নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰচিবিৰ হৈ খেলিবলৈ উৎকণ্ঠিত আডাম জাম্পা

নিয়মীয়া বাৰ্তা ১৬ ছেপ্টেম্বৰঃ আগন্তুক আই পি এলত ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ হৈ খেলিবলৈ উৎকণ্ঠাৰে অপেক্ষা কৰিছে অষ্ট্রেলিয়াৰ উদীয়মান লেগ স্পিনাৰ আডাম জাম্পাই৷ ইংলেণ্ডৰ বিৰুদ্ধে সম্প্রতি এদিনীয়া শৃংখলাত ব্যস্ত থকা ২৪ বছৰীয়া ক্রিকেটাৰগৰাকীয়ে কয় যে আৰ চি বিত য়ুজৱেন্দ্র চাহালৰ সৈতে খেলিবলৈ তেওঁ অত্যন্ত উৎকণ্ঠিত হৈ আছে৷

উল্লেখ্য যে বিৰাট কোহলি নেতৃত্বাধীন আৰ চি বিয়ে অষ্ট্রেলিয়াৰ তাৰকা বেগী বলাৰ কেন ৰিছার্ডচনৰ স্থানত উদীয়মান লেগ স্পিনাৰ জাম্পাক আমন্ত্রণ জনাইছে৷ ইউ এ ইৰ মন্থৰ আৰু স্পিনসহায়ক উইকেটৰ প্রতি লক্ষ্য ৰাখি দলটোৱে জাম্পাৰ দৰে এগৰাকী দক্ষ স্পিনাৰক অন্তর্ভুক্ত কৰিছে৷ ইংলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত দুর্দান্ত বলিঙেৰে জাম্পা উজলি উঠিছে৷

You might also like