ছামি ছুনামিত বিধ্বস্ত কিৱি : ফাইনেলত ভাৰত
বিশেষ বাৰ্তা, ১৬ নৱেম্বৰঃ বেটিং-বলিং বিক্রমেৰে চলিত বিশ্বকাপৰ খিতাপ যুঁজত প্রৱেশ কৰিলে ৰোহিত শর্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই৷ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হাইভ’ল্টেজ ছেমিফাইনেল মেচখনত টীম ইণ্ডিয়াই বিগত বিশ্বকাপৰ ৰানার্ছআপ নিউজিলেণ্ডক ৭০ ৰানত পৰাস্ত কৰে৷ চলিত বিশ্বকাপত ভাৰতৰ এয়া আছিল ক্রমাগত দশম জয়৷ মেচখনত ভাৰতীয় দলটোৰ জয়ৰ মূলতে হ’ল বিৰাট কোহলি আৰু শ্রেয়াছ আয়াৰৰ দুর্দান্ত শতকৰ লগতে মহম্মদ ছামিৰ বিধ্বংসী বলিং৷ ঘৰুৱা দল ভাৰতে জয়ৰ বাবে বান্ধি দিয়া ৩৯৮ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ডাৰিল মিচেলৰ দর্শনীয় শতক আৰু অধিনায়ক উইলিয়ামছনৰ অর্ধশতকৰ সহায়ত নিউজিলেণ্ডে ৪৮.৫ অ’ভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৩২৭ ৰানহে কৰে৷ মিচেলে ১৩৪ আৰু উইলিয়ামছনে ৬৯ ৰান কৰাৰ লগতে গ্লেন ফিলিপছে ৪১ ৰানৰ অৱদান আগবঢ়ায়৷ দলীয় স্ক’ৰ ৩৯ ৰানতে ক’নৱে আৰু ৰাচিনক আউট কৰি ছামিয়ে মেচখন কিৱিৰ পৰা কাঢ়ি আনিছিল৷ অৱশ্যে উইলিয়ামছন আৰু মিচেলে তৃতীয় উইকেটত ১৮১ ৰান সংগ্রহ কৰি দলক সবল স্থিতিত উপনীত কৰাইছিল যদিও দুয়োজনৰ বিদায়ৰ পিছতে দলটোৰ পৰাজয় নিশ্চিত হয়৷ ভাৰতৰ মহম্মদ ছামিয়ে ৭টাকৈ উইকেট দখল কৰি দলৰ জয়ত মুখ্য ভূমিকা লয় আৰু মেচখনত শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে৷ বুমৰাহ, ছিৰাজ আৰু কুলদীপে এটাকৈ উইকেট লাভ কৰে৷ ইয়াৰ পূর্বে প্রথমে বেটিং কৰিবলৈ আহি এদিনীয়া ক্রিকেটত ৫০সংখ্যক শতক অর্জন কৰা বিৰাট কোহলিৰ ১১৭, শ্রেয়াছ আয়াৰৰ ১০৫, শুভমন গিলৰ অপৰাজিত ৮০ আৰু ৰোহিত শর্মাৰ ৪৭ ৰানৰ সহায়ত টীম ইণ্ডিয়াই নির্ধাৰিত ৫০ অ’ভাৰত চাৰিটা উইকেট হেৰুৱাই ৩৯৭ ৰান সংগ্রহ কৰে৷ ৰাহুলে ২০টা বলত ৩৯ ৰান কৰি অপৰাজিত হৈ থাকে৷ অধিনায়ক ৰোহিত শর্মাই শুভমন গিলৰ সৈতে ইনিংছ মুকলি কৰি দলক বিস্ফোৰক আৰম্ভণি দিয়ে৷ ৰোহিতে ২৯টা বলত ৪৭ ৰান কৰি বিদায় লয় যদিও শুভমন ব্যক্তিগত ৭৪ ৰানত ৰিটায়ার্ড হার্ট হয় যদিও শেষৰ পিনে পুনৰ বেটিং কৰিবলৈ আহে৷ কোহলিয়ে ১১৩টা বলত ১১৭ ৰান কৰি বিদায় লোৱাৰ পূর্বে এদিনীয়া কেৰিয়াৰত ৫০সংখ্যক শতক কৰি বিশ্ব অভিলেখ স্থাপন কৰে৷ ইফালে বিগত মেচত শতক অর্জন কৰা আয়াৰে আজি ৭০টা বলত ১০৫ ৰানৰ দুর্দান্ত ইনিংছ খেলে৷
#বাৰ্তা ডেস্ক