নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰিত পৰিবহণ বিভাগৰ অভিযান

নিয়মীয়া বাৰ্তা ৩ ডিচেম্বৰঃ গুৱাহাটীৰ ৰাজপথত সংঘটিত হোৱা পথ দুর্ঘটনা ৰোধৰ প্রতি লক্ষ্য ৰাখি কেতবোৰ নতুন নির্দেশনা জাৰি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে৷ ইয়াৰ অংশ হিচাপে যোৱা এক ডিচেম্বৰৰ পৰা জিলা পৰিবহণ বিভাগে ৰাজপথত চলাচল কৰা দুচকীয়া বাহনৰ চালক–আৰোহীৰ ক্ষেত্রত হেলমেট পৰিধান বাধ্যতামূলক কৰিছে৷ জিলা পৰিবহণৰ এই নির্দেশনা উলংঘা কৰাসকলক এহাজাৰ টকা জৰিমনা বিহাৰ লগতে চালকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰি ৰাজপথত যান–বাহন আৰক্ষীৰ সহযোগত অভিযান তীব্রতৰ কৰি তুলিছে৷

পহিলা ডিচেম্বৰৰ পৰা ৰাজপথত যান–বাহন আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়া–কর্মচাৰীসক অভিযান চলাই আহিছে৷ অভিযানকালত আৰক্ষীয়ে অজ্ঞাত লোকসকলক নিজৰ লগতে আনৰ জীৱন বচোৱাবলৈ হেলমেট পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ বিপৰীতে আৰক্ষীৰে তর্কত লিপ্ত হোৱা বহুতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে৷ আনহাতে বৃহস্পতিবাৰেও জিলা পৰিবহণ বিষয়া হিমাংশু দাসৰ নেতৃত্বত মহানগৰীৰ গণেশগুৰিত অভিযান চলায়৷ অভিযানকালত পৰিবহণ বিষয়াৰ কার্যালয়ে অর্ধশতাধিক সাংবাদিকক হেলমেট বিতৰণ কৰে৷

You might also like