নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি দ্বিতীয় মৃত্যুবাৰ্ষিকীঃ সুশান্ত সিঙৰ এই ইচ্ছা পূৰণ কৰিছিল শ্বাহৰুখ খানে

বিশেষ বাৰ্তা, ১৪ জুনঃ প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতে এবাৰ শ্বাহৰুখ খানৰ সৈতে তেওঁৰ গৃহ মন্নতত পাৰ্টী কৰিছিল। ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত সুশান্তই নিজেই এই বিষয়ে কৈছিল। তেওঁ কৈছিল যে কেৰিয়াৰ গঢ়াৰ বাবে পৰিশ্ৰম কৰি থকা দিনত এদিন তেওঁ বন্ধুৰ সৈতে শ্বাহৰুখৰ ঘৰৰ ওচৰৰে কফী শ্ব’প এখনত বহি আছিল আৰু দেখিছিল শ্বাহৰুখৰ ঘৰলৈ সোমাই যোৱা বহু বিলাসী গাড়ী। সিদিনা মন্নতত শ্বাহৰুখে এটা পাৰ্টীৰ আয়োজন কৰিছিল। শৈশৱৰে পৰা যশৰাজ ফিল্মছৰ বৰ অনুৰাগী সুশান্তে শ্বাহৰুখৰ ছবি বৰকৈ উপভোগ কৰিছিল। সিদিনা প্ৰিয় অভিনেতাজনৰ ঘৰৰ পাৰ্টী বাহিৰৰ পৰা দেখি সুশান্তে নিজকে কথা দিছিল যে এদিন তেৱোঁ শ্বাহৰুখৰ পাৰ্টীত উপস্থিত থাকিব, তেওঁ সেইদৰে নিজকে গঢ়িব। আৰু সেই হেঁপাহ পুৰণো হৈছিল পিছত। অভিনেতা হিচাপে উদ্য়োগত খ্য়াত হোৱাৰ পিছত এবাৰ তেওঁক শ্বাহৰুখৰ ঘৰলৈ ঈদৰ পাৰ্টীত আমন্ত্ৰণ জনোৱা হৈছিল। সেই আমন্ত্ৰণ পাই অতি সুখী হৈছিল সুদক্ষ অভিনেতাজন। টিভিৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰা সুশান্ত সিং ৰাজপুতে ‘পবিত্ৰ ৰিছতা’ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল। ‘কাই পু চে’ৰ জৰিয়তে বলীউডত অভিষেক ঘটিছিল তেওঁৰ। ২০২০ চনৰ ১৪ জুনত মৃত অৱস্থাত নিজৰ গৃহত উদ্ধাৰ হৈছিল সুশান্ত। মাত্ৰ ৩৪ বছৰ বয়সতে তেওঁ ইহ সংসাৰৰ পৰা চিৰবিদায় লৈছিল।

You might also like