নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভূতবাংলো নহয়, এয়া পৰ্যটন ভৱনহে : ধুবুৰীত পৰ্যটন বিভাগৰ ৭৩ লাখটকীয়া অট্টালিকা

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ বিগত কেইবা বছৰৰ পৰাই পৰিত্যাক্ত অৱস্থাত থকা অসম চৰকাৰৰ পৰ্যটন বিভাগে ধুবুৰীত নিৰ্মাণ কৰা কেইবা লাখটকীয়া দুই মহলীয়া অট্টালিকা এটা বৰ্তমানে এৰাবাৰী সদৃশ ৰূপ লোৱা দেখা গৈছে। ২০০৯ চনত নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ অসম চৰকাৰ পৰ্য্যটন বিভাগৰ ৭৩ লাখ টকীয়া সেই অট্টালিকাটোৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছিল ২০১১ চনৰ অন্তিম ফালে। ২০১১ চনৰ ২৫ নভেম্বৰৰ তাৰিখে ৰাজ্যিক পৰ্যটন বিভাগে আনুষ্ঠানিক ভাৱে মুকলি কৰিছিল সেইটো। উপৰ মহলাৰ পৰা বৰ লুইতৰ অপৰূপ নৈসৰ্গিক সৌন্দৰ্য্য উপভোগ কৰাৰ সুৱিধা থকা সেই অট্টালিকাটোৰ তলৰ মহলাত খুলা হৈছিল এটা ৰেষ্টুৰেন্ট। ধুবুৰীৰ স্থানীয় এটি প্ৰতিষ্ঠানে নিবিদা যোগে পৰ্য্যটন বিভাগৰ পৰা সেইটো চলাবলৈ অনুমতি লাভ কৰিছিল৷ জানিব পৰা মতে, ২০১৫ চনলৈ তলৰ মহলাৰ ৰেষ্টুৰেন্টখন চলোৱাৰ পিছত আগলৈ গৈ পৰ্য্যটন বিভাগৰ সৈতে থকা চুক্তিৰ ম্যাদ বৃদ্ধি কৰিবলৈ অনীহা প্ৰকাশ কৰিছিল স্থানীয় সেই প্ৰতিষ্ঠানটোৱে আৰু তেতিয়াৰে পৰাই পৰিত্যাক্ত অৱস্থাত আছে সেইটো। উল্লেখ্য যে, অতি নিম্নমানৰ নিৰ্মাণ কাৰ্য্য চলি থকাৰ সমান্তৰালকৈ কাষেৰে বৈ যোৱা থকা লুইতৰ সোঁতক ভেঁটি দিয়াৰ বাবে যথোপোযুক্ত ব্যৱস্থা লোৱা হোৱা নাই বুলি কিন্তু সেই অট্টালিকাটোৰ নিৰ্মাণ চলি থকাৰ সময়তেই উচ্চাৰিত কৰা পোৱা গৈছিল স্থানীয় একাংশ মহলে। এনে প্ৰেক্ষাপটত, সেই মহল একাংশৰ সন্দেহ সত্যত পৰিণত কৰি সেই ৰেষ্টুৰেন্ট তথা বৰ লুইতৰ নৈসৰ্গিক দৃশ্য দৰ্শনৰ সেই অট্টালিকাটো নিৰ্মাণৰ বাবে পৰ্য্যটন বিভাগে ব্যায় কৰা ৭৩ লাখ টকাৰ সঁচাকৈয়ে শৰাধ ঘটিল নেকি বুলি এক প্ৰশ্ন উত্থাপিত হৈছে আৰু বিষয়টোলৈ ৰাজ্যৰ পৰ্য্যটন বিভাগে এক উচ্চস্তৰীয় তদন্ত কৰাৰ পোষকতা কৰিছে সেই মহল একাংশই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like