নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যিক মৰ্যাদাৰে শেষকৃত্য আলোক ৰত্ন নলিনী বৰুৱাৰ নশ্বৰ দেহ 

জীৱনৰ অন্তিম মুহূৰ্তলৈ এখন শ্ৰেষ্ঠ ছবি কেমেৰাত আৱদ্ধ কৰিবলৈ অৰঙে দৰঙে ঘুৰি ফুৰা প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাৰ আজি ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হয়। কালি নিশা ৯৬ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটা নলিনী বৰুৱাৰ বাসগৃহত অজস্ৰ গুণমুগ্ধই উপস্থিত হৈ প্ৰিয় শিপ্পীগৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

আজি পুৱাৰ ভাগত  এখন পুষ্প সজ্জিত বাহনত গায়ন -বায়নৰ খোল -তাল পৰিৱেশনেৰে তেজপুৰ চহৰেৰে শ্ৰদ্ধাঞ্জলি যাত্ৰা কৰি নিয়াৰ পিছত নেহৰু ময়দানত তেজপুৰৰ প্ৰায় দুকুৰি সামাজিক -সাংস্কৃতিক অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে পুৰোধা শিল্পীগৰাকীক।

বাণ থিয়েটাৰৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰ সমষ্টিৰ তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছতেই জিলা প্ৰশাসনৰ তৰফৰ পৰা  শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে ইয়াৰ পিছতেই বৰেণ্য শিল্পীগৰাকীৰ নশ্বৰ দেহ হজৰাপাৰ ৰাজহুৱা শ্মশানলৈ কঢ়িয়াই নিয়াৰ পিছত অসম চৰকাৰৰ তৎপৰতাত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰা হয় ।

জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গাৰ্ড অব অনাৰ প্ৰদৰ্শন কৰি আৰক্ষীৰ বেন্ড বাদনৰ পিছত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদা প্ৰদান কৰাৰ পিছত মুখ্যমন্ত্ৰী গৰাকীৰ হৈ জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ফুলৰ টোৰাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্হইও সম্পূৰ্ণ অসম আৰক্ষীৰ মৰ্যাদাৰে ফুলৰ টোৰাৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

উল্লেখ্য যে আলোক ৰত্ন উপাধিৰে বিভূষিত বৰেণ্য শিল্পী গৰাকীয়ে সাত বছৰ বয়সৰ পৰা হাতত কেমেৰা লৈ আমৃত্যু পৰ্যন্ত ছাঁ পোহৰৰ পম খেদি ফুৰিছিল। পলচন কোম্পানীয়ে উপহাৰ দিয়া ব্ৰাউনি কডাক কেমেৰাৰ পৰা আজি শতাধিক কেমেৰা হাতত লৈ আলোক ৰত্ন সন্মানেৰে সন্মানিত তেওঁ আছিল অসম আৰু অসমীয়াৰ গৌৰৱ আৰু দেশৰো গৌৰৱ।

১৯৫৭ চনত তেজপুৰত গঢ়ি তোলা ফটো চাৰ্ভিচৰ পৰা আৰম্ভ কৰি ১৯৬০ চনৰ ভাষা আন্দোলন, ১৯৭২ চনৰ মাধ্যম আন্দোলন, খাদ্য আন্দোলন আৰু ১৯৭৯ চনৰ অসম আন্দোলনকে ধৰি সকলো সময়ৰে কথা কথা কোৱা তেওঁৰ কেমেৰা যেনেকৈ এক বিপ্লৱৰ পৰিচয় হৈ পৰিছিল একেদৰে তেওঁৰ সত্বাও আছিল এক সংগ্ৰামী সত্ত্বা ।তেজপুৰৰ হেম বৰুৱা স্মৃতি ভৱনত আয়োজিত ১৯৬৮ চনৰ প্ৰথম খন আলোক চিত্ৰ প্ৰদৰ্শণীৰ পৰা তেওঁ কিমান যে ৰাষ্ট্ৰীয়, আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত আলোক চিত্ৰৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰিলে তাৰ লেখ জোখ নাই ।ফটো গ্ৰাফিক চচাইটি অৱ আমেৰিকাৰ জাৰ্নেল এৱাৰ্ড, ইন্টাৰনেচনেল কালাৰ্ড শ্লাইড একজিবিচন, ইটালীৰ ক্লাৱ এৱাৰ্ড আদি বিৰল সন্মানেৰে সন্মানিত তেওঁ ভাৰতৰ জাহাঙ্গীৰ আৰ্ট গেলাৰীৰ পৰা আৰম্ভ কৰি কলকাতাৰ ললিত কলা একাডেমী আদি অলেখ কলা বিথিকাত তেওঁৰ স্বাক্ষৰ পৰিস্ফূত।

ব্ৰুনচুইক, নিউজাৰ্চি, ৱাচিংটন, লণ্ডণ, ইটালি আদিত আলোক চিত্ৰৰে পৰিচিত হোৱা তেওঁ ইটালিৰ FIAP সন্মানৰ উপৰিও ইণ্ডিয়া ইন্টাৰনেচনেল ফটো গ্ৰাফি কাউঞ্চিলৰ দ্বাৰাও সন্মানিত হৈছিল।প্ৰায় ৬২ খন আন্তঃৰাষ্ট্ৰীয় ভাৱে প্ৰশংসিত আলোকচিত্ৰ আৰু এশৰো অধিক নানান কেমেৰাৰে তেওঁৰ ফটো গ্ৰাফী জীৱনটো এক বৰ্ণিল আৰু স্বৰ্ণিল অভিজ্ঞতাৰে সমৃদ্ধ।

জীৱনৰ শেষৰ ৯৫ বছৰ বয়সলৈকে যতি পৰা নাছিল তেওঁৰ হাতৰ কেমেৰাৰ ক্লিক্ ক্লিক্ শব্দ।১৯৩১ চনৰ ২২ এপ্ৰিলত তেজপুৰৰ নিকটৱৰ্তী দুৰুং চাহবাগিছাত জন্ম গ্ৰহণ কৰা নলিনী বৰুৱাৰ পিতৃ আছিল উত্তৰ গুৱাহাটীৰ প্ৰখ্যাত সংস্কৃত পণ্ডিত ,অসমৰ প্ৰথমগৰাকী গ্ৰেজুৱেট ,অসমৰ প্ৰথম প্ৰশাসনিক বিষয়া আনন্দৰাম বৰুৱাৰ ভতিজাক ,তেজপুৰৰ দুৰুং চাহ বাগিছাৰ চিকিৎসক কমলাকান্ত বৰুৱা আৰু মাতৃ ঘৃতমালা বৰুৱা আছিল তেজপুৰৰ মোৱামাৰী অঞ্চলৰ বিখ্যাত নেওগ পৰিয়ালৰ জীয়ৰী ।

উল্লেখ্য তেজপুৰ ফটো চাৰ্ভিছৰ পূৰ্বেই ১৯৫০ চনত জখলাবন্ধাত এটা ফটো ষ্টুডিঅ খুলি শিল্পী নলিনী বৰুৱাই জীৱন -জীৱিকাৰ পথ বাচি লৈছিল যদিও জখলাবন্ধাত সেই ব্যৱসায় বন্ধ কৰি ১৯৫৭ চনত তেজপুৰত “ফটো চাৰ্ভিছ “নামৰ ষ্টুডিঅ আৰম্ভ কৰি মৃত্যুৰ সময়লৈকে সেই ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ পিছতো ফটোগ্ৰাফীক এক শিল্পলৈ পৰ্যৱসিত কৰি সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল।

তেজপুৰৰ পৰা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি পৰৱৰ্তী সময়ত ১৯৭৬ চনত দিল্লীত ,তাৰ পিছত কলকতা ,মুম্বাই আদিত আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰি কলা ৰসিক সকলৰ সমাদৰ লাভ কৰাৰ পিছত ১৯৭৭ চনত তেওঁ আমেৰিকাৰ ফটোগ্ৰাফী চচাইটিৰ পৰা জাৰ্ণেল এৱাৰ্ড লাভ কৰে ।১৯৮৩ চনত ইটালীত আৰু ১৯৯৩ চনত আমেৰিকাৰ তিনি ভিন্ন ঠাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰ প্ৰদৰ্শনীত নলিনী বৰুৱাই বিশ্বৰ কলাৰসিকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

২০০১ চনত লণ্ডনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰ প্ৰদৰ্শনীত প্ৰদৰ্শন কৰা “আন ৱান্টেড বেবী “শীৰ্ষক আলোকচিত্ৰৰ বাবে ব্ৰঞ্জৰ পদক অৰ্জন কৰিব সক্ষম হৈছিল। আনহাতে ইটালীত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় কালাৰ শ্লাইড প্ৰদৰ্শনীতো বৰুৱাই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে “পেং অব বাৰ্থ “শীৰ্ষক আলোকচিত্ৰৰ বাবে ইটালীৰ এছ’চিয়েশ্যন কালচাৰেল চাৰ্কোলৰ তৰফৰ পৰা স্বৰ্ণ পদক অৰ্জন কৰিছিল।

ইলাষ্ট্ৰেডেট উইকলি অফ ইণ্ডিয়া ,লণ্ডণৰ ফটোগ্ৰাফী ইয়েৰ বুক ,জাৰ্মানীৰ ফটোগ্ৰাফী অফ মেগাজিন চ’চাইটিৰ দ্বাৰা প্ৰকাশিত আলোচনীৰ বেটুপাততো এইগৰাকী বৰেণ্য আলোকচিত্ৰ শিল্পীৰ আলোকচিত্ৰই স্থান লাভ কৰি অসমবাসীক গৌৰৱাম্বিত কৰিছিল ।উল্লেখ্য যে তেওঁৰ বুজন সংখ্যক কালজয়ী আলোকচিত্ৰক সংপৃক্ত কৰি প্ৰকাশ কৰি উলিওৱা “ইমেজেছ “শীৰ্ষক ৰঙীন ফটোৰে সমৃদ্ধ গ্ৰন্থখন অসমৰ আলোকচিত্ৰ শিল্পৰ অন্যতম সম্পদ হিচাপে পৰিগণিত হৈছে।

নতুন নতুন গাড়ী চলাই ভাল পোৱা নলিনী বৰুৱাৰ গাড়ীত উঠিয়েই ১৯৬৭ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই বিধান সভা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাই জয়লাভ কৰিবলৈ সক্ষম হৈছিল।ওৰেটো জীৱন সংগ্ৰামেৰে পাৰ কৰা শিল্পী গৰাকীৰ কায়িক অবৰ্তমানত তেজপুৰৰ কেবাটাও যুগক প্ৰতিনিধিত্ব কৰা বৰ্ষীয়ান ব্যক্তি গৰাকীৰ অভাৱ সকলোৱে অনুভৱ কৰাটো একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে।

বাৰ্তা ব্যুৰ’ , তেজপুৰ, ৭ জানুৱাৰী

You might also like