নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ৩৬ টা অক্সিজেন প্লেন্টৰ উদ্বোধন কৰিলে মোদীয়ে, অক্সিজেনৰ কোনো অভাৱ নহ’ব: সাংসদ ৰাজদীপ

 নিয়মীয়া বাৰ্তা ৭  অক্টোবৰঃ কৰোনাৰ দ্বিতীয় ঢৌৰ সময়ত দেশৰ আমজনতা অক্সিজেনৰ পৰা বঞ্চিত হৈছিল। গতিকে দেশখনত কৰ’নাৰ তৃতীয় ঢৌৰ আগতে সেই অভাৱ দূৰ কৰিবলৈ সাজু। বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩৫ খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৩৬ টা অক্সিজেন প্ৰকল্প উদ্বোধন কৰে। এইদিনা হৃষীকেশত এখন অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পিএম কেয়াৰ্চৰ অধীনত নিৰ্মাণ কৰা অক্সিজেন প্লেন্টৰ উদ্বোধন কৰে। ইয়াৰ ভিতৰত শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ এখন চিকিৎসালয়ৰ অক্সিজেন প্লেন্ট আছিল। প্ৰধানমন্ত্ৰীয়ে ইয়াক ভাৰ্চুৱেল ভাৱে উদ্বোধন কৰে।

অনুষ্ঠানটোত সাংসদ ডাঃ ৰাজদীপ ৰয়, বিধায়ক দীপায়ান চক্ৰৱৰ্তী, কাটিগৰাৰ বিধায়ক খলিল উদ্দিন মজুমদাৰ, জিলা উপায়ুক্ত কীৰ্তি জাল্লি, আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ, বিজেপিৰ জিলা সভাপতি বিমলেন্দু ৰয়, বিজেপি নেতা নিত্যভূষণ দে আৰু অন্যান্যসকল উপস্থিত আছিল। অনুষ্ঠানটোৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সাংসদ ডাঃ ৰাজদীপ ৰয়ে কয়, যদি কৰোনাৰ তৃতীয় ঢৌ আহে, শিলচৰৰ লগতে সমগ্ৰ দেশতে অক্সিজেনৰ কোনো অভাৱ নহ’ব। তেওঁ কয়, পিএম কেয়ার্চৰ অধীনত প্লেন্টটো চাৰি মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হৈছে। প্ৰতি মিনিটত এক হাজাৰ লিটাৰ অক্সিজেন উৎপাদন কৰা হ’ব। ইয়াৰ ফলত বৰাক উপত্যকাৰ লোকসকল উপকৃত হ’ব। তেওঁ কয়, অক্সিজেন উৎপাদনৰ কামকাজত বিপদ আছে। বেছিভাগেই জুইক ভয় কৰে। সেয়েহে, অগ্নি নিৰ্বাপক বাহিনীৰ সৈতে কথা পাতি স্থায়ী ব্যৱস্থা কৰা হ’ব, সাংসদজনে কয়।

You might also like