নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসপ্তাহত জমা দিব লাগিব অনুজ্ঞা পত্র থকা অস্ত্র–শস্ত্র, বিধানসভা নির্বাচনৰ পূর্বে প্রশাসনৰ নির্দেশনা

ডিজিটেল ডেস্ক, ২৬ ফেব্রুৱাৰী : অসম বিধানসভাৰ সমাগত নির্বাচন প্রক্রিয়া আইন–শৃংখলা ৰক্ষা কৰি সুকলমে তথা শান্তিপূর্ণভাৱে সম্পন্ন কৰাৰ প্রতি লক্ষ্য ৰাখি কামৰূপ (মহানগৰ) জিলা দণ্ডাধীশ তথা জিলা আয়ুক্তই এক নির্দেশনাৰ জৰিয়তে নির্বাচনৰ সময়ছোৱাত কামৰূপ (মহানগৰ) নির্বাচন জিলাত যিকোনো ধৰণৰ অস্ত্র-শস্ত্র কঢ়িওৱা তথা মজুত ৰখাত নিষেধাজ্ঞা আৰোপ কৰিছে৷

অস্ত্র আইন, ১৯৫৯ৰ ১৭(৩) (খ) ধাৰা ২১(১)নং ধাৰাত প্রদান কৰা ক্ষমতা অনুসৰি কামৰূপ (মহানগৰ) জিলা আয়ুক্তই জাৰি কৰিছে এই নির্দেশনা৷ সেই অনুসৰি অস্ত্রৰ অনুজ্ঞা-পত্র থকা সকলো ব্যক্তিয়ে এই নির্দেশ জাৰি কৰাৰ সাত দিনৰ ভিতৰত নিজৰ নিজৰ অস্ত্রসমূহ সংশ্লিষ্ট থানাত গুলী–বাৰুদসহ জমা দিব লাগিব৷ নির্বাচনী ফলাফল ঘোষণা হোৱাৰ এসপ্তাহ পিছলৈ অর্থাৎ নির্বাচনী প্রক্রিয়া সম্পূর্ণ নোহোৱা পর্যন্ত অস্ত্রসমূহ থানাত জমা থাকিব৷ কোনো সংস্থা, প্রতিষ্ঠান, বিভাগ অথবা ব্যক্তিয়ে এই নির্দেশৰ পৰা যদি অব্যাহতি বিচাৰে, তেওঁলোকে নিজৰ অস্ত্রৰ অনুজ্ঞা পত্র নম্বৰ, একক পৰিচয় নম্বৰ (ইউ আই এন), অস্ত্রৰ নম্বৰ আৰু অব্যাহতি বিচৰাৰ কাৰণ উল্লেখ কৰি লিখিতভাৱে জিলা আয়ুক্তৰ কার্যালয়ত আবেদন কৰিব লাগিব, যাতে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব পৰা যায়৷

উল্লেখ্য যে অস্ত্র জমা দিয়া অনুজ্ঞাপত্রকাৰীক সংশ্লিষ্ট থানাৰ ভাৰপ্রাপ্ত বিষয়াই প্রতিটো অস্ত্রৰ বিপৰীতে ৰচিদ প্রদান কৰিব লাগিব আৰু নির্বাচনী ফলাফল ঘোষণা হোৱাৰ এসপ্তাহ পাছত অস্ত্রসমূহ অনুজ্ঞাপত্রকাৰীক ঘূৰাই দিব লাগিব৷ উল্লিখিত সময়ছোৱাৰ ভিতৰত অস্ত্র জমা নকৰা অনুজ্ঞাপত্রকাৰীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ২২৩নং ধাৰা আৰু অস্ত্র আইন অনুসৰি বিধিগত ব্যৱস্থা গ্রহণ কৰা হ’ব৷

You might also like