নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সততা–নিষ্ঠাৰে কাম কৰি জনসাধাৰণৰ মিত্র হ’ব লাগিব আৰক্ষী

লামডিং থানাৰ নৱনির্মিত ভৱন মুকলি সর্বানন্দ সোণোৱালৰ

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ   মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মঙলবাৰে মৈত্রী আঁচনিৰ অধীনত লামডিং থানাৰ নৱনির্মিত ভৱনৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্রী সোণোৱালে কয়– আমাৰ ৰাজ্যখন পূর্বৰ অসম হৈ থকা নাই৷ ২০১৬ চনৰ পৰা বর্তমানলৈকে ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বাবে ৰাইজৰ মানসিকতাৰ পৰিৱর্তন সাধন হৈছে৷ আধুনিক প্রতিযোগিতামুখী যুগৰ সৈতে সমানে আগুৱাই যোৱাৰ মানসিকতা গঢ় লৈ উঠিছে৷ ২০১৬ চনৰ পৰা বিভিন্ন অপশক্তিয়ে কূট–কৌশল ৰচনা কৰিছিল যদিও ৰাইজে তাক প্রতিহত কৰি শান্তিপূর্ণ সহাৱস্থানেৰে এখন শক্তিশালী অসম নির্মাণৰ যাত্রাত অৱতীর্ণ হৈছে৷ অসমৰ সামাজিক জীৱনত যি নতুন পৰিৱর্তন আহিছে সেয়া হৈছে সমন্বয়৷ মৈত্রী আঁচনিৰ জৰিয়তে থানাসমূহ আধুনিক ৰূপত গঢ়ি তোলা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে জনসাধাৰণৰ জীৱন আৰু সা–সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু আধুনিক প্রযুক্তিৰে চাইবাৰ ক্রাইমৰ লেখীয়া অপৰাধ ৰোধ কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্রহণ কৰা হৈছে৷ তেওঁ কয় যে অকল শান্তি–শৃংখলা ৰক্ষাৰ দায়িত্বতে নহয়, আৰক্ষীয়ে সামাজিক দায়বদ্ধতাৰো পৰিচয় দাঙি ধৰিছে৷ লকডাউনৰ সময়ছোৱাত আর্তজনলৈ সহায়ৰ হাত আগবঢ়াই আৰক্ষীয়ে সেৱাৰ মানসিকতাৰ পৰিচয় দাঙি ধৰিছে৷ প্লাজমা দানৰ লেখীয়া পদক্ষেপেৰে আৰক্ষী বাহিনীয়ে জনতাৰ বন্ধু হিচাপে পৰিচয় দাঙি ধৰিছে৷ সততা, নিষ্ঠাৰে সেৱা আগবঢ়াই ৰাইজৰ মিত্র হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে আৰক্ষী বাহিনীৰ লোকে ২৪ ঘণ্টাই কাম কৰাৰ মানসিকতাৰে নিজৰ কর্ম পথাৰত মনোনিৱেশ কৰিব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আত্মনির্ভৰশীল ভাৰত গঢ়াৰ বাবে যি আহ্বান জনাইছে সেই আহ্বানৰ প্রতি সঁহাৰি জনাই ৰাজ্য চৰকাৰেও আত্মনির্ভৰশীল অসম গঢ়াৰ যাত্রাত অৱতীর্ণ হৈছে৷ তেওঁ লগতে কয় যে দুর্নীতিমুক্ত অসম গঢ়াৰ বাবে ৰাজ্য চৰকাৰে যি লক্ষ্যৰে কাম কৰিছিল, সেই ক্ষেত্রত সফলতা লাভ কৰিছে৷ ক’ৰোনা ভাইৰাছ আমাৰ সকলোৰে বাবে অগ্ণি পৰীক্ষা বুলি উল্লেখ কৰি ইয়াক সজাগ–সচেতনতাৰে আৰু স্বাস্থ্যবিধি মানি চলি পৰাভূত কৰিব লাগিব৷ মধ্য মণ্ডলৰ উপ–আৰক্ষী মহাপৰিদর্শক সত্যৰাজ হাজৰিকাই আদৰণী ভাষণ দিয়া আজিৰ এই অনুষ্ঠানত লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্র আৰু আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তয়ো ভাষণ দিয়ে৷ অনুষ্ঠানত বিধায়ক ক্রমে শিলাদিত্য দেব, ৰূপক শর্মা, ডিম্বেশ্বৰ দাস, অসম চেম্বার্ছ অৱ কমার্চৰ অধ্যক্ষ ৰূপম গোস্বামী, হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷ ইয়াৰ পিছতে মুখ্যমন্ত্রীয়ে ৰাজ্য চৰকাৰৰ অনির্ধাৰিত পুঁজিৰে নির্মাণ কৰিবলগীয়া লামডিং মাছ বজাৰৰো আধাৰশিলা স্থাপন কৰে৷
কালীবাৰী–শীতলাবাৰী মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ শিলান্যাস
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মঙলবাৰে হোজাই জিলাৰ লামডিঙত ‘অসম দর্শন’ আঁচনিৰ অধীনত কালীবাৰী আৰু শীতলাবাৰী মন্দিৰৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰে৷ উল্লেখ্য যে ‘অসম দর্শন’ আঁচনিৰ অধীনত দুয়োটা মন্দিৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্রত্যেককে ১০ লাখ টকাকৈ আর্থিক সাহায্য আগবঢ়োৱা হৈছে৷ আনহাতে, লামডিং নামঘৰত সেৱা আগবঢ়াই তাত উপস্থিত থকা ভক্তগণক সম্বোধি মুখ্যমন্ত্রী সোণোৱালে কয় যে অসমৰ মঠ–মন্দিৰ, সত্র–দেৱালয়সমূহ বিকাশ আৰু সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে ‘অসম দর্শন’ আঁচনিৰ অধীনত আর্থিক সাহায্য আগবঢ়াইছে৷ স্বাধীনতাৰ ৭০ বছৰ পিছত প্রথমবাৰৰ বাবে এনে ধৰণৰ আঁচনি গ্রহণ কৰা হৈছে৷ সামাজিক–সাংস্কৃতিক আৰু আধ্যাত্মিক উন্নয়নৰ বাবে পূর্বৰ চৰকাৰসমূহে এনেধৰণৰ আঁচনি গ্রহণ কৰাৰ নজিৰ নাই৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱে অসমৰ আধ্যাত্মিক আৰু সাংস্কৃতিক জীৱন চহকী কৰি থৈ গৈছে৷ মহাপুৰুষগৰাকীৰ সৃষ্টিৰাজিৰ মাজেৰে প্রৱাহিত ভক্তিৰসৰ মাজত মানৱীয় অনুভূতি বিচাৰি পোৱা যায়৷ মহাপুৰুষগৰাকীয়ে যি বাণী অর্পণ কৰি গৈছে তাৰ আধাৰত এখন শক্তিশালী অসম নির্মাণ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয়– বর্তমানৰ ৰাজ্য চৰকাৰে ২০১৬ চনৰ পৰা প্রতিটো জাতি–জনগোষ্ঠীৰ সম–উন্নয়ন আৰু সম–মর্যাদাৰ বাবে কাম কৰি আহিছে৷ আমাৰ মাজত থকা শক্তি, সম্পদ আৰু সম্ভাৱনাক উজলাই তুলিবলৈ হ’লে কঠোৰ পৰিশ্রম কৰিব লাগিব৷ কর্মৰ জৰিয়তে এখন আদর্শ ৰাজ্য গঢ়ি তুলিব লাগিব৷ মুখ্যমন্ত্রীয়ে গুৰুজনাই দি যোৱা বাণীৰে শান্তি–সম্প্রীতি আৰু ভাতৃত্ববোধৰ সমাজ নির্মাণ কৰিবলৈ সকলোকে আহ্বান জনায়৷ ক’ৰোনা ভাইৰাছ সংক্রমণ প্রতিহত কৰাৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে দিয়া নীতি–নির্দেশনা মানি চলিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে কয় যে মাস্ক পৰিধান নকৰিলে, সামাজিক দূৰত্ব বজাই নাৰাখিলে বিপদত পৰিব৷ সামাজিক দায়বদ্ধতাৰে স্বাস্থ্য বিধি মানি চলিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে কয়৷ এই অনুষ্ঠানত বিধায়ক ক্রমে শিবু মিশ্র, শিলাদিত্য দেব, ৰূপক শর্মা, ডিম্বেশ্বৰ দাস, অসম চেম্বার্ছ অৱ কমার্চৰ অধ্যক্ষ ৰূপম গোস্বামী, হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্যান্য গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like