নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি শ্রীশ্রীলক্ষ্মী পূজা

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ আজি শ্রীশ্রীলক্ষ্মী পূজা৷ ধনৰ অধিষ্ঠাত্রী দেৱীক আৰাধনা কৰাৰ উদ্দেশ্যে ৰাজ্যৰ ভিন্ন প্রান্তত চলিছে ব্যাপক আয়োজন৷ সৌভাগ্য আৰু শান্তিৰ প্রতীক লক্ষ্মীদেৱীৰ আশিস কামনাৰে প্রতিখন দুর্গা পূজাথলীত অনুষ্টুপীয়াকৈ হ’লেও আয়োজন কৰা হৈছে এভাগ পূজাৰ৷ একেদৰে লক্ষ্মী মন্দিৰসমূহতো কাইলৈ অনুষ্ঠিত হ’ব ধনৰ অধিষ্ঠাত্রী দেৱীৰ বিশেষ পূজা–অর্চনা৷ ঠায়ে ঠায়ে তিনি–চাৰিদিনীয়া বর্ধিত কার্যসূচীৰেও লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে৷ আহিন মাহৰ শেষ পূর্ণিমা তিথিত হ’বলগীয়া লক্ষ্মী পূজাক কেন্দ্র কৰি ব্যাপক উৎসাহ–উদ্দীপনা পৰিলক্ষিত হৈছে ভক্তপ্রাণ ৰাইজৰ মাজত৷  আজি সন্ধিয়া লক্ষ্মী পূজা আৰু সত্যনাৰায়ণ ব্রত৷ ইফালে লক্ষ্মী পূজাৰ প্রাক্ক্ষণত  গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বজাৰসমূহত ভিৰ পৰিলক্ষিত হয়৷ লক্ষ্মী পূজাৰ সা–সামগ্রীসহ পৰম্পৰাগতভাৱে ধানৰ সীহ আৰু আল্পনাৰ বাবে বিভিন্ন ৰং ক্রয় কৰে ভক্তই৷

ব্যতিক্রম আজি বলি–বিধানেৰে চলিব বিল্বেশ্বৰ দেৱালয়ৰ লক্ষ্মী পূজাৰ বন্দনা

 শাৰদীয় দুর্গোৎসৱৰ সময়ত অসংখ্য জীৱৰ বলিৰ তেজেৰে পূজাথলী ৰাঙলি হোৱাৰ পাছত আজি ধন, ঐশ্বর্যৰ অধিষ্ঠাত্রী লক্ষ্মীদেৱীৰ পূজাৰে বন্দিত হ’ব অসমৰ প্রাচীন শৈৱ পীঠস্থান বিল্বেশ্বৰ দেৱালয়৷ কাইলৈ ৰাজ্যৰ প্রান্তে প্রান্তে লক্ষ্মীদেৱীৰ পূজা–র্চনা চলাৰ সময়তে বেলশৰৰ ইতিহাসপ্রসিদ্ধ বিল্বেশ্বৰ দেৱালয়ত হাঁহ বলি–বিধানেৰে ব্যতিক্রমী ৰূপত সম্পন্ন হ’ব পূজাভাগ৷ পূর্বৰ ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি মহিমামণ্ডিত দেৱালয়খনত লক্ষ্মীৰ লগতে অলক্ষ্মীৰ পূজা–অর্চনা চলি আহিছে৷ শাক্ত, শৈৱ আৰু বৈষ্ণৱ এই তিনিওটা পদ্ধতিৰ প্রভাৱ থকা দেৱালয়খনত কালিকা পুৰাণ অনুসৰিয়েই বলি–বিধান চলি আহিছে৷ সকলো দেৱালয়ত বলি–বিধানৰ নিয়ম নাই যদিও একমাত্র বিল্বেশ্বৰ দেৱালয়ত হাঁহ বলিৰে লক্ষ্মী পূজা উদ্যাপন কৰি অহাৰ সাতামপুৰুষীয়া ধর্মীয় প্রথা বিদ্যমান৷

You might also like