নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাডাখৰ পৰা উভতি আহোঁতে লক্ষ্ণৌৰ সমীপত পথ দুৰ্ঘটনাত পতিত হৈ যুৱ অভিযন্তাৰ মৃত্যু

বিশেষ বাৰ্তা, ১৩ জুনঃ মৰিয়নিৰ নাগাজাংকাৰ গড়মুৰ গাঁও নিৱাসী, যুৱ অভিযন্তা নিতু ৰাজকোঁ‌ৱৰ (২৮) ৰ কালি লক্ষ্ণৌৰ সমীপত হোৱা এক শোকাবহ পথ দুৰ্ঘটনাত মৃত্যু হৈছে । নিতু ৰাজকোঁ‌ৱৰ গুৱাহাটীৰ নুনমাটি শোধনাগাৰত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত অৱস্থাত আছিল । ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, নিতু ৰাজকোঁ‌ৱৰে তিনিজন বন্ধুৰ সৈতে লাডাখলৈ মটৰ চাইকেল লৈ গৈছিল । দীৰ্ঘ দুৰত্বত মটৰ চাইকেল চলাই পূৰ্বৰে পৰা ভালপোৱা নিতুৱে লাডাখৰ পৰা উভতিও আহিছিল । কিন্তু কালি পুৱা প্ৰায় ১০-৩০ মান বজাত লক্ষ্ণৌৰ সমীপত এক ভয়াবহ দুৰ্ঘটনাত পতিত হয় আৰু দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি লয় । মৰিয়নিৰ নাগাজাংকাৰ গড়মুৰ গাঁ‌ৱৰ নিবাসী প্ৰণৱ ৰাজকোঁ‌ৱৰ আৰু অনু গগৈ ৰাজকোঁ‌ৱৰৰ একমাত্ৰ সন্তান প্ৰয়াত নিতু পঢ়াশুনাত সৰুৰে পৰাই মেধাৱী আছিল । মৰিয়নিৰ মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ন হোৱাৰ পিছত মৰিয়নি মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিকত অধ্যয়ন কৰে । পিছত যোৰহাট প্ৰিন্স অৱ ৱেলছত শিক্ষাগ্ৰহণ কৰি তাৰ পৰাও সুখ্যাতিৰে উত্তীৰ্ন হয়। কিছুদিন দুলীয়াজানত থকাৰ পিছত নুনমাটি শোধনাগাৰত কনিষ্ঠ অভিযন্তা হিচাপে যোগদান কৰিছিল । সম্প্ৰতি তাতেই থাকিবলৈ লৈছিল যুৱ অভিযন্তাজনে । জানিব পৰা মতে পিতৃ মাতৃকো লৈ গৈছিল তালৈ । কিন্তু নিয়তিৰ ওচৰত হাৰ মানিলে সকলোৰে মাজত জনপ্ৰিয় নিতুৱে ।অত্যন্ত অমায়িক আৰু ভদ্ৰ যুৱ অভিযন্তাজনৰ আকস্মিক মৃত্যুত নাগাজাংকাৰ লগতে মৰিয়নি অঞ্চলত শোকৰ ছাঁ‌ পৰিছে । আজি সন্ধিয়া মৃতদেহ বিমান যোগে গুৱাহাটী আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয় । তাতেই অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত বহু গুণমুগ্ধৰ উপস্থিতিত অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ।পিতৃ প্ৰণৱ ৰাজকোঁ‌ৱৰ আৰু মাতৃ অনু গগৈ ৰাজকোঁ‌ৱৰয়ে একমাত্ৰ সন্তানক হেৰুৱাই শোকাহত হৈ পৰিছে । নিতুৰ মৃত্যুত মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলন, নাগাজাংকা যুৱ সমাজ, মৰিয়নিৰ কিংশুক আদি বহু সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like