🔹 বখলা-বখলে এৰাইছে ব্লেক টপিং
নিয়মীয়া বাৰ্তা, ৩ ডিচেম্বৰ : মাজুলীৰ লোকনিৰ্মাণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ চৰম গাফিলতি তথা দায়িত্বজ্ঞানহীনতাৰ সুযোগ গ্ৰহণ কৰি আসোঁৱাহপূৰ্ণ তথা নিম্নমানেৰে নিৰ্মাণ কৰিছে জেংৰাইমুখৰ লখিমী-মায়াবজাৰ গড়কাপ্টানী পথ মেৰামতিৰ কাম। প্ৰাককলন মতে নিৰ্মাণ নকৰা তথা নিম্নমানৰ সামগ্ৰীৰ ব্যৱহাৰৰ পৰিপ্ৰেক্ষিতত বৰ্তমান নিৰ্মীয়মাণ অৱস্থাতে ব্লেক টপিঙৰ শিলগুটি উঠি যোৱাৰ লগে লগে নিৰ্মাণকাৰ্যত হোৱা বিসংগতিৰ মান স্পষ্ট হৈ পৰিছে। উল্লেখ্য যে উজনি মাজুলীৰ অন্যতম গুৰুত্বপূৰ্ণ গড়কাপ্টানী পথ লখিমী-মায়াবজাৰ গড়কাপ্টানী পথৰ কদৰ্য অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখ ৰাজ্যৰ লোকনিৰ্মাণ বিভাগে ২০১৯-২০ বিত্তীয় বৰ্ষত এক কোটি পোন্ধৰ লাখৰ এছঅ’পিডি পুঁজি আবণ্টন দিছিল। সেইমতে ২০২০ চনৰ ডিচেম্বৰত ইয়াৰ মেৰামতি কাম আৰম্ভ হৈছিল। প্ৰকল্প ৰূপায়ণৰ প্ৰাথমিক সময়ত দেখা দিয়া নিম্নমানৰ বাবে স্থানীয় ৰাইজে সেই সময়ত প্ৰতিবাদ কৰিছিল। ইয়াৰ পিছত পথছোৱাৰ মেৰামতিৰ কাম এক অজ্ঞাত কাৰণত বন্ধ হৈ থকাৰ পিছত শেহতীয়াকৈ পুনৰ আৰম্ভ কৰা হৈছে এই প্ৰকল্পৰ মেৰামতিৰ কাম-কাজ। সুদীৰ্ঘ তিনি বছৰৰ পিছত পুনৰ পথ মেৰামতিৰ কাম শেহতীয়াকৈ আৰম্ভ হৈছে যদিও পূৰ্বৰ দৰে আসোঁৱাহপূৰ্ণ তথা অনিয়মৰ আশ্ৰয় গ্ৰহণ কৰি ৰূপায়ণ কৰিছে কোটিটকীয়া প্ৰকল্পৰ কাম। প্ৰকল্প ৰূপায়ণৰ নামত ল’ৰা-ধেমালিৰে নিৰ্মাণ কৰি পথ উন্নয়নৰ বাবে আবন্টিত ধন শৰাধ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছে নিৰ্মাণকাৰী ঠিকাদাৰ পক্ষ তথা মাজুলী লোকনিৰ্মাণ বিভাগ। এইক্ষেত্ৰত মাজুলীৰ স্থানীয় বিধায়ক ভুবন গাম তথা জিলা উপায়ুক্তক নজৰ দিবলৈ সচেতন ৰাইজে আহ্বান জনাইছে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড