নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৌৰ নিগমৰ সম্পত্তি কৰ সংগ্রহৰ পদ্ধতিক লৈ বিপাঙত গুৱাহাটীৰ নাগৰিক

নিয়মীয়া বাৰ্তা, ৯অক্টোবৰঃ গুৱাহাটী পৌৰ নিগমে সম্পত্তি কৰ আদায়ৰ প্রতি লক্ষ্য ৰাখি নতুনকৈ গ্রহণ কৰা পদ্ধতিক লৈ বিপাঙত পৰিছে মহানগৰীৰ বাসিন্দা৷ মহানগৰীৰ ভিন্ন প্রান্তৰ শ শ পৰিয়ালে এপিডিচিএলৰ কনজুমাৰ নম্বৰৰ সৈতে জিএমচিৰ হল্ডিং নম্বৰ সংযোগ কৰিবলৈ প্রচেষ্টা চলাই আহিছে যদিও বিভাগীয় কর্তৃপক্ষৰ গাফিলতিৰ বাবেই সেয়া সম্ভৱ হৈ উঠা নাই৷ সম্পত্তি কৰ আদায়ৰ লক্ষ্যৰে অহা ৩১ অক্টোবৰৰ ভিতৰত মহানগৰবাসীক এপিডিচিএলৰ কনজুমাৰ নম্বৰৰ সৈতে জিএমচিৰ হল্ডিং নম্বৰ সংযোগ কৰিবলৈ নির্দেশ দিয়া হৈছে৷ মহানগৰীৰ ভিন্ন প্রান্তৰ পৰিয়ালসকলক ছটা জ’নত বিভক্ত কৰি প্রতিটো জ’নৰ বাবে একোটাকৈ মাণ্ডলিক কেন্দ্র স্থাপন কৰি জিএমচি হল্ডিং নম্বৰ সংযোগৰ বাবে আবেদনৰ সু–ব্যৱস্থা কৰা হৈছে৷

সেইমতে মহানগৰবাসীয়ে পুৱাৰ পৰা নিজ নিজ মাণ্ডলিক কার্যালয়ত ভিৰ কৰা পৰিলক্ষিত হৈছে যদিও অধিকাংশ পৰিয়ালে সুফল পোৱা নাই৷ দিনৰ পিছত দিন মাণ্ডলিক কার্যালয়ত বোন্দাপৰ দি থকাৰ পিছতো মহানগৰীৰ শ শ পৰিয়ালে এপিডিচিএলৰে জিএমচিৰ হল্ডিং নম্বৰ সংযোগ কৰিব নোৱাৰি পুনৰ গৃহাভিমুখী হ’বলগীয়া হৈছে৷ কাৰণ মাণ্ডলিক কার্যালয়ত থকা কর্মচাৰীসকলে আবেদন কৰিব বিচৰা পৰিয়ালক দিব পৰা নাই হল্ডিং নম্বৰ৷ আবেদনকাৰীক হল্ডিং নম্বৰ উলিয়াই দিবৰ বাবে দায়িত্ব অর্পণ কৰা বেংগালুৰুৰ প্রতিষ্ঠানটোৱে গ্রাহকে বিচৰা হল্ডিং নম্বৰ ছার্ভাৰ ডাউন থকাৰ বাবে সময়মতে দিবলৈ অপাৰগ বুলি দায়সৰা মন্তব্য কৰে৷

উল্লেখ্য যে বহিঃৰাজ্যৰ প্রতিষ্ঠানটোক কেৱল হল্ডিং নম্বৰ উলিয়াই দিবলৈ জিএমচিয়ে মাহিলি লক্ষাধিক টকা আদায় দিয়াৰ বাবে প্রতিশ্রুতিবদ্ধ হৈছে৷ নিবিদাৰ জৰিয়তে বহিঃৰাজ্যৰ প্রতিষ্ঠানটোক কামৰ দায়িত্ব অর্পণ কৰা হৈছে যদিও প্রতিষ্ঠানটোৱে নির্দিষ্ট সময়ৰ ভিতৰত হল্ডিং নম্বৰ উলিয়াই দিব নোৱাৰাৰ বাবে মহানগৰবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷

You might also like