নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হাজাৰ বছৰীয়া ‘লীনিং টাৱাৰ’ খহি পৰাৰ সম্ভাৱনা প্ৰকট

🔹  স্তম্ভটোক লৈ ইটালী চহৰত হাই এলার্ট

বিশেষ বাৰ্তা, ৩ ডিচেম্বৰ : ইটালীৰ বলোনাস্থিত গেৰিছেন্দা টাৱাৰ যাক ‘লীনিং’ টাৱাৰ হিচাপে সমগ্র বিশ্বই জানে ৷ সেই হাজাৰ বছৰীয়া পুৰণি ‘লীনিং টাৱাৰ’টো যিকোনো মুহূর্তত খহি পৰাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ এনে পৰিপ্রেক্ষিতত ইটালীৰ চহৰখনত হাই এলার্ট জাৰি কৰা হৈছে৷ হাজাৰ বছৰ পুৰণি সু–উচ্চ স্তম্ভটো সম্প্রতি খহি পৰাৰ সম্ভাৱনা বৃদ্ধি পোৱাৰ পৰিপ্রেক্ষিতত প্রশাসনে স্তম্ভটোৰ চৌপাশে ধাতুৰ আৱৰণ গঢ়ি তুলিছে৷ ১৫০ ফুট দৈর্ঘ্যৰ ‘লীনিং টাৱাৰ’টো চতুর্দশ শতিকাত ৪ ডিগ্রী হেলনীয়াকৈ নির্মাণ কৰা হৈছিল৷ স্তম্ভটোৰ শীর্ষ স্থানটো কর্তৃপক্ষই আঁতৰ কৰাৰ লক্ষ্য লৈছে যদিও এতিয়ালৈকে সেয়া সম্ভৱ হোৱা নাই৷ বিগত কেইবাবছৰ ধৰি চৰকাৰখনে স্তম্ভটোৰ ঐতিহ্য বর্তাই ৰাখিবলৈ পদক্ষেপ লৈ আহিছে। ইয়াৰ পৰিপ্রেক্ষিততো স্তম্ভটোৰ সক্ষমতাৰ সময় প্রায় টুটি অহাৰ বাবে ভাগি পৰাৰ সম্ভাৱনা আছে৷ ইয়াৰ বাবে চহৰখনত যাতে নাগৰিকৰ বিপদ আহি নপৰে, তাৰ বাবে প্রশাসনে ব্যৱস্থা গ্রহণ কৰিছে৷ চহৰখনত হাই এলার্ট জাৰি কৰা হৈছে৷ ২০১৯ চনৰ পৰাই এই স্তম্ভটো বৈজ্ঞানিক বিশেষজ্ঞই নিৰীক্ষণ কৰি আছে৷

You might also like