নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুপ্ত ধনৰ সন্ধানত দুর্বৃত্তই খান্দিলে চৰাইদেউৰ ঐতিহাসিক লাংকুৰি দৌল

নিয়মীয়া বাৰ্তা, ২৪ আগষ্ট: অসমৰ সোণালী ইতিহাসৰ স্মৃতি বহন কৰা পৌৰাণিক সমলসমূহ সুৰক্ষিত কৰি ৰখাৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন সময়ত অভিলাষী আঁচনি ঘোষণা কৰি আহিছে যদিও আজিও প্রকৃত অর্থত সুৰক্ষিত নহ’ল ইতিহাসপ্রসিদ্ধ স্থানসমূহ৷ এটা বিয়াগোম পুৰাতত্ত্ব বিভাগ থকাৰ পাছতো বহু সময়ত ইতিহাসসমৃদ্ধ পৌৰাণিক সমলসমূহ জহি–খহি যোৱাৰ অভিযোগ সততে উত্থাপন হৈ আহিছে৷

বিশেষকৈ এই পৌৰাণিক স্থানসমূহ সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্রত বিভাগটোৰ চৰম ব্যর্থতা প্রকাশ পাই আহিছে৷ ইয়াৰ মাজতে চৰাইদেউ জিলাৰ ঐতিহাসিক লাংকুৰি দৌল গুপ্ত ধনৰ সন্ধানত দুর্বৃত্তই লণ্ডভণ্ড কৰাক লৈ সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া৷ প্রাপ্ত তথ্য অনুসৰি কালি নিশা প্রায় ৩৩৯ বছৰীয়া লাংকুৰি দৌলত ধন–সোণ বিচাৰি খান্দি পেলায় দুষৃকতিকাৰীয়ে৷ অৱশ্যে দৌলটোৰ পৰা নিশা এনেদৰে খনন কৰি দুর্বৃত্তই কি লৈ গৈছে, সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷ কিন্তু নিশা দুষৃকতিকাৰীয়ে কৰা এই কার্যৰ ফলত ঐতিহাসিক লাংকুৰি দৌলৰ ব্যাপক ক্ষতি হৈছে৷

ইয়াৰ পাছতে সমগ্র অঞ্চলটোতে ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ উল্লেখ্য যে নৱগঠিত চৰাইদেউ জিলাৰ দলবাগানৰ সমীপত ১৬৮২ চনত স্বর্গদেউ গদাধৰ সিংহই এই দৌলটো নির্মাণ কৰিছিল৷ পৰৱর্তী সময়ত ভূমিকম্পত দৌলটোৰ কিছু ক্ষতি হোৱাৰ উপৰি ব্রিটিছে তেওঁলোকৰ শাসনকালত এই দৌলটোৰ বিস্তৰ ক্ষতি কৰে৷ মৈদামসদৃশ উচ্চতাৰ মাটিৰ ওপৰত আহোম স্বর্গদেউৱে নির্মাণ কৰা দৌলটোৰ বর্তমান জহি–খহি ভগ্ণাৱশেষহে বর্তি আছে৷ কেৱল দৌলটো প্রতিষ্ঠা কৰা অংশটো মৈদামৰ দৰে দেখা যায়৷

বহু ঐতিহাসিক সমলৰ লগতে আহোম যুগত প্রচলিত সোণ–ৰূপৰ ভাণ্ডাৰ, ঐতিহাসিক চৰাইদেউ জিলাৰ বিভিন্ন স্থানৰ ভূগর্ভত থকা বুলি চর্চা চলি আহিছে৷ ইয়াৰ ফলতে দুর্বৃত্তই নিশা গুপ্ত ধন আৰু সোণ–ৰূপৰ ভাণ্ডাৰৰ সন্ধানত দৌলটো খান্দি পেলায় বুলি আশংকা কৰা হৈছে৷ ইফালে, এই ঐতিহাসিক লাংকুৰি দৌলটোৰ অৱশিষ্ট অংশৰ উপযুক্ত সংৰক্ষণৰ বাবে ৰাজ্যৰ পুৰাতত্ত্ব বিভাগে সঠিক পদক্ষেপ গ্রহণ নকৰা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপন হৈ আহিছে৷ কেৱল এখন নামফলক লগাই দৌলটোৰ প্রতি থকা দায়িত্ব সামৰিছে বিয়াগোম বিভাগটোৱে৷

লাংকুৰি দৌলৰ সুৰক্ষাৰ বাবে বিভাগটোৱে কোনো ব্যৱস্থা গ্রহণ নকৰাৰ বাবে নিশা কোনো বাধাৰ সন্মুখীন নোহোৱাকৈ এনেদৰে দুর্বৃত্তই খান্দি পেলাবলৈ সুযোগ লাভ কৰিলে৷ একে সময়তে চৰাইদেউ অঞ্চলত থকা কীর্তিচিহ্ণসমূহৰ সংৰক্ষণৰ বাবে চৰকাৰে পুঁজি আগবঢ়াই আহিছে যদিও এই পুঁজিৰ সদ্ব্যৱহাৰ নোহোৱাৰো অভিযোগ উত্থাপন হৈছে৷ নিশা দুর্বৃত্তই দৌলটো লণ্ডভণ্ড কৰাৰ পাছত সৃষ্টি হোৱা প্রতিক্রিয়াৰ পাছত আজি পুৱা মথুৰাপুৰ আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ প্রাথমিক অনুসন্ধান চলায়৷

ইতিমধ্যে এই ঘটনা সন্দর্ভত এটা নিজাববীয়া গোচৰো ৰুজু কৰিছে মথুৰাপুৰ আৰক্ষীয়ে৷ একে সময়তে প্রত্নতত্ত্ব সঞ্চালকালয়ৰ এটা দল আজি ঘটনাস্থলীত উপস্থিত হৈ দুষৃকতিকাৰীয়ে কেৱল দৌলটোৰ কিছু অংশৰ ক্ষতি কৰা বুলি দাবী কৰিছে৷ খন্দা অংশটো দুই–এদিনৰ ভিতৰতে পুনৰ মেৰামতি কৰা হ’ব বুলিও তেওঁলোকে সদৰী কৰে৷ এইক্ষেত্রত চৰাইদেউ জিলা প্রশাসনেও ঐতিহাসিক স্থানসমূহৰ প্রতি নিজৰ দায়িত্ব পালনত ব্যর্থ হোৱাৰ অভিযোগ উত্থাপন হৈছে৷

You might also like