বিশেষ বাৰ্তা, ৪ আগষ্ট : দৰমহাৰ টকাকেইটাৰ উপৰি কোনো কাম কৰি দিবলৈ চৰকাৰী অফিচত চলে ঘোচ লোৱাৰ এক কলা অধ্যায়। চৰকাৰী ঘোচখোৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷ ইতিমধ্যে ঘোচখোৰ কেইবাগৰাকী বিভিন্ন বিভাগৰ বিষয়া ঘোচ লৈ অৱস্থাত হাতে-লোটে আটক কৰাৰ সময়তে আজি চৰাইদেউ জিলাৰ সাপেখাতীত এজন লাট মণ্ডলক Directorate of Vigilance & Anti Corruption ৰ এটা দলে আটক কৰে৷ চৰাইদেউ জিলাৰ সাপেখাতী ৰাজহ চক্ৰৰ লাট মণ্ডল হৰিপ্ৰসাদ দাসক অনুসন্ধানকাৰী দলটোৱে নিজৰ কাৰ্যালয়ত উৎকোচৰ ধন গ্ৰহণ কৰাৰ সময়ত হাতে-লোটে আটক কৰে৷ সম্প্ৰতি ঘোচখোৰ লাট মণ্ডল হৰি প্ৰসাদ দাসক অনুসন্ধানকাৰী সন্থাটোৱে নিজৰ জিন্মাত ৰাখি অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে৷
প্ৰেৰক দীপাংকৰ পাল