নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোহিমাৰ পৰা সন্ধানহীন দুই কিশোৰক নগাঁৱৰ বৰঘাটত উদ্ধাৰ চাইল্ড লাইনৰ

বিশেষ বাৰ্তা, ৬ অক্টোবৰঃ নাগালেণ্ডৰ কোহিমা চহৰৰ পৰা 3 অক্টোবৰত সন্ধানহীন হোৱা দুই কিশোৰক যোৱানিশা নগাঁৱৰ বৰঘাট বাইপাছৰ পৰা উদ্ধাৰ কৰা হয়। নগাঁৱৰ বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে কালি নিশা প্ৰায় আঠ বজাত কিশোৰ দুটিৰ সন্ধান লাভ কৰে।পাছত চাইল্ড লাইনৰ সহযোগত বৰঘাট আৰক্ষী চকীৰ আৰক্ষীয়ে কোহিমাৰ কিশোৰ দুটিক উদ্ধাৰ কৰে। উদ্ধাৰ কৰা কিশোৰ দুটিৰ নাম কিনিক্ৰ ৰেছিহ (১৩) আৰু বেদেহু নাক্ৰ (১৩)।দুয়োৰে ঘৰ নাগালেণ্ডৰ কোহিমাৰ ফৰেষ্ট কলনীত বুলি আৰক্ষী সূত্ৰই জনাইছে। কিশোৰ দুটিক উদ্ধাৰ কৰাৰ পাছত চাইল্ড লাইনে পৰিয়ালৰ লগত যোগাযোগ কৰে। আজি কিশোৰ দুটিৰ পৰিয়ালৰ লোক নগাঁও আহি পোৱাৰ পাছত আনুষ্ঠানিকতা সম্পন্ন কৰি দুয়োকে পৰিয়ালৰ লোকক চমজাই দিয়া হয়। কোহিমাৰ পৰা এই কিশোৰ দুটি কেনেকৈ আহি নগাঁও চহৰৰ বৰঘাট পালেহি সেইয়া এতিয়াও পোহৰলৈ অহা নাই।

প্ৰেৰক কনক হাজৰিকা

You might also like