নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শাক–পাচলিৰ পৰিৱর্তে ফ্রীজত সন্তানক ৰাখিলে মাতৃয়ে

🔹 ম’বাইল ফোনৰ নিচা ! ছ’চিয়েল মিডিয়াত শিহৰণ

বিশেষ বাৰ্তা, ২ এপ্রিল : ম’বাইল ফোনৰ নিয়ন্ত্রণত মানুহ নে মানুহৰ নিয়ন্ত্রণত ম’বাইল ফোন ! এতিয়া ম’বাইল ফোন নোহোৱাকৈ এটা মুহূর্তও কটাব নোৱাৰে একাংশ লোকে৷ ম’বাইল ফোনেই যেন সকলো নিয়ন্ত্রণ কৰিছে৷ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে৷ এগৰাকী তৰুণী মাতৃয়ে ম’বাইল ফোনত ব্যস্ত হৈ থাকি শাক–পাচলিৰ পৰিৱর্তে ফ্রীজত নিজৰ শিশু সন্তানক থৈ দিলে৷ কিছু সময় পিছত মহিলাগৰাকীৰ স্বামীয়ে আহি সন্তান ক’ত বুলি বিচাৰে৷ কিন্তু দুয়ো স্বামী–স্ত্রীয়ে ঘৰৰ ভিতৰত বিচাৰি সকলো ওলট–পালট কৰিও সন্তানৰ শুংসূত্র নাপালে৷ ইতিমধ্যে ফ্রীজৰ ভিতৰৰ হিমশীতল অৱস্থাত থকা শিশুটিৰ মৰণ–কাতৰ চিঞৰ শুনাৰ পিছতে দুয়ো পিতৃ–মাতৃয়ে শিশুটিক উদ্ধাৰ কৰি হাস্পতাললৈ নিয়ে৷ এই ঘটনাক লৈ ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছে শিহৰণ৷ অৱশ্যে ঘটনাটো কোন স্থানৰ, সেয়া জানিব পৰা হোৱা নাই৷ কিন্তু ইয়াক লৈ একাংশৰ মাজত সৃষ্টি হৈছে শিহৰণ৷

You might also like