নিয়মীয়া বাৰ্তা, ৬ অক্টোৱৰ : মৰিগাঁৱৰ লাহৰীঘাটত এখন বাইক সহ দুই চোৰক আটক কৰে আৰক্ষীয়ে। লাহৰীঘাট থানাৰ অন্তৰ্গত তিনিচুকীয়াৰ ইমৰাণ হুছেইন নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পদূলী মুখৰ পৰা এখন বাইক চুৰি কৰি চুৰ উধাও হয়। ঘটনা বিবৰণী মতে,ইমৰান হুছেইন নামৰ লোকজনে প্ৰত্যেক দিনা দৰে যোৱা কালিও বিয়লি নিজৰ বাইকখন পদূলী মুখত থৈ দিয়ে। সন্ধিয়াৰ ভাগত বাইকৰ গৰাকীয়ে থোৱা ঠাইত বাইকখন নোপোৱাত হাহাকাৰ পৰিবেশৰ সৃষ্ঠি হয়। লগে লগে স্থানীয় আৰক্ষীক এই ঘটনাৰ বিষয়ে অৱগত কৰে বাইকৰ গৰাকীয়ে। তৎতকালীন ভাৱে লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আমিৰ হুছেইনে বাইক উদ্ধাৰৰ চেষ্টা কৰাৰ লগতে চোৰৰ বিৰুদ্ধে জোৰদাৰ অভিযান অব্যাহত ৰাখে। নিশা প্ৰায় ১০ মান বজাত গোপন খবৰ ভিত্তিত লাহৰীঘাট আৰক্ষীয়ে দুই চোৰৰ সন্ধান লাভ কৰাৰ লগতে চুৰি হোৱা বাইকখন জব্দ কৰিবলৈ সক্ষম হয় । বাইক চুৰিৰ লগত জড়িত থকা দুই চোৰ ক্ৰমে তিনিচুকীয়া মহমৰা পথাৰ গাঁৱৰ ওহিদুল ইছলাম (২৩) আৰু মৰিতলী গাঁৱৰ মকমাদুল হুছেইন (২৫)। নিশাই দুই চুৰ সহ এ এছ – ২১- ৮৪২৩ নম্বৰৰ বাইক খন জব্দ কৰি লৈ আনে আৰক্ষীয়ে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ ভাষ্য অনুসৰি আটকাধীন লোক দুজন দীৰ্ঘদিনৰে পৰা এনে চুৰি কাৰ্য্যৰ লগত জড়িত আছিল। আজি লাহৰীঘাট আৰক্ষীয়ে ধৃত লোক দুজনৰ বিৰুদ্ধে ৩৬৬/২২ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি মৰিগাঁও জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে লাহৰীঘাট আৰক্ষীৰ থানাত কিছুদিন পুৰ্বে দ্বায়িত্ব গ্ৰহন কৰা ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়া আমিৰ হুছেইনে যোগদান কৰা পিছৰে লাহৰীঘাট অঞ্চলত বিভিন্ন অসামাজিক কাৰ্যকলাৰ বিৰুদ্ধে কঠোৰ প্ৰদক্ষেপ গ্ৰহন কৰা পৰিলক্ষিত হৈছে। বিগত দিনত লাহৰীঘাট অঞ্চলৰ পৰা বহুতো ড্ৰাগছ ব্যৱসায়ৰ লোক, জুৱাৰী, তীৰৰ বুকী, চোৰ,আদি অসামিজিক কাৰ্যকলাৰ লগত জয়িত লোকক অতি কৌশলেৰে আটক কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। আৰক্ষী বিষয়া গৰাকীৰ নিচাযুক্ত তথা সমাজবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ প্ৰদক্ষেপ গ্ৰহন কৰা বাবে অঞ্চলটো সচেতন মহলে ভুয়সী প্ৰশংসা কৰে।
প্ৰেৰক আবুল কালাম