নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটত মানৱ সৰবৰাহকাৰী আটকঃ ডেৰ লাখ টকাত বিবাহিত মহিলাক হাৰিয়ানাত বিক্ৰী

সোলেঙিত বিক্ৰী কৰিছিল তিনি সন্তানক

নিয়মীয়া বাৰ্তা ৭ অক্টোবৰঃ জামুগুৰিহাটত আৰক্ষীয়ে আটক কৰিলে এটা মানৱসৰবৰাহকাৰী।অঞ্চলটোৰ জয়সিদ্ধিৰ বিতু বৰা নামৰ এজন যুৱকে জামুগুৰিহাটৰ হাটিঙাৰ এগৰাকী ৩৫ বছৰীয়া বিবাহিত মহিলাক চল-চাতুৰি আৰু প্ৰলোভন দেখুৱাই লৈ যায় আৰু ১ লাখ ৫০ হাজাৰ টকাত হাৰিয়ানাত বিক্ৰী কৰাৰ লগতে মহিলাগৰাকীৰ তিনি সন্তানকো গহপুৰ বেদেতীৰ দুজন যুৱকে সোলেঙিত বিক্ৰী কৰি দিছিল বুলি অভিযোগ উল্থাপন কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে।মে’ মাহত সংঘটিত হৈছিল এই ঘটনা।

কিন্তু হাৰিয়ানাৰ মানৱসৰবৰাহকাৰী চক্ৰটোৰ পৰা কৌশলৰে পলাই অহি জামুগুৰিহাটত উপস্থিত হোৱা মহিলা গৰাকীয়ে নিজৰ পৰিয়ালৰ লগতে গাঁওবাসীক এই কথা প্ৰকাশ কৰাৰ লগতে জামুগুৰি আৰক্ষীকো ঘটনা সন্দৰ্ভত অৱগত কৰাত সমস্ত ঘটনা পোহৰলৈ আহে।

আৰক্ষীয়ে মানৱসৰবৰাহকাৰী বিতু বৰাক গ্ৰেপ্তাৰ কৰাৰ লগতে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অতি শীঘ্ৰেই এই ঘটনাৰ লগত জড়িত দুষ্ট চক্ৰটোক কৰায়ত্ব কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে।

উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানৱসৰবৰাহকাৰী চক্ৰ সক্ৰিয় হৈ থকাৰ সময়তে জামুগুৰিহাটত আৰক্ষীয়ে আটক কৰা মানৱসৰবৰাহকাৰী যুৱকজনৰ ক্ষেত্ৰত পুংখানুপুংখ তদন্ত চলালে এটা বৃহৎ মানৱসৰবৰাহ কাৰী চক্ৰ পোহৰলৈ অহাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি সচেতন ৰাইজে মন্তব্য কৰিছে।

You might also like