নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ এপ্রিলৰ পৰা টোল প্লাজাত নগদ লেনদেন বন্ধৰ চিন্তাচর্চা কেন্দ্রৰ

🔹 কেৱল ডিজিটেল মাধ্যমত পৰিশোধ কৰিব লাগিব টোল

নিউজ ডেস্ক, ২৬ ফেব্রুৱাৰী : দেশৰ ৰাষ্ট্রীয় ঘাইপথসমূহত ঠায়ে ঠায়ে স্থাপন কৰা টোলগেটসমূহত টোল ফী পৰিশোধ কৰাৰ ক্ষেত্রত যান–জঁট সৃষ্টি হোৱাৰ লগতে অন্যান্য বিভিন্ন অসুবিধাৰ অভিযোগ সঘনে উঠি থকাৰ পৰিপ্রেক্ষিতত চৰকাৰে টোল আদায় কৰা ব্যৱস্থাত বৃহৎ পৰিৱর্তন সাধন কৰিবলৈ আগবাঢ়িছে৷ পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ৰ অধীনস্থ ৰাষ্ট্রীয় ঘাইপথ কর্তৃপক্ষ, চমুকৈ এনএইচএআয়ে অহা পহিলা এপ্রিলৰ পৰা দেশৰ ৰাষ্ট্রীয় ঘাইপথসমূহৰ টোল প্লাজাসমূহত নগদ লেনদেন সম্পূর্ণৰূপে বন্ধ কৰাৰ পৰিকল্পনা কৰিছে৷ সেইদিনাৰ পৰা টোল ফী কেৱল ডিজিটেল পদ্ধতিত– ফাষ্টটেগ বা ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচ, চমুকৈ ইউপিআইৰ মাধ্যমেৰেহে গ্রহণ কৰা হ’ব৷

উল্লেখ্য যে ২০১৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ চৰকাৰখনে ক্ষমতা লাভ কৰাৰ পিছতে সকলো চৰকাৰী ক্ষেত্রৰ লেনদেনত ডিজিটেল পদ্ধতি কার্যকৰী কৰাৰ প্রক্রিয়া আৰম্ভ কৰে৷ ভাৰত চৰকাৰৰ ‘ডিজিটেল ইণ্ডিয়া’ কার্যসূচী ৰূপায়ণ হিচাপে পথ পৰিবহণ আৰু ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ৰ এই সিদ্ধান্ত৷

চৰকাৰী সূত্রৰ খবৰ অনুযায়ী সম্পূর্ণ ‘ডিজিটেল টোলিং ইক’ছিষ্টেম’ গঢ়ি তুলিবলৈ এই উদ্যোগ লোৱা হৈছে৷ ইলেক্ট্র’নিক টোল কালেকচনত ইতিমধ্যে উল্লেখযোগ্য সাফল্য লাভ কৰিব পৰা গৈছে৷ বর্তমান দেশত ৯৮ শতাংশৰো বেছি গাড়ীত ফাষ্টটেগ আৰম্ভ হৈছে আৰু অধিকাংশ টোল লেনদেনেই ৰেডিঅ’ ফ্রীকুৱেঞ্চী আইডেণ্টিফিকেচন সক্ষম ফাষ্টটেগৰ মাধ্যমেৰে সম্পন্ন হৈছে৷ লগতে ৰাষ্ট্রীয় ঘাইপথৰ টোল প্লাজাসমূহত ইউপিআই পেমেণ্টৰ ব্যৱস্থাও আৰম্ভ কৰা হৈছে যাতে চালকসকলে সহজে আৰু দ্রুতভাৱে টোল ফী পৰিশোধ কৰিব পাৰে৷ ৰাষ্ট্রীয় ঘাইপথৰ টোল টেক্স নিয়ম অনুসৰি কোনো গাড়ীত বৈধ ফাষ্টটেগ নাথাকিলেও আৰু নগদ ধনেৰে টোল ফী পৰিশোধ কৰিলে নির্ধাৰিত হাৰৰ দুগুণ টকা লোৱা লয়৷

আনহাতে, ইউপিআইৰ মাধ্যমেৰে পৰিশোধ কৰিলেহে প্রযোজ্য হাৰৰ ১.২৫ গুণ টকা ধার্য হয়৷ ইয়াৰ ফলত নগদ ধনৰ ওপৰত নির্ভৰশীলতা কমাই ডিজিটেল লেনদেন বঢ়োৱাৰ প্রচেষ্টা অধিক জোৰদাৰ কৰা হৈছে৷ টোল প্লাজা ষ্ট’ৰৰ মূল্যায়নত দেখা গৈছে যে নগদ ধনৰ লেনদেনৰ কাৰণে যান–জঁট, দীর্ঘ অপেক্ষা আৰু প্রায়েই বিবাদৰ সৃষ্টি হয়৷ ৰাষ্ট্রীয় ঘাইপথ মন্ত্রালয়ৰ মতে, সম্পূর্ণ ডিজিটেল ব্যৱস্থালৈ ৰূপান্তৰিত হ’লে ১,১৫০টাৰো অধিক টোল প্লাজাত যান–বাহনৰ চলাচল দ্রুততৰ হ’ব আৰু বিলম্ব কমাৰ লগতে স্বচ্ছতা বৃদ্ধি পাব৷ প্রযুক্তি নির্ভৰ, দক্ষ আৰু নিৰৱচ্ছিন্ন ৰাষ্ট্রীয় ঘাইপথ সেৱা গঢ়ি তোলাৰ বৃহত্তৰ লক্ষ্যৰ সৈতে এই সিদ্ধান্ত সামঞ্জস্যপূর্ণ বুলি জনাইছে কর্তৃপক্ষই৷

You might also like