নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে পৰা দেশত ৩১ মে’লৈ লকডাউন ৪.০

নিয়মীয়া বাৰ্তা, ১৮ মেঃ পুনৰ ২ সপ্তাহৰ বাবে বৃদ্ধি কৰা হ’ল লকডাউন৷ দেওবাৰে মাজনিশাৰ পৰাই দেশব্যাপী বলৱৎ হ’ব চতুর্থ পর্যায়ৰ লকডাউন ৪.০৷ ৩১ মে’লৈ বাহাল থাকিবলগীয়া লকডাউনত চর্তসাপেক্ষ শিথিলতা প্রদান কৰা হয়৷ মহামাৰী ক’ভিড–১৯ৰ বাবে চলি থকা লকডাউন ৩.০ আজি অন্ত হোৱাৰ কেইঘণ্টামান পূর্বে পুনৰ অহা ৩১ মে’লৈ লকডাউন বৃদ্ধি কৰিলে কেন্দ্রীয় চৰকাৰে৷

লকডাউন ৩.০ত চর্তসাপেক্ষে শিথিল কৰা সিদ্ধান্ত বাহাল ৰাখি ঘোষিত লকডাউন ৪.০ত কেইবাটাও বিষয়ত যথেষ্ট পৰিমাণে শিথিলতা আনিছে কেন্দ্রীয় চৰকাৰে৷ দেওবাৰে সন্ধিয়া কেন্দ্রীয় গৃহ মন্ত্রালয়ে অহা ৩১ মে’লৈ লকডাউন বৃদ্ধি কৰি সংশোধিত নির্দেশনা জাৰি কৰে৷ দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ এই নির্দেশনা প্রেৰণ কৰি ক’ভিড–১৯ৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি চৰকাৰসমূহে জ’নৰ ক্ষেত্রত নিজাববীয়াকৈ সিদ্ধান্ত বিবেচনা কৰিব পাৰিব বুলি গৃহ মন্ত্রালয়ৰ নির্দেশনাত উল্লেখ কৰা হৈছে৷

কণ্টেইনমেণ্ট জ’নৰ বাহিৰে পূর্বৰ দৰেই লকডাউন ৪.০ৰ সময়তো ৰেড, অ’ৰেঞ্জ আৰু গ্রীন জ’নৰ নিয়মাৱলী বাহাল থাকিব৷ পূর্বৰ দেেৰ সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ নৈশ সান্ধ্য আইন বলৱৎ থাকিব বুলি কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ নির্দেশনাত উল্লেখ কৰিছে৷ নির্দেশনাটোত ৬৫ বছৰ ঊর্ধ্বৰ আৰু ১০ বছৰ অনূর্ধৰ শিশুৰ লগতে ক্রনিক বেমাৰত আক্রান্ত লোক আৰু গর্ভৱর্তী মহিলাক বাহিৰলৈ ওলোৱা উচিত নহয় বুলি উল্লেখ কৰা হৈছে৷

উল্লেখ্য যে প্রথম পর্যায়ত ২৪ মার্চৰ পৰা ১৪ এপ্রিললৈ, দ্বিতীয় পর্যায়ত ১৫ এপ্রিলৰ পৰা ৩ মে’লৈ, তৃতীয় পর্যায়ত ৪ মে’ৰ পৰা ১৭ মে’লৈ তিনিটা পর্যায়ত ৫৪ দিনীয়া লকডাউন সমাপ্ত হোৱাৰ পিছত আজি নিশাৰে পৰা কার্যকৰী হোৱাকৈ পুনৰ দুই সপ্তাহৰ বাবে বলৱৎ হ’ল লকডাউন ৪.০৷ দেশৰ অর্থনীতিক পুনৰুজ্জীৱিত কৰাৰ বাবে লকডাউন ৩.০ত চর্তসাপেক্ষে বাণিজ্যিক কার্যকলাপ মুকলি কৰি দিয়া হৈছিল৷ ইপিনে লকডাউন ৪.০ৰ সময়তো বাণিজ্যিক কার্যকলাপ অধিক শিথিল কৰি দিব বুলি ধাৰণা কৰা হৈছিল যদিও দেশব্যাপী ক’ভিড–১৯ৰ সংক্রমণ দ্রুতগতিত বৃদ্ধি পাই থকাৰ বাবে লকডাউন ৪.০তো বিভিন্ন ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে৷

দেওবাৰে কেন্দ্রীয় গৃহ মন্ত্রালয়ে জাৰি কৰা নির্দেশনামর্মে আন্তঃৰাজ্যিক যাত্রীবাহী বাহন আৰু বাছ চলাচলত অনুমতি দিয়ে৷ এইক্ষেত্রত যাত্রীবাহী যান–বাহন চলাচল হোৱা সংশ্লিষ্ট ৰাজ্য–কেন্দ্রীয়শাসিত অঞ্চলৰ মাজত পাৰস্পৰিক বুজাবুজি থাকিব লাগিব৷ ৰাজ্যৰ ভিতৰত যাত্রীবাহী বাহন আৰু বাছ চলাচলৰ ক্ষেত্রত সংশ্লিষ্ট ৰাজ্য চৰকাৰ/কেন্দ্রীয়শাসিত অঞ্চলে নিজাকৈ এছ’পি প্রকাশ কৰিব৷ লকডাউন ৪.০ত প্রথমবাৰৰ বাবে দর্শক অবিহনে স্প’টছ কমপ্লেক্স আৰু ষ্টেডিয়াম খোলাত অনুমতি দিয়া হয়৷ আনপিনে লকডাউন ৩.০ ৰ লেখীয়াই হোটেল–ৰেষ্টুৰেণ্ট খুলিব পাৰিব হোম ডেলিভাৰীৰ বাবেহে৷ সকলো জ’নত থকা মলৰ বাহিৰে বজাৰ আৰু দোকান খুলিব পাৰিব৷ সকলো শৈক্ষিক প্রতিষ্ঠান বন্ধ থাকিলেও অনলাইন আৰু দূৰ শিক্ষণ অব্যাহত থাকিব৷ দেশীয় আৰু আন্তর্জাতিক বিমানসেৱা বন্ধ থাকিলেও অত্যাৱশ্যকীয় সামগ্রী/ চিকিৎসা খণ্ডৰ বাবে ঘৰুৱা বিমানসেৱা চলি থাকিব৷ ই–কমার্চৰ ক্ষেত্রত সংশোধিত নির্দেশনা অনুযায়ী কণ্টেইমেণ্ট জ’নৰ বাহিৰে সকলোতে ব্যৱসায় কৰিব পাৰিব৷

পূর্বৰ তিনিটা পর্যায়ৰ লকডাউনৰ দৰে বিদ্যালয়, মহাবিদ্যালয় আৰু শৈক্ষিক–প্রশিক্ষণ প্রতিষ্ঠান সম্পূর্ণৰূপে বন্ধ থাকিব৷ বন্ধ থাকিব মেট্র’ ৰে’লসেৱা, সকলো চিনেমাগৃহ, শ্বপিং মল, জীম, ছুইমিং পুল, সভাগৃহ, থিয়েটাৰ, বাৰ, বিনোদন উদ্যান আদি৷ তেনেদৰে সকলো ৰাজনৈতিক/ সামাজিক/ ক্রীড়া/ বিনোদন/ শৈক্ষিক/ সাংস্কৃতিক/ ধর্মীয় কার্যসূচী/ সমদল আন ৰাজহুৱা সমাৱেশ বন্ধ থাকিব৷ পূর্বৰ লকডাউনৰ দৰে ভক্তৰ বাবে সকলো ধর্মীয় অনুষ্ঠান তথা উপাসনাস্থলী বন্ধ থাকিব৷

   মন কৰিবলগীয়া যে লকডাউন বৃদ্ধি কৰিব নে নকৰিব দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ থকা উৎকণ্ঠাৰ অন্ত পেলাই আজি সন্ধিয়া এনডিএমএ (নেচনেল ডিজেষ্টাৰ মেনেজমেণ্ট অথ’ৰিটী) লকডাউন পুনৰ দুই সপ্তাহ অর্থাৎ ৩১ মে’লৈ বৃদ্ধি কৰা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰি এই সন্দর্ভত কেন্দ্রীয় গৃহ মন্ত্রালয়ে নির্দেশনা জাৰি কৰিব বুলি সদৰী কৰে৷ ইয়াৰ কিছু সময়ৰ পিছতেই কেন্দ্রীয় গৃহ মন্ত্রালয়ে লকডাউন ৪.০ক লৈ যাৱতীয় নির্দেশনা জাৰি কৰে৷

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ১১ মে’ৰ দিনা দেশৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্রীৰ সৈতে ভিডি’ কনফাৰেঞ্চিংযোগে বার্তালাপ কৰি ক’ভিড–১৯ সন্দর্ভত ৰাজ্যৰ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি লকডাউনক লৈ পৰামর্শ আগবঢ়াবলৈ মুখ্যমন্ত্রীসকলক আহ্বান জনাইছিল৷ মুখ্যমন্ত্রীসকলৰ পৰামর্শক প্রাধান্য দিয়ে পৰৱর্তী লকডাউনৰ সিদ্ধান্ত গ্রহণ কৰা হ’ব বুলি প্রধানমন্ত্রী মোদীয়ে দেশবাসীক ইংগিত দিছিল৷ সেইমর্মে ৰাজ্যসমূহে প্রেৰণ কৰা পৰামর্শৰ ভিত্তিতেই চতুর্থ পর্যায়ৰ লকডাউন দেশব্যাপী বলৱৎ কৰিলে চৰকাৰে৷

You might also like