নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰে আক্রান্ত ৫,৬১৩; মৃত ৭৭জন

নিয়মীয়া বাৰ্তা, ৩০ মেঃ ক’ৰোনাৰ ভয়াৱহ সংক্রমণ ৰাজ্যত কিছু হ্রাস পাইছে যদিও এতিয়াও জটিলতা আঁতৰা নাই৷ শুকুৰবাৰে ৫,৪৩৬জন লোক ক’ৰোনাত আক্রান্ত হোৱাৰ পাছত শনিবাৰে আক্রান্ত হয় ৫,৬১৩জন লোক৷

উল্লেখ্য যে  শনিবাৰে ১,১৬,৫৬২জনৰ নমুনা পৰীক্ষা সম্পন্ন কৰাৰ পাছত ৫,৬১৩জন লোক পজিটিভ ৰূপে চিনাক্ত হয়৷ পজিটিভিটীৰ হাৰ ৪.৮২ শতাংশ৷ ক’ভিডৰ এনে ভয়াৱহতাৰ মাজতে ইতিবাচক দিশটো হ’ল যে ক্রমাগতভাৱে চতুর্থ দিনলৈ পজিটিভিটীৰ হাৰ ৫ শতাংশৰ তলত আছে৷ 

শনিবাৰে আক্রান্ত হোৱাসকলৰ ৫৮০জন লোক কামৰূপ মহানগৰ জিলাৰ, ৫১৬জন কাছাৰ জিলাৰ, ৩৫২জন ডিব্রুগড় জিলাৰ আৰু ৩৩৮জন কামৰূপ জিলাৰ৷ অৱশ্যে শনিবাৰে মৃতকৰ সংখ্যা হ্রাস পাইছে৷

শনিবাৰে ৭৭জন লোক ক’ৰোনাত মৃত্যু হৈছে৷ মৃত্যু হোৱা লোকসকলৰ ১১জন তিনিচুকীয়াৰ, ৭জন কাছাৰৰ, বৰপেটা, কামৰূপ মহানগৰ আৰু নগাঁও জিলাৰ ৫জনকৈ, ৪জনকৈ ডিব্রুগড় আৰু কার্বি আংলং জিলাৰ, ৩জনকৈ বাক্সা, দৰং, ধুবুৰী, যোৰহাট, শিৱসাগৰ আৰু শোণিতপুৰ জিলাৰ৷ দুজনকৈ হাইলাকান্দি, হোজাই, কামৰূপ, মৰিগাঁও, লখিমপুৰ আৰু কৰিমগঞ্জ জিলাৰ আৰু এজনকৈ বঙাইগাঁও, চৰাইদেউ, ডিমা হাছাও, বিশ্বনাথ আৰু গোলাঘাট জিলাৰ৷ ক’ৰোনা আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে যদিও এই ৰোগৰ পৰা মুক্ত হৈ বহু লোক ঘৰলৈ উভতিছে৷

শনিবাৰৰ দিনটোত ৩,৯০৫জন লোক ক’ৰোনামুক্ত হৈছে৷ অৱশ্যে এতিয়াও ৫৪,৯৪৮জন লোক ক’ৰোনাত আক্রান্ত হৈ আছে৷ উল্লেখ্য যে ক’ৰোনা মহামাৰীয়ে ইতিমধ্যে প্রায় প্রতিখন জিলাত সংহাৰী ৰূপ ধৰিছে৷ ক’ৰোনাত আক্রান্ত হৈ ইতিমধ্যে বি পি এফৰ বিধায়ক মাজেন্দ্র নার্জাৰীৰ মৃত্যু হোৱাৰ পাছত শনিবাৰে তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ ক’ভিডত আক্রান্ত হৈ মৃত্যু হয়৷ ক’ৰোনাত আক্রান্ত হৈছে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা, বিজেপিৰ ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতাকে ধৰি ৰাজ্যৰ কেইবাজনো বিধায়ক তথা ৰাজনৈতিক নেতা৷

You might also like