নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খুমটাইত চুকাফাৰ সর্ববৃহৎ প্রতিমূর্তি উন্মোচন

নিয়মীয়া বাৰ্তা ২৫ ফেব্ৰুৱাৰীঃ  ‘একবিংশ শতিকাত আধুনিক প্রত্যাহ্বান মোকাবিলা কৰিব পৰাকৈ আধুনিক ধ্যান–ধাৰণাৰে আৰক্ষী বাহিনীক গঢ়ি তোলাৰ প্রয়োজনীয়তা আহি পৰিছে৷ সেই লক্ষ্য আৰু উদ্দেশ্য সন্মুখত ৰাখি বর্তমানৰ ৰাজ্য চৰকাৰে আৰক্ষী বাহিনীক শক্তিশালীকৰণৰ বাবে বিভিন্ন পদক্ষেপ গ্রহণ কৰি আহিছে৷ এই পদক্ষেপৰে অংশ হিচাপে দেৰগাঁৱত অসম আৰক্ষী একাডেমী নির্মাণৰ বাবে ৰাজ্য চৰকাৰে কাম–কাজৰ শুভাৰম্ভ কৰিছে৷ অনাগত দিনত এই পুলিচ একাডেমীয়ে অকল ৰাজ্যৰ আৰক্ষী বাহিনীকে নহয়, দেশ তথা বিদেশৰ আৰক্ষী বাহিনীক আধুনিক প্রশিক্ষণ আৰু প্রযুক্তিগতভাৱে দক্ষ কৰি তোলাৰ ক্ষেত্রত গুৰুত্বপূর্ণ অৰিহণা যোগাবলৈ সক্ষম হ’ব৷’ –আজি দেৰগাঁৱত অসম আৰক্ষী একাডেমীৰ ভূমিপূজন উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এইদৰে কয়৷

উল্লেখ্য যে আৰক্ষী প্রশিক্ষণ মহাবিদ্যালয়ৰ ১,১০০ বিঘা মাটিত ১,০২৪ কোটি টকা ব্যয় সাপেক্ষে এই আৰক্ষী একাডেমীখন নির্মাণ কৰা হ’ব৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে প্রশিক্ষণ মহাবিদ্যালয়ত আৰক্ষী বাহিনীৰ লোকসকলে জীৱন আৰু সম্পত্তিৰ সুৰক্ষা সাংবিধানিক দায়িত্ব পালনৰ বাবে প্রতিজ্ঞাবদ্ধ হয়৷ অসম আৰক্ষী একাডেমী নির্মাণ হৈ উঠিলে স্মার্ট আৰক্ষী নির্মাণৰ ক্ষেত্রত বহুদূৰ আগুৱাই যাব পৰা যাব৷ এই একাডেমীখন বিশ্বৰ মানচিত্রত জিলিকাই তুলিব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে বর্তমান যুগ প্রতিযোগিতাৰ যুগ৷ এই যুগত অৱতীর্ণ হৈ আমি আৰক্ষী বাহিনীৰ মর্যাদা অক্ষুণ্ণ ৰাখিব লাগিব৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে স্মার্ট আৰক্ষী বাহিনী গঢ়ি তোলাৰ বাবে যি আহ্বান জনাইছিল, সেই আহ্বানৰ প্রতি সঁহাৰি জনাই ৰাজ্য চৰকাৰে আৰক্ষী বাহিনীক আন্তঃগাঁথনিগত দিশৰ লগতে প্রযুক্তিগত দিশেৰে আগুৱাই নিয়াৰ বাবে দৃঢ়তাৰে প্রয়াস চলাই আহিছে৷ তথ্য–প্রযুক্তিয়ে আজি মানুহৰ জীৱনক প্রভাৱিত কৰিছে৷ তথ্য–প্রযুক্তিৰ মাধ্যমেৰে আৰক্ষী বাহিনীকো শক্তিশালী কৰি তুলিব লাগিব৷

মুখ্যমন্ত্রীয়ে কয় যে অসম অসামৰিক সেৱাৰ বিষয়াসকলক প্রশিক্ষণ প্রদানৰ বাবে উমৰাংছ’ত আনন্দৰাম বৰুৱা এ চি এছ ড্রেইনিং ইনষ্টিটিউট এটা গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে৷ বর্তমান যুগৰ সৈতে খাপ খুৱাই অসামৰিক সেৱাৰ বিষয়াসকলক দক্ষ কৰি তোলাৰ বাবে এনে প্রশিক্ষণ প্রতিষ্ঠান গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্রহণ কৰিছে৷ মুখ্যমন্ত্রীয়ে কয় যে কংগ্রেছৰ শাসনকালত জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছিল৷ মধ্যভোগীয়ে হিতাধিকাৰীৰ ধন আত্মসাৎ কৰিছিল৷ মেধাৱী ছাত্র–ছাত্রীসকলে নিযুক্তিৰ ক্ষেত্রত সুবিধা লাভ কৰা নাছিল৷ দুর্নীতিয়ে সমাজ জীৱন দুর্বল কৰি পেলোৱাৰ লগতে জনসাধাৰণৰ আস্থা আৰু বিশ্বাস হ্রাস পাইছিল৷ প্রধানমন্ত্রীৰ আদর্শৰে বর্তমানৰ ৰাজ্য চৰকাৰে সততা আৰু নিষ্ঠাৰে জনসাধাৰণৰ সেৱা আগবঢ়াই আহিছে৷ দৰিদ্র পৰিয়ালৰ সন্তানে মেধাৰ ভিত্তিত চাকৰি লাভ কৰিছে৷ দুর্নীতি আৰু ভ্রষ্টাচাৰৰ বিৰুদ্ধে যুঁজ দি চৰকাৰখনে সফলতা লাভ কৰিছে৷ এই চৰকাৰখনৰ বিচাৰধাৰাত যে আন্তৰিকতা আৰু মানৱতাবোধ আছে, তাক জনসাধাৰণে উপলব্ধি কৰিবলৈ সক্ষম হৈছে৷ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান (প্রশাসন) হৰমিৎ সিঙে আদৰণী ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত কৃষিমন্ত্রী অতুল বৰা, সাংসদ কামাখ্যাপ্রসাদ তাছা, বিধায়ক ভবেন্দ্রনাথ ভৰালী, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত আৰু গৃহ বিভাগৰ আয়ুক্ত সচিব এম এছ মণিৱন্ননেও ভাষণ প্রদান কৰে৷
খুমটাইত অসমৰ ভিতৰতে চুকাফাৰ সর্ববৃহৎ প্রতিমূর্তি উন্মোচন মুখ্যমন্ত্রীৰ
‘চুকাফাৰ আদর্শ নেওচি অসমীয়া জাতি বিশ্বৰ বুকুত শক্তিশালী হ’ব নোৱাৰে- সর্বানন্দ সোণোৱাল
‘চাওলুং চুকাফাৰ আদর্শ নেওচি অসমীয়া জাতি বিশ্বৰ বুকুত শক্তিশালী হ’ব নোৱাৰে৷ চুকাফাই অসমৰ জাতি–জনগোষ্ঠীক সমন্বয়ৰ বান্ধোনেৰে বান্ধিবৰ অসমৰ ভেটি নির্মাণ কৰিছিল৷ সকলো জাতি–জনগোষ্ঠীৰ মাজত সদ্ভাব আৰু সম্প্রীতি গঢ়ি তোলাত তেওঁ অশেষ প্রচেষ্টা গ্রহণ কৰিছিল৷ যথার্থতে চুকাফা আছিল অসমীয়া জাতিৰ খনিকৰ৷ আমিও এইগৰাকী মহান ব্যক্তিৰ আদর্শৰে বাট বুলিলেহে অসমীয়া জাতি বিশ্বৰ দৰবাৰত জিলিকি ডঠিব৷’ –আজি গোলাঘাট জিলাৰ খুমটাই নগাঁৱত অসমৰ ভিতৰতে চাওলুং চুকাফাৰ সর্ববৃহৎ প্রতিমূর্তি ডন্মোচন কৰি এনেদৰে মন্তব্য প্রকাশ কৰে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াৰ প্রচেষ্টাত নির্মিত চুকাফাৰ প্রতিমূর্তি ডন্মোচন কৰি তেওঁ আৰু কয় যে স্বর্গদেডসকলে জাতিৰ ভেটি নির্মাণ কৰাৰ বাবেই আমি বিশ্বত চিনাকি দিবলৈ সক্ষম হৈছোঁ৷ স্বর্গদেডসকলে সামাজিক, আধ্যাত্মিক আৰু প্রাকৃতিকভাৱে অসমত এক সুস্থ পৰিৱেশ ৰচনা কৰিছিল৷ তেওঁলোকে গ্রহণ কৰা পদক্ষেপ বর্তমানৰ একবিংশ শতিকাতো প্রাসংগিক হৈ পৰিছে৷ বিজেপি চৰকাৰে চৰাইদেডত ৪২গৰাকী স্বর্গদেডৰ স্মৃতিক্ষেত্র নির্মাণৰ প্রকল্প গ্রহণ কৰিছে৷ এতিয়া চৰকাৰে শ্রেষ্ঠতা প্রদর্শনৰ যাত্রা আৰম্ভ কৰিছে৷

চুকাফাৰ আদর্শৰে সকলো সৰু–বৰ জাতি–জনগোষ্ঠীক মর্যাদা দিয়া হৈছে৷ বিজেপি চৰকাৰে মে–ডাম–মে–ফীক ৰাজ্যিক পর্যায়ত অনুষ্ঠিত কৰাৰ পৰম্পৰা আৰম্ভ কৰিছে৷ অসমৰ লাচিত–চিলাৰায়ৰ দৰে বীৰ–বীৰাংগনাসকল আদর্শৰে যুৱক–যুৱতীসকলে বীৰত্ব অর্জন কৰি আগবাঢ়ি যাব লাগিব বুলিও মুখ্যমন্ত্রীয়ে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ তেওঁ বক্তব্য প্রসংগত চুকাফাৰ সর্ববৃহৎ প্রতিমূর্তি নির্মাণৰ প্রচেষ্টা গ্রহণ কৰা খুমটাইৰ বিধায়ক মৃণাল শইকীয়াক ভূয়সী প্রশংসা কৰে৷ খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই আদৰণী ভাষণ প্রদান কৰা সভাত বিশিষ্ট বোলছবি পৰিচালক, শিক্ষাবিদ দীনেশ গগৈ, প্রাক্তন সাংসদ ৰাজেন গোহাঁই, জিলা বিজেপিৰ সভাপতি দেৱপ্রদীপ বৰাই বক্তব্য প্রদান কৰে৷ আই চিং লাওৰে আৰম্ভ হোৱা সভাখনৰ আঁত ধৰে খুমটাই জিলা পৰিষদৰ সদস্য মুনীন্দ্র মোহন গগৈয়ে৷ ডল্লেখ্য যে প্রায় এক কোটি টকা ব্যয়েৰে চাডলুং চুকাফা ক্ষেত্রত নির্মিত প্রতিমূর্তিৰ ডচ্চতা ৩২ ফুট৷ ভাতৃত্ববোধৰ প্রতিমূর্তি শীর্ষক চুকাফাৰ প্রতিমূর্তি নির্মিত ক্ষেত্রত এখন সুদৃশ্য শিশু ডদ্যানো নির্মাণ কৰি ৰাইজৰ বাবে আজি মুকলি কৰা হয়৷ এই প্রতিমূর্তিৰ ভাস্কর্যবিদ যদুমণি গগৈক আজি মুখ্যমন্ত্রীয়ে ৰাজহুৱাভাৱে সম্বর্ধনা জ্ঞাপন কৰে৷

You might also like