ত্ৰী শ্রীবিমল বৰা, উত্তৰ কাছাৰ পার্বত্য স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য শ্রীদেবোলাল গার্লোছা, কার্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য শ্রীতুলিৰাম ৰংহাঙেও মাংগলিক কার্যসূচীটোত অংশগ্রহণ কৰে।

কপিলী নৈৰ ওপৰত এই প্ৰকল্পটোৱে ২০২৫ চনৰ ভিতৰত পৰিষ্কাৰ শক্তিৰ পৰা যোগান ধৰা বিদ্যুৎ ৪৬৯ গিগাৱাটআৱাৰ (GWh) বৃদ্ধি কৰাত সহায় কৰাৰ লগতে সেউজ গৃহ গেছ নিৰ্গমন বছৰি ৩,৬০,০০০ টন হ্ৰাস কৰাত সহায় কৰিব। লগতে ইয়াৰ জৰিয়তে উৎপাদিত সুলভ আৰু পৰিষ্কাৰ বিদ্যুতে জীৱন ধাৰণৰ মান যথেষ্ট উন্নত কৰিব, ব্যৱসায়ৰ প্ৰচাৰ আৰু ৰাজ্যখনত নিযুক্তিৰ সুযোগ বৃদ্ধিতো উল্লেখনীয় ভূমিকা গ্রহণ কৰিব।

মুখ্যমন্ত্রীয়ে ভাষণত অসমকেন্দ্রিক বাহ্যিক প্ৰকল্পসমূহত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে মাননীয় কেন্দ্রীয় মন্ত্রীগৰাকীলৈ ধন্যবাদ জ্ঞাপন কৰে। মুঠ প্ৰকল্প ব্যয় ২২০০ কোটিৰ ভিতৰত ১৭০০ কোটি টকাই কেন্দ্রীয় চৰকাৰৰ দ্বাৰা প্ৰদান কৰাৰ কথাও ব্যক্ত কৰে। এল এণ্ড টিক প্রকল্পটোৰ নির্মাণকার্য ২০২৪ৰ জুনৰ ভিতৰত কঠোৰভাৱে সম্পূৰ্ণ কৰিবলৈ নির্দেশ প্রদানৰ লগতে প্ৰকল্পটোৰ পৰা আর্জিত ধনৰাশি ডিমা হাছাওৰ বিকাশৰ বাবে সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে জনায়।

You might also like