Live Update : অসমৰ ৰত্ন আজি আমাৰ মাজত নাই … মৃত্যু জিনি অমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ
ছিপাঝাৰত ঢলি পৰিল ৪ ছাত্ৰী
ছিপাঝাৰত জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকোঁতেই ধলি পৰিল চাৰিগৰাকীকৈ ছাত্ৰী।ছিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত জুবিন গাৰ্গৰ মৃত্যুত অনুষ্ঠিত কৰিছিল শোকসভাৰ লগতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অনুষ্ঠানত জুবিন গাৰ্গৰ বিষয়ে আলোচনা চলি থকাৰ মাজতেই সহ্য কৰিব নোৱাৰি ঢলি পৰে ছাত্ৰী চাৰিগৰাকীয়ে। লগে লগে ছিপাঝাৰ ক্ষুদ্ৰ তথা সামুহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও এগৰাকীক উন্নত চিকিৎসাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।
জুবিনৰ প্ৰতি শ্ৰদ্ধা : জনশূন্য মহামৃত্যুঞ্জয় মন্দিৰ
জুবিন গাৰ্গৰ প্ৰতি থকা মৰম, শ্ৰদ্ধাৰ বাবেই যেন জনশূণ্য হৈ পৰিল নগাঁও জিলাৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জয় মন্দিৰ। অশ্ৰুসিক্ত নয়নেৰে শ্ৰদ্ধাঞ্জলি জনালে মন্দিৰৰ পুৰোহিত তথা বেদ বিদ্যালয়ৰ ছাত্ৰসকলে। ভক্তৰে ভিৰ হৈ থকা মন্দিৰত আজি জনশূন্য পৰিবেশ। স্বতঃস্ফূতভাৱে বন্ধ হৈ পৰিল মন্দিৰ প্ৰাংগণৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ।
প্ৰজন্মৰ এজাহাৰ দাখিল
নলবাৰীৰ সামাজিক-সাংস্কৃতিক অনুষ্ঠান “প্ৰজন্ম’ই জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি বেলশৰ থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাৰ উচিত তদন্ত বিচাৰি আৰক্ষী সঞ্চালকপ্ৰধানৰ হস্তক্ষেপ বিচাৰিছে প্ৰজন্মই।
জুবিন গাৰ্গৰ বিয়োগত ধিঙত মৌন সমদল
হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ কৰি তুলিছে ৰাজ্যবাসীক। আজি পুৱা ধিং চহৰত এক বৃহৎ মৌন সমদল ওলায় যত স্বতস্ফুত ভাৱে ওলায় আহে ধিংবাসী। সন্ধিয়া ৬ বজাৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ধিঙৰ শিল্পী কলা কুশলীয়ে জুবিনৰ গীত মাত আৰু ৰং তুলিকাৰে গভীৰ শ্ৰদ্ধাঞ্জলি জনাব। আনহাতে, জুবিন গাৰ্গক শ্ৰদ্ধা জনাই পুৱাৰ পৰা সন্ধিয়ালৈকে ধিং চহৰৰ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখা হয়।

স্থগিত বীৰাংগনা কনকলতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন অনুষ্ঠান
জুবিন গাৰ্গৰ পৰলোকৰ পৰিপ্ৰেক্ষিতত স্থগিত বিলাসীপাৰা’ৰ বীৰাংগনা কনকলতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন অনুষ্ঠান। আজি বিলাসীপাৰা শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতন প্ৰাংগণত নতুনকৈ নিৰ্মাণ কৰা বীৰাংগনা কনকলতাৰ প্ৰতিমূৰ্ত্তি উন্মোচন অনুষ্ঠান আছিল। বিদ্যালয় কৰ্তৃপক্ষই প্ৰস্তুতি পৰ্বও প্ৰায় সম্পূৰ্ণ কৰিছিল। জুবিনৰ পৰলোক গমনৰ বাতৰিয়ে যেন সকলো ম্লান পৰে।আজি নিকেতনখনৰ পৰিচালনা সমিতি,আচাৰ্য,আচাৰ্যা সকলে প্ৰাণৰ শিল্পী জুবিনক অশ্ৰুঞ্জলীৰে শ্ৰদ্ধা নিবেদন কৰে। নিকেতনখনৰ পৰিচালনা সমিতিৰ সভাপতি তথা লেখক গৱেষক ড° হৰিচৰন দাসে কয় যে জুবিন আমাৰ হৃদয়ত বাস কৰে। তেওঁৰ প্ৰতি প্ৰকৃত সন্মান আমাক যাচিবই লাগিব। জুবিনৰ অন্তিম যাত্ৰাত শান্তিপূৰ্ণ আৰু সুশৃঙ্খলতাৰে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
