নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাটাছাৰকুছিত প্ৰাগজ্যোতি বক্তৃতানুষ্ঠান সম্পন্ন

ভাষাৰ বিজ্ঞান সন্মত অধ্যয়ন অতি প্ৰয়োজন : ড° দীনেশ চন্দ্ৰ গোস্বামী

নিয়মীয়া বাৰ্তা, ৯ ফেব্ৰুৱাৰী : ভাষাৰ বিজ্ঞান সন্মত অধ্যয়ন অতি প্ৰয়োজন। ভাষাৰ বিজ্ঞান সন্মত অধ্যয়নৰ জৰিয়তেহে সৰ্বজনগ্ৰায্য ৰূপ পাবলৈ সক্ষম হয়। এইদৰে কলে ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত লেখক, সাহিত্যিক তথা বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে। পাটাছাৰকুছিৰ অন্যতম স্বেচ্চাসেৱী সামাজিক অনুষ্ঠান প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত আজি পাটাছাৰকুছিৰ নিৰ্মল হালৈ মহাবিদ্যালয়ৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত ২সংখ্যক প্ৰাগজ্যোতি বক্তৃতানুষ্ঠানৰ “আমাৰ ভাষাটো শুদ্ধকৈ কওঁ আৰু লিখোঁ আহক” শীৰ্ষক বক্তৃতাটো প্ৰদান কৰি তেখেত অসমীয়া ভাষাৰ অভিধানীক আৰু প্ৰচলিত অৰ্থৰ বিষয়ে আলোচনা কৰাৰ লগতে সচৰাছৰ হৈ থকা ভুল বোৰ আঙুলিয়াই দি ছাত্ৰ-ছাত্ৰী সকলক অসমীয়া ভাষাৰ ব্যৱহাৰত সতৰ্ক হবলৈ আহ্বান জনায়। তেওঁ লগতে অসমীয়া ভাষাৰ অনন্য সৌন্দৰ্য্যৰ বিষয়ে আলোচনা কৰি ‘ইকাৰ’, ‘উকাৰ’, সমাস, বিভক্তিৰ বিশ্লেষণাত্মক বাখ্যা আগবঢ়াই অসমীয়া ভাষাৰ বিবৰ্তনৰ বিষয়েও বক্তৃতানুষ্ঠানটোত ভাষাবিদ গৰাকীয়ে অবগত কৰে। বক্তৃতানুষ্ঠানটোৰ তত্বাবধায়ক নিতুল শৰ্মাই আঁত ধৰা তথা এইবেলি পাটাছাৰকুছিৰ সন্তান কেবাখনো বিদ্যায়লৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, সাহিত্যিক তথা সমাজকৰ্মী প্ৰয়াত ৰঘুনাথ দেৱ চৌধুৰীৰ নামত উৎসগিত এই বক্তৃতানুষ্ঠানটিৰ আৰম্ভণিতে ৰঘুনাথ দেৱ চৌধুৰীৰ প্ৰতিকৃতিত স্মৃতি তৰ্পন কৰে নিৰ্মল হালৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কৌশিক কুমাৰ ডেকা আৰু প্ৰয়াত ৰঘুনাথ দেৱ চৌধুৰীৰ বোৱাৰী সৰলা দেৱী চৌধুৰীসহ ক্লাবৰ কাৰ্যকৰী সভাপতি প্ৰহ্লাদ পাঠক আৰু সম্পাদক শিখৰ গোস্বামীয়ে। স্মৃতি তৰ্পন কৰি মহাবিদ্যালয়খনৰ নৱ নিযুক্ত অধ্যক্ষ ডেকাই ক্লাবৰ এনে প্ৰচেষ্টাক ধন্যবাদ জনোৱাৰ লগতে বক্তৃতানুষ্ঠানটোত এনে এটি গুৰুত্বপূৰ্ণ বিষয় বাছনি কৰাৰ বাবে শলাগ লয়। তেখেতে স্থানীয় তথা পাটাছাৰকুছি সম্বন্ধীয় তথ্য সংগ্ৰহৰ বাবে মহাবিদ্যালয়খনৰ গ্ৰন্থাগাৰত সেই সম্বন্ধীয় গ্ৰন্থ সুকীয়াকৈ সংৰক্ষনৰ ব্যৱস্থা কৰা হব বুলি ব্যক্ত কৰে। ক্লাবৰ শীৰ্ষক সংগীত পৰিবেশনৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বক্তৃতানুষ্ঠানটোৰ তত্বাবধায়ক আমিনুল হকে আদৰণি অনুষ্ঠানৰ আঁত ধৰে। ছাত্ৰ- ছাত্ৰীকে ধৰি তিনি শতাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত মুনীন্দ্ৰ নাৰায়ন গোস্বামী, ৰবীন্দ্ৰ নাথ শৰ্মাকে ধৰি বহু সংখ্যক গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে।

প্ৰেৰক উৎপল মেধি

You might also like