নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৱাল আৰক্ষীৰ বৃহৎ সফলতা, ড্ৰাগছসহ ৩জনক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, ২৬ এপ্ৰিল : লাহোৱাল আৰক্ষীয়ে পুনৰ এবাৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই উল্লেখযোগ্য সফলতা লাভ কৰিছে। আৰক্ষীয়ে তালাচী চলাই থকা অৱস্থাত দুলীয়াজান অভিমুখে গৈ থকা এখন Alto K10 (AS 22L 6272) বাহনত বৃহৎ পৰিমাণৰ সন্দেহজনক ড্ৰাগছ জব্দ কৰে।

প্ৰায় ২৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত কৰুণ দাহাৰ, দীপজ্যোতি শইকীয়া আৰু লহৰ দাসক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

ঘটনাৰ পিছত আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে আৰু ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত আন লোকৰ সন্ধান চলাই আছে।

You might also like